• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লোভৰ প্ৰতিফল! বিমানৰ ককপিটৰ ভিতৰত কফি-মিঠাই খাই নিলম্বিত দুই পাইলট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2023 5:08 pm
SpiceJet
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোভ পূৰণৰ তাগিদাত নিয়ম ভংগ কৰি ৰোষত পৰিছে বিমান পৰিবহণ কোম্পানী স্পাইচজেটৰ দুগৰাকী পাইলট। বিমান যাত্ৰাৰ সময়ত মাজ আকাশত বিমানৰ ককপিটৰ ভিতৰতে কফি আৰু মিঠাই খোৱাৰ অভিযোগত অস্থায়ী নিলম্বনৰ সন্মুখীন হৈছে পাইলট দুগৰাকী।

চলিত সপ্তাহৰ আৰম্ভণিতে স্পাইচজেট বিমানৰ কন্ট্ৰল পেনেলত মুকলিকৈ ৰখা কফি কাপ আৰু মিঠাইৰ ফটো ভাইৰেল হোৱাৰ পিছতে এই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে স্পাইচজেটে। প্ৰকাশিত খবৰ অনুসৰি ফটোখন তোলাৰ সময়ত বিমানখন ৩৭ হাজাৰ ফুট উচ্চতাত আছিল।

এক বিবৃতিত স্পাইচজেটে এই ঘটনাৰ তদন্ত চলাই থকা হৈছে আৰু ছবিখন তোলাৰ অভিযোগত পাইলট দুগৰাকীক অস্থায়ীভাৱে নিলম্বিত কৰা হৈছে বুলি সদৰী কৰে। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত তেওঁলোকৰ বিৰুদ্ধে উপযুক্ত অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি লগতে উল্লেখ কৰা হৈছে।

উল্লেখ্য যে, ভাৰতীয় বিমান পৰিবহণৰ নিয়ম অনুসৰি পাইলট আৰু ক্ৰু ককপিটৰ ভিতৰত খাদ্য আৰু পানীয় সামগ্ৰী থাকিব পাৰে যদিও কঠোৰ নিৰ্দেশনাৰ অধীনতহে সেয়া সম্ভৱ। পানীয়ৰ ক্ষেত্ৰত যাতে ছিটিক পৰিব নোৱাৰে, তাৰ বাবে সকলো কাপৰে ঢাকনি থাকিব লাগে আৰু ট্ৰেত ৰাখিব লাগে।

শেহতীয়া এই ঘটনা ৮ মাৰ্চত দিল্লীৰ পৰা গুৱাহাটীলৈ ৰাওনা হোৱা এখন বিমানত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ভাইৰেল হৈ পৰা ফটোখনত বিমানখনৰ এটা ষ্টাৰ্ট লিভাৰত বিমান সংস্থাটোৰ ল’গ’ থকা এটা অনাবৃত কফি কাপ আৰু পাইলট দুগৰাকীয়ে হাতেৰে ধৰি থকাৰ মিঠাইৰ দৃশ্য দেখিবলৈ পোৱা গৈছিল।

এই ফটোখন ভাইৰেল হৈ পৰাৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু পাইলট দুগৰাকী এনে অসাৱধান আচৰণৰ বাবে কঠোৰ সমালোচনাৰ সন্মুখীন হয়। টুইটাৰত এই ছবিখন প্ৰথমে শ্বেয়াৰ কৰে বিমান বিশেষজ্ঞ মোহন ৰংগনাথনে। তেওঁ পাইলট দুগৰাকীৰ এই কাৰ্যক অপৰাধমূলক বুলি নিন্দা কৰে।

 

⁦@CaptShaktiLumba⁩ ⁦@AwakenIndia⁩ ⁦@leofsaldanha⁩ ⁦@NarendranKs⁩ ⁦@OMRcat⁩ ⁦@jagritichandra⁩ ⁦@nambath⁩ ⁦@JM_Scindia⁩ Samosa and tea at 37000ft, cruising at 0.79M!Even horoscope cant save you if there is an emergency😡 pic.twitter.com/6UfhnDfzOk

— Mohan Ranganathan (@Mohan_Rngnathan) March 14, 2023

মঙলবাৰে ভাৰতৰ বিমান নিয়ন্ত্ৰক অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে এই ফটোখন প্ৰত্যক্ষ কৰি স্পাইচজেটক ক্ৰু সদস্যসকলক তৎক্ষণাত চিনাক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। সঞ্চালকালয়ৰ নিৰ্দেশৰ পিছতে স্পাইচজেটে তাৎক্ষণিক ব্যৱস্থা হিচাপে পাইলট দুগৰাকীক অস্থায়ী নিলম্বন কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd