• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অপ্ৰতিৰোধ্য কিম! এইবাৰ চাবমেৰিনৰ পৰাই দুটাকৈ ক্ৰুজ মিছাইল নিক্ষেপ কৰিলে উত্তৰ কোৰিয়াই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 13, 2023 11:04 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ কোৰিয়াই এখন চাবমেৰিনৰ পৰা দুটা কৌশলগত ক্ৰুজ মিছাইল পৰীক্ষা কৰিছে। পৰীক্ষাটো স্থানীয় সময় অনুসৰি দেওবাৰে নিক্ষেপ কৰা হৈছিল। উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰীয় সংবাদ সংস্থা কেচিএনএ-য়ে সোমবাৰে এই তথ্য প্ৰকাশ কৰিছে।

দক্ষিণ কোৰিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত যৌথ সামৰিক অনুশীলন আৰম্ভ হোৱাৰ আগতে উত্তৰ কোৰিয়াই এক কৌশলগত ক্ৰুজ মিছাইল পৰীক্ষা কৰিলে। সাধাৰণতে, পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াব পৰা মিছাইলৰ ক্ষেত্ৰত ‘কৌশলগত’ শব্দটো ব্যৱহাৰ কৰা হয়।

কেচিএনএ-ৰ প্ৰতিবেদন অনুসৰি, দেওবাৰে পুৱতি নিশা উত্তৰ কোৰিয়াৰ পূব উপকূলৰ ওচৰত ‘৮.২৪ য়ংগুং’ চাবমেৰিনৰ পৰা দুয়োটা মিছাইল নিক্ষেপ কৰা হয়। এই মিছাইলে প্ৰায় ১,৫০০ কিলোমিটাৰ দূৰত সাগৰত পূৰ্ব পৰিকল্পিত লক্ষ্যত আঘাত কৰে।

Apply Now

লগতে পঢ়ক: অস্কাৰত ভাৰতৰ জয়জয়কাৰ! মৌলিক গানৰ বাবে ‘;নাটু নাটু’; তথ্যচিত্ৰ ‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ’লৈ অস্কাৰ

কেচিএনএ-ৰ প্ৰতিবেদনত লগতেকোৱা হৈছে যে এই পৰীক্ষাই মিছাইল উৎক্ষেপণ প্ৰণালীৰ নিৰ্ভৰযোগ্যতা নিশ্চিত কৰিছে। একে সময়তে ই চাবমেৰিন ইউনিটৰ আক্ৰমণ সক্ষমতাও পৰীক্ষা কৰিছে।

উত্তৰ কোৰিয়াৰ ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত দক্ষিণ কোৰিয়াৰ সামৰিক বাহিনী সৰ্বাধিক সতৰ্ক হৈ আছে বুলি জানিবলৈ দিছে দেশখনৰ যুটীয়া চীফ অফ ষ্টাফে। তেওঁ কয় যে দক্ষিণ কোৰিয়াৰ চোৰাংচোৱাই এই ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি কাম কৰি আছে।

দক্ষিণ কোৰিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে আজি ১১ দিনীয়া যুটীয়া সামৰিক অনুশীলন আৰম্ভ কৰিব। অনুশীলনটোৰ নাম ‘ফ্ৰীডম শ্বিল্ড ২৩’ ৰখা হৈছে। পিয়ংইয়ংয়ে এই অনুশীলনত আপত্তি জনাইছে। সেয়েহে অনুশীলন আৰম্ভ হোৱাৰ প্ৰাকমুহূৰ্তত পিয়ংইয়ঙে দুটাকৈ মিছাইল নিক্ষেপ কৰি শক্তি প্ৰদৰ্শন কৰে।

লগতে পঢ়ক: নৃশংস প্ৰেম! পুনৰ যুৱতীক হত্যা কৰি দেহ টুকুৰা টুকুৰ কৰা ঘটনা; অভিযুক্তৰ ফাঁচীৰ দাবী

বৃহস্পতিবাৰে, উত্তৰ কোৰিয়াই এটা কম দূৰত্বৰ বেলিষ্টিক মিছাইল উৎক্ষেপণ কৰিছিল। মিছাইল উৎক্ষেপণৰ কেইঘণ্টামান পিছত উত্তৰ কোৰিয়াৰ নেতা কিম জং-উনে দেশখনৰ সামৰিক বাহিনীৰ এটা গোটৰ সামৰিক প্ৰদৰ্শনী চাইছিল।

পাৰমাণৱিক শক্তিধৰ উত্তৰ কোৰিয়াই এটাৰ পিছত এটা মিছাইল পৰীক্ষা অব্যাহত ৰাখিছে। যোৱা বছৰ দেশখনৰ নেতা কিম জং-উনে ঘোষণা কৰিছিল যে তেওঁৰ দেশৰ অস্ত্ৰাগাৰ সমৃদ্ধ কৰা হ’ব। ইয়াৰ ভিতৰত আছে কৌশলগত পাৰমাণৱিক অস্ত্ৰ।

লগতে পঢ়ক: প্ৰশ্নকাকত ফাদিল! ছেবাই বাতিল কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা

উত্তৰ কোৰিয়াই দাবী কৰি আহিছে যে ইয়াৰ পাৰমাণৱিক অস্ত্ৰ আৰু ক্ষেপণাস্ত্ৰ কাৰ্যসূচী কেৱল আত্মৰক্ষাৰ বাবেহে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপি চৰকাৰৰ নিৰাপত্তা কৰ্তনঃ প্ৰাণৰ ভয়ত হাতত বন্দুক লৈ ঘূৰিছে সাংসদ কীৰ্তি আজাদ

বিজেপি চৰকাৰৰ নিৰাপত্তা কৰ্তনঃ প্ৰাণৰ ভয়ত হাতত বন্দুক লৈ ঘূৰিছে সাংসদ কীৰ্তি আজাদ

June 12, 2026 12:21 pm
পুনৰ দিল্লীত বহুমহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড! অগ্নিদগ্ধ হৈ ৩ জনৰ মৃত্যু, দুজনৰ অৱস্থা সংকটজনক

পুনৰ দিল্লীত বহুমহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড! অগ্নিদগ্ধ হৈ ৩ জনৰ মৃত্যু, দুজনৰ অৱস্থা সংকটজনক

June 12, 2026 12:07 pm
পোহৰলৈ আহিল তৃণমূল কংগ্ৰেছৰ বিসম্বাদী ১৯ গৰাকী সাংসদৰ স্বাক্ষৰিত পত্ৰ, কাৰ কাৰ আছে নাম?

পোহৰলৈ আহিল তৃণমূল কংগ্ৰেছৰ বিসম্বাদী ১৯ গৰাকী সাংসদৰ স্বাক্ষৰিত পত্ৰ, কাৰ কাৰ আছে নাম?

June 12, 2026 11:13 am
ভাৰতীয় শ্বুটিং জগতত শোকৰ ছাঁ; এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী যশপাল ৰানাৰ অকাল বিয়োগ

ভাৰতীয় শ্বুটিং জগতত শোকৰ ছাঁ; এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী যশপাল ৰানাৰ অকাল বিয়োগ

June 12, 2026 11:07 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপি চৰকাৰৰ নিৰাপত্তা কৰ্তনঃ প্ৰাণৰ ভয়ত হাতত বন্দুক লৈ ঘূৰিছে সাংসদ কীৰ্তি আজাদ

বিজেপি চৰকাৰৰ নিৰাপত্তা কৰ্তনঃ প্ৰাণৰ ভয়ত হাতত বন্দুক লৈ ঘূৰিছে সাংসদ কীৰ্তি আজাদ

June 12, 2026 12:21 pm
পুনৰ দিল্লীত বহুমহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড! অগ্নিদগ্ধ হৈ ৩ জনৰ মৃত্যু, দুজনৰ অৱস্থা সংকটজনক

পুনৰ দিল্লীত বহুমহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড! অগ্নিদগ্ধ হৈ ৩ জনৰ মৃত্যু, দুজনৰ অৱস্থা সংকটজনক

June 12, 2026 12:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd