• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দেশক প্ৰয়োজন এগৰাকী শিক্ষিত প্ৰধানমন্ত্ৰীৰ: তিহাৰৰ বন্ধ কুঠৰীৰ পৰা মোদীলৈ পত্ৰ চিছ’দিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 7, 2023 5:35 pm
Sisodia to Modi
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শৈক্ষিক অৰ্হতাক লৈ চলি থকা বাক-বিতণ্ডাৰ মাজতে এইবাৰ তিহাৰ কাৰাগাৰত আৱদ্ধ হৈ থকা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াই এক পত্ৰ যোগে প্ৰধানমন্ত্ৰী মোদীৰ শৈক্ষিক অৰ্হতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। এক টুইট যোগে চিছ’দিয়াৰ এই পত্ৰখন প্ৰকাশ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

প্ৰধানমন্ত্ৰী মোদীক কটাক্ষ কৰি চিছ’দিয়াই কয় যে ভাৰতক আগুৱাই নিবলৈ এগৰাকী শিক্ষিত প্ৰধানমন্ত্ৰীৰ প্ৰয়োজন। চিছ’দিয়াই লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পূৰ্বে কৰা কিছুমান বিশেষ মন্তব্যৰ উদ্ধৃতি দি এনে মন্তব্য সমূহৰ বাবে প্ৰধানমন্ত্ৰীগৰাকী সমগ্ৰ বিশ্বতে হাঁহিৰ পাত্ৰ হৈ পৰিছে বুলি পত্ৰখনত উল্লেখ কৰে।

Apply Now

চিছ’দিয়াই কয়, “প্ৰধানমন্ত্ৰীয়ে লেতেৰা নলাত পাইপ সুমুৱাই লেতেৰা গেছৰ পৰা চাহ বা খাদ্য বনাব পাৰো বুলি কোৱা শুনি মোৰ হৃদয় ভাঙি যায়। নলাৰ পৰা লেতেৰা গেছ ব্যৱহাৰ কৰি চাহ আৰু খাদ্য বনাব পাৰিনে? অৱশ্যে নোৱাৰি।”

“কেতিয়াবা প্ৰধানমন্ত্ৰীয়ে ৰাডাৰে ডাৱৰৰ আঁৰত উৰি থকা বিমান ধৰিব নোৱাৰে বুলি মন্তব্য কৰে। এনে মন্তব্যৰে তেওঁ সমগ্ৰ বিশ্বতে হাঁহিৰ পাত্ৰ হৈ পৰে। স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে তেওঁক উপহাস কৰে।”– চিছ’দিয়াই লগতে কয়।

তেওঁ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে নিজকে শিক্ষিত নহয় বুলি কৰা মন্তব্যকো সমালোচনা কৰি কয়, “এটা ভিডিঅ’ দেখিলো, য’ত প্ৰধানমন্ত্ৰী মোদীয়ে মই ইমান শিক্ষিত নহয় বুলি মন্তব্য কৰিছে। তেওঁ কৈছে যে তেওঁ গাঁৱৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিছিল।” নিজকে অশিক্ষিত বা কম শিক্ষিত বুলি কোৱাটো গৌৰৱৰ অনুভৱ নেকি বুলি মোদীলৈ প্ৰশ্নশেল এৰে চিছ’দিয়াই।

ইফালে দেশৰ শিক্ষিত যুৱক-যুৱতীসকলৰ কথা উল্লেখ কৰি চিছ’দিয়াই কয় যে তেওঁলোকে আকাংক্ষা পূৰণৰ সুযোগ বিচাৰি আছে। এই শিক্ষিত যুৱক-যুৱতীসকলে বিশ্ব জয় কৰিব বিচাৰে তথা বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত কাম কৰিব বিচাৰে বুলি উল্লেখ কৰি চিছ’দিয়াই এগৰাকী অল্পশিক্ষিত প্ৰধানমন্ত্ৰীৰ যুৱক-যুৱতীসকলৰ আকাংক্ষা পূৰণ কৰাৰ ক্ষমতা আছেনে বুলিও প্ৰশ্ন কৰে।

তদুপৰি সমগ্ৰ দেশতে ৬০ হাজাৰ বিদ্যালয় বন্ধ কৰি দিয়া হৈছে বুলিও অভিযোগ কৰে চিছ’দিয়াই। চিছ’দিয়াৰ মতে, জনসংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে চৰকাৰী বিদ্যালয়ৰ সংখ্যাও বৃদ্ধি হ’ব লাগে বুলি মন্তব্য কৰে। দিল্লীৰ উদাহৰণ দি তেওঁ চৰকাৰী বিদ্যালয়ৰ মানদণ্ড উন্নত কৰিব পাৰিলে অভিভাৱকসকলে তেওঁলোকৰ সন্তানক ব্যক্তিগত বিদ্যালয়ৰ পৰা উলিয়াই আনি চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰিব পাৰে বুলি উল্লেখ কৰে।

চৰকাৰী বিদ্যালয় বন্ধ কৰা কাৰ্যক বিপদজনক আখ্যা দি চিছ’দিয়াই চৰকাৰে শিক্ষাক অগ্ৰাধিকাৰ নিদিয়ে বুলি অভিযোগ কৰে। “আমি যদি শিশুক ভাল শিক্ষা দিব নোৱাৰো তেন্তে দেশৰ কেতিয়াও উন্নতি নহয়” বুলি তেওঁ দৃঢ়তাৰে কয়।

চিছ’দিয়ালৈ সমৰ্থন আগবঢ়াই সতীৰ্থ কেজৰিৱালেও দেশৰ বাবে এগৰাকী অশিক্ষিত প্ৰধানমন্ত্ৰী থকাটো বিপজ্জনক বুলি মন্তব্য কৰে। কেজৰিৱালে লগতে প্ৰধানমন্ত্ৰী মোদীয়ে বিজ্ঞানৰ লগতে শিক্ষাৰ গুৰুত্ব বুজি নাপায় বুলিও দাবী কৰে। ভাৰতৰ প্ৰগতিৰ বাবে এগৰাকী শিক্ষিত প্ৰধানমন্ত্ৰী থকাটো প্ৰয়োজনীয় বুলি মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd