বিপদত পৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধী। চাৰি বছৰ পুৰণি এক গোচৰত আজি কংগ্ৰেছ নেতাগৰাকীক গুজৰাটৰ চুৰাট আদালতে দুবছৰৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপাধি সন্দৰ্ভত কৰা মন্তব্যক লৈ ২০১৯ চনৰ অপৰাধমূলক মানহানিৰ গোচৰত আদালতে এই শাস্তি প্ৰদান কৰে গান্ধীক।
অৱশ্যে আদালতে কংগ্ৰেছ নেতাগৰাকীক ৩০ দিনৰ জামিন মঞ্জুৰ কৰি এই সিদ্ধান্তৰ বিৰুদ্ধে আপীল কৰিবলৈ অনুমতি দিয়ে। ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৫০৪ ৰ অধীনত ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰা হয়। এই ধাৰাৰ অধীনত সৰ্বাধিক দুবছৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয় অভিযুক্তক।
২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকৰ কোলাৰত এক সভাত নিজ বক্তব্যত গান্ধীয়ে “সকলো চোৰৰ উপাধি মোদী কিয় হয়?” বুলি মন্তব্য কৰিছিল। ইয়াৰ পিছতে বিজেপিৰ বিধায়ক তথা গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোদীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।
এই গোচৰত ইতিপূৰ্বে ২০২১ চনৰ অক্টোবৰ মাহত শেষবাৰৰ চুৰাট আদালতত হাজিৰ হৈছিল গান্ধী। আনহাতে যোৱা সপ্তাহত মুখ্য ন্যায়িক দণ্ডাধীশ এইচ এইচ ভাৰ্মাৰ বিচাৰপীঠে দুয়োপক্ষৰ চূড়ান্ত যুক্তিৰ শুনানিৰ সমাপ্ত কৰি চাৰি বছৰীয়া মানহানি গোচৰত ২৩ মাৰ্চত ৰায়দান কৰা হ’ব বুলি ঘোষণা কৰিছিল।
আজি শুনানিৰ বাবে ৰাহুল গান্ধী চুৰাটত উপস্থিত হোৱাৰ পিছতে ৰাজ্যিক কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে তেওঁক আদৰণি জনায়। ৰাহুল গান্ধীৰ সমৰ্থনত চুৰাটৰ বিভিন্ন স্থানত দলৰ সদস্য তথা সমর্থকসকলে সমবেত হৈ গান্ধীক ‘শ্বেৰ-ই-হিন্দুস্তান’ হিচাপে অভিহিত কৰি পোষ্টাৰ লগায়।
সমবেত সমৰ্থকসকলে লগতে ‘বিজেপিৰ একনায়কত্ববাদৰ আগত কংগ্ৰেছে শিৰণত নকৰে’ বুলি লিখা প্লেকাৰ্ড প্ৰদৰ্শন কৰে। তদুপৰি ভগৎ সিং আৰু সুখদেৱৰ ছবি সংলগ্ন ‘গণতন্ত্ৰৰ সমৰ্থনত চুৰাটলৈ যাত্ৰা’ শীৰ্ষক শ্ল’গান লিখা প্লেকাৰ্ড প্ৰদৰ্শন কৰে কংগ্ৰেছৰ সদস্যসকলে।