দেশজুৰি জোৰদাৰ ৰূপত চলোৱা হৈছে জি-২০ ৰ প্ৰচাৰ। ভাৰতক গণতন্ত্ৰৰ মাতৃ হিচাপে ঘোষণা কৰি বৃহৎ বৃহৎ প্ৰচাৰ হৰ্ডিঙেৰে প্ৰচাৰ চলোৱা হৈছে। পিছে ভাৰতক “গণতন্ত্ৰৰ মাতৃ” বুলি অভিহিত কৰা এই শ্ল’গানক কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰক তীব্ৰতৰ কটাক্ষ কৰিছে কংগ্ৰেছ নেতা শশী থাৰুৰে।
ইন্দোৰত অনুষ্ঠিত এক আলোচনা চক্ৰত নিজ বক্তব্যত থাৰুৰে বিজেপি চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয়। বিজেপি চৰকাৰে সংসদক ৰবৰ ষ্টাম্প বা জাননী ফলক” হিচাপে গণ্য কৰা বুলিও অভিযোগ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।
সংবিধান সংৰক্ষণ আৰু সংবিধান উন্নীতকৰণ শীৰ্ষক আলোচনা চক্ৰত ভাষণ প্ৰদান কৰি থাৰুৰে কয়, “দিল্লীলৈ গ’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাঁহিমুখীয়া মুখখন আৰু আমি ‘গণতন্ত্ৰৰ মাতৃ’ বুলি উল্লেখ কৰা শ্ল’গানেৰে গোটেই চহৰখনতে জি-২০ৰ হৰ্ডিং দেখা পাব।”
“হয়তো তেওঁৰ হাঁহিৰ আঁৰত কিবা কাৰণ আছে। কাৰণ যিদৰে এই মাতৃগৰাকীয়ে কাম কৰি আছে, এয়া গণতন্ত্ৰৰ পৰিপন্থী।”- কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে লগতে কয়।
থাৰুৰে কেন্দ্ৰত শাসনত থকা বিজেপি চৰকাৰে সংসদক “ৰবৰ ষ্টাম্প বা জাননী ব’ৰ্ড” হিচাপে ব্যৱহাৰ কৰি বিৰোধীৰ সৈতে আলোচনা নকৰাকৈয়ে বিধেয়ক গৃহীত কৰাইছিল বুলি অভিযোগ কৰে।
ইফালে স্বাধীনতাৰ পিছত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ) আৰু হিন্দু মহাসভাৰ নেতাসকলে ভাৰতৰ সংবিধানখন ইংৰাজী চিন্তাধাৰাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে আৰু দেশখন হিন্দু ৰাষ্ট্ৰ, হিন্দু জাতি হ’ব লাগে বুলি কৈছিল বুলিও বিস্ফোৰক দাবী কৰে থাৰুৰে।
বিজেপি চৰকাৰে ধৰ্মৰ আধাৰত দেশ চলাবলৈ চেষ্টা কৰিছে বুলি অভিযোগ কৰি তেওঁ বিজেপি চৰকাৰৰ এই নীতিৰ পৰিৱৰ্তে সংবিধানৰ সকলো মৌলিক নীতি দেশত পালন কৰাটো কংগ্ৰেছে বিচাৰে বুলিও দাবী কৰে।