কৰ্ণাটকত এগৰাকী বিজেপি বিধায়কে কৰিলে ৰামচন্দ্ৰ মূৰ্তিৰ ওপৰলৈ উঠি যোৱাৰ দুঃসাহস। ৰামৰ মূৰ্তিত ভৰি দি ফটোৰ বাবে পোজ দিলে কৰ্ণাটকৰ বিদাৰ জিলাৰ বাসৱকল্যান বিধান সভা সমষ্টিৰ বিজেপি বিধায়ক শৰণু ছালাগাৰে। ইতিমধ্যে বিষটো সন্দৰ্ভত সমগ্ৰ দেশত প্ৰতিক্ৰিয়াৰ আৰম্ভ হৈছে।
কৰ্ণাটক কংগ্ৰেছৰ ৰাজ্যিক ইউনিটে ৰামৰ মূৰ্তিত ভৰি দি ফটোৰ বাবে পোজ দিয়া ঘটনাক লৈ বিজেপি বিধায়ক শৰণু ছালাগাৰক তীব্ৰ সমালোচনা কৰিছে।
ৰামৰ মূৰ্তিত ভৰি দিয়া বিজেপি বিধায়ক শৰণু ছালাগাৰৰ ৰামভক্তিত সন্দেহ প্ৰকাশ কৰি সচেতন মহলে প্ৰশ্ন কৰিছে যে বিজেপিৰ লগত লগলাগি হিন্দুৰাষ্ট্ৰৰ কথা কোৱা দেশৰ ধৰ্মগুৰু সকলে এই বিষয়ে কিয় মাত মতা নাই।
এই ঘটনাৰ পিছত একাংশই কৈছে যে বিজেপিৰ বাবে ‘ৰাম’ নিৰ্বাচনী ৰাজনীতিৰ সামগ্ৰীহে। এয়া প্ৰকৃত ভক্তি নহয়।
বিৰোধী আৰু সচেতন মহলে এই ফটোখন ছচিয়েল মিডিয়াত আপলোড কৰি বিজেপিৰ বিধায়ক শৰণু ছালাগাৰাই হিন্দুসকলৰ ধৰ্মীয় আৱেগক আঘাত কৰা বুলি অভিযোগ উত্থাপন কৰিছে।
উল্লেখ্য যে আৰু কিছুদিন পিছতেই কৰ্ণাটকত অনুষ্ঠিত হ’ব বিধান সভাৰ নিৰ্বাচন। ইতিমধ্যেই ৰাজ্যখনৰ ৰাজনীতিৰ সোঁত বিজেপিৰ বিৰুদ্ধে ববলৈ আৰম্ভ কৰিছে। এতিয়া বিজেপি বিধায়কৰ এই কাণ্ডই নিৰ্বাচনতো প্ৰভাৱ পেলাব বুলি আশংকা প্ৰকাশ কৰিছে ৰাজনৈতিক বিশ্লেষক সকলে।