প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শৈক্ষিক অৰ্হতাক লৈ চলি থকা বাক-বিতণ্ডাৰ মাজতে এইবাৰ তিহাৰ কাৰাগাৰত আৱদ্ধ হৈ থকা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াই এক পত্ৰ যোগে প্ৰধানমন্ত্ৰী মোদীৰ শৈক্ষিক অৰ্হতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। এক টুইট যোগে চিছ’দিয়াৰ এই পত্ৰখন প্ৰকাশ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।
প্ৰধানমন্ত্ৰী মোদীক কটাক্ষ কৰি চিছ’দিয়াই কয় যে ভাৰতক আগুৱাই নিবলৈ এগৰাকী শিক্ষিত প্ৰধানমন্ত্ৰীৰ প্ৰয়োজন। চিছ’দিয়াই লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পূৰ্বে কৰা কিছুমান বিশেষ মন্তব্যৰ উদ্ধৃতি দি এনে মন্তব্য সমূহৰ বাবে প্ৰধানমন্ত্ৰীগৰাকী সমগ্ৰ বিশ্বতে হাঁহিৰ পাত্ৰ হৈ পৰিছে বুলি পত্ৰখনত উল্লেখ কৰে।
চিছ’দিয়াই কয়, “প্ৰধানমন্ত্ৰীয়ে লেতেৰা নলাত পাইপ সুমুৱাই লেতেৰা গেছৰ পৰা চাহ বা খাদ্য বনাব পাৰো বুলি কোৱা শুনি মোৰ হৃদয় ভাঙি যায়। নলাৰ পৰা লেতেৰা গেছ ব্যৱহাৰ কৰি চাহ আৰু খাদ্য বনাব পাৰিনে? অৱশ্যে নোৱাৰি।”
“কেতিয়াবা প্ৰধানমন্ত্ৰীয়ে ৰাডাৰে ডাৱৰৰ আঁৰত উৰি থকা বিমান ধৰিব নোৱাৰে বুলি মন্তব্য কৰে। এনে মন্তব্যৰে তেওঁ সমগ্ৰ বিশ্বতে হাঁহিৰ পাত্ৰ হৈ পৰে। স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে তেওঁক উপহাস কৰে।”– চিছ’দিয়াই লগতে কয়।
তেওঁ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে নিজকে শিক্ষিত নহয় বুলি কৰা মন্তব্যকো সমালোচনা কৰি কয়, “এটা ভিডিঅ’ দেখিলো, য’ত প্ৰধানমন্ত্ৰী মোদীয়ে মই ইমান শিক্ষিত নহয় বুলি মন্তব্য কৰিছে। তেওঁ কৈছে যে তেওঁ গাঁৱৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিছিল।” নিজকে অশিক্ষিত বা কম শিক্ষিত বুলি কোৱাটো গৌৰৱৰ অনুভৱ নেকি বুলি মোদীলৈ প্ৰশ্নশেল এৰে চিছ’দিয়াই।
ইফালে দেশৰ শিক্ষিত যুৱক-যুৱতীসকলৰ কথা উল্লেখ কৰি চিছ’দিয়াই কয় যে তেওঁলোকে আকাংক্ষা পূৰণৰ সুযোগ বিচাৰি আছে। এই শিক্ষিত যুৱক-যুৱতীসকলে বিশ্ব জয় কৰিব বিচাৰে তথা বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত কাম কৰিব বিচাৰে বুলি উল্লেখ কৰি চিছ’দিয়াই এগৰাকী অল্পশিক্ষিত প্ৰধানমন্ত্ৰীৰ যুৱক-যুৱতীসকলৰ আকাংক্ষা পূৰণ কৰাৰ ক্ষমতা আছেনে বুলিও প্ৰশ্ন কৰে।
তদুপৰি সমগ্ৰ দেশতে ৬০ হাজাৰ বিদ্যালয় বন্ধ কৰি দিয়া হৈছে বুলিও অভিযোগ কৰে চিছ’দিয়াই। চিছ’দিয়াৰ মতে, জনসংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে চৰকাৰী বিদ্যালয়ৰ সংখ্যাও বৃদ্ধি হ’ব লাগে বুলি মন্তব্য কৰে। দিল্লীৰ উদাহৰণ দি তেওঁ চৰকাৰী বিদ্যালয়ৰ মানদণ্ড উন্নত কৰিব পাৰিলে অভিভাৱকসকলে তেওঁলোকৰ সন্তানক ব্যক্তিগত বিদ্যালয়ৰ পৰা উলিয়াই আনি চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰিব পাৰে বুলি উল্লেখ কৰে।
চৰকাৰী বিদ্যালয় বন্ধ কৰা কাৰ্যক বিপদজনক আখ্যা দি চিছ’দিয়াই চৰকাৰে শিক্ষাক অগ্ৰাধিকাৰ নিদিয়ে বুলি অভিযোগ কৰে। “আমি যদি শিশুক ভাল শিক্ষা দিব নোৱাৰো তেন্তে দেশৰ কেতিয়াও উন্নতি নহয়” বুলি তেওঁ দৃঢ়তাৰে কয়।
চিছ’দিয়ালৈ সমৰ্থন আগবঢ়াই সতীৰ্থ কেজৰিৱালেও দেশৰ বাবে এগৰাকী অশিক্ষিত প্ৰধানমন্ত্ৰী থকাটো বিপজ্জনক বুলি মন্তব্য কৰে। কেজৰিৱালে লগতে প্ৰধানমন্ত্ৰী মোদীয়ে বিজ্ঞানৰ লগতে শিক্ষাৰ গুৰুত্ব বুজি নাপায় বুলিও দাবী কৰে। ভাৰতৰ প্ৰগতিৰ বাবে এগৰাকী শিক্ষিত প্ৰধানমন্ত্ৰী থকাটো প্ৰয়োজনীয় বুলি মন্তব্য কৰে।