• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উপাৰ্জন কোটিৰ ঘৰত, অথচ সাধাৰণ জীৱন নিৰ্বাহ : টকাবোৰ ক’ত খৰচ কৰে অৰিজিৎ সিঙে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 9, 2023 7:50 pm
7k
VIEWS
Share on FacebookShare on Twitter

বলিউডৰ এগৰাকী জনপ্ৰিয় তথা ধনী তাৰকা হ’ল কন্ঠশিল্পী অৰিজিৎ সিঙ। দেশে বিদেশে এইগৰাকী গায়কে সংগীত পৰিৱেশন কৰি লাখ লাখ টকা উপাৰ্জন কৰে। বলিউডৰ বহু ৰথী–মহাৰথীক নিজৰ টকাৰে কিনি থ’ব পৰা সক্ষমতা আছে এইগৰাকী গায়কৰ। ইমান সম্পত্তিৰ অধিকাৰী হৈয়ে তেনেই সাধাৰণ জীৱন যাপন কৰে বলিউডৰ কন্ঠশিল্পীগৰাকীয়ে।

কিন্তু দেশ–বিদেশত চিনেমাৰ গান গাই আৰু শ্ব’ কৰি উপাৰ্জন কৰা ধনখিনি কেনেকৈ খৰচ কৰে অৰিজিতে ?

বিশেষ সূত্ৰই দাবী কৰিছে যে অৰিজিতৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৫৫ কোটি টকা। শুনা যায় যে তেওঁ প্ৰতিটো গীত গোৱাৰ বাবদ ১৫ৰ পৰা ২৫ লাখ টকা লয়।

ইয়াৰ উপৰিও বিভিন্ন লাইভ অনুষ্ঠান পৰিৱেশন কৰে শিল্পীগৰাকীয়ে। লাখ লাখ টকাৰ বিনিয়মত তেওঁ এই অনুষ্ঠানসমূহ পৰিৱেশন কৰে।

কিন্তু বহুতে হয়তো জানিবলৈ কৌতুহলী যে শিল্পীগৰাকীয়ে উপাৰ্জন কৰা এই বৃহৎ পৰিমাণৰ ধন তেওঁ কেনেকৈ খৰচ কৰে?

অৰিজিতে সাধাৰণ জীৱন যাপন কৰি ভাল পায় । ডাঙৰ গায়ক, কিন্তু দামী গাড়ী নাই। সাধাৰণ মধ্যবিত্ত শ্ৰেণীৰ দৰেই থাকি ভাল পায় তেওঁ। অৱশ্যে শেহতীয়াকৈ অৰিজিতে মেনেজাৰৰ পৰামৰ্শ মতে এখন ডাঙৰ গাড়ী কিনিবলৈ বাধ্য হয়।

কিছু মাহ পূৰ্বে পুত্ৰ আৰু পত্নীসহ অৰিজিতৰ কিছু ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। জিয়াগাঞ্জৰ মাউণ্ট লিটেৰা জি স্কুলৰ গেটৰ সন্মুখত তেওঁক দেখা গৈছিল শিল্পীজনৰ পৰিয়ালটোক। পুত্ৰক মুম্বাই বা কলকাতাৰ কোনো স্কুললৈ পঠোৱাৰ পৰিৱৰ্তে নিজৰ জিলাৰ এখন স্কুলত ভৰ্তি দিছে শিল্পীগৰাকীয়ে।

তেওঁ নিজৰ উপাৰ্জন বিলাসী জীৱনৰ বাবে নহয়, সমাজৰ কল্যাণৰ বাবে খৰচ কৰে।

শৈশৱত অধ্যয়ন কৰা ৰাজা বিজয় সিং বিদ্যামন্দিৰৰ বিদ্যালয়ৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছে অৰিজিতে। বিদ্যালয়খনৰ উন্নয়নৰ বাবে উদ্যোগ লৈছে তেওঁ। বিদ্যালয়ৰ খেলপথাৰখন দীৰ্ঘদিন ধৰি অৱহেলিত হৈ পৰিছিল। অৰিজিত সিঙৰ তত্বাৱধানত সেই খেলপথাৰখন ছাত্ৰ–ছাত্ৰীৰ বাবে উপযোগী কৰি তুলি ইতিমধ্যে খেলপথাৰখন ছাত্ৰ–ছাত্ৰীৰ বাবে মুকলি কৰি দিয়া হৈছে।

ইয়াৰ উপৰিও অৰিজিৎ সিঙৰ আছে এটা নিজা স্বেচ্ছাসেৱী সংগঠন। জিয়াগাঞ্জত এখন উন্নত চিকিৎসালয় নিৰ্মাণ কৰাৰ কথাও ভাবিছে শিল্পীগৰাকীয়ে।

মহামাৰীৰ সময়ত কণ্ঠশিল্পীগৰাকীয়ে মুৰ্ছিদাবাদত চিকিৎসাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবেও ধন আগবঢ়াইছিল।

ইয়াৰ বাহিৰেও অৰিজিতে উপাৰ্জনৰ এক বৃহৎ অংশ জিয়াগঞ্জৰ চিকিৎসালয়ৰ উন্নয়ন, দৰিদ্ৰ শিশুৰ হৃদ চিকিৎসা আৰু সংগীত বিদ্যালয় নিৰ্মাণৰ কামত ব্যয় কৰে।

জিয়াগাঞ্জত বিনামূলীয়া ইংৰাজী শিক্ষাৰ প্ৰশিক্ষণো মুকলি কৰিছে তেওঁ। আচলতে অৰিজিতৰ একমাত্ৰ লক্ষ্য নিজৰ স্বাৰ্থ নহয়, সমাজৰ সামগ্ৰিক উন্নতিয়েই অৰিজিতৰ স্বপ্ন।

Recent News

নগাঁৱৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা কিশোৰী গুৱাহাটীত উদ্ধাৰ

নগাঁৱৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা কিশোৰী গুৱাহাটীত উদ্ধাৰ

‘Yellow Glow Water’ ট্ৰেণ্ডক লৈ সকলো উদ্বাউল হৈ পৰিছে, কথাটো কি জানেনে? আঁৰত কি আছে?

‘Yellow Glow Water’ ট্ৰেণ্ডক লৈ সকলো উদ্বাউল হৈ পৰিছে, কথাটো কি জানেনে? আঁৰত কি আছে?

অসম কংগ্ৰেছৰ প্ৰচাৰত ৫ হাজাৰ ইছলামিক দেশৰ ছ’চিয়েল মিডিয়া একাউণ্ট জড়িত থকাৰ অভিযোগ! তুংগত উঠিছে হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছৰ মাজৰ বাক-বিতণ্ডা

অসম কংগ্ৰেছৰ প্ৰচাৰত ৫ হাজাৰ ইছলামিক দেশৰ ছ’চিয়েল মিডিয়া একাউণ্ট জড়িত থকাৰ অভিযোগ! তুংগত উঠিছে হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছৰ মাজৰ বাক-বিতণ্ডা

দুমাহৰ পিছত প্ৰাণ ঘূৰি আহিছে পেহেলগামলৈ : পুনৰ পৰ্যটকেৰে ভৰি পৰিছে ভূস্বৰ্গ

দুমাহৰ পিছত প্ৰাণ ঘূৰি আহিছে পেহেলগামলৈ : পুনৰ পৰ্যটকেৰে ভৰি পৰিছে ভূস্বৰ্গ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd