চলিত সপ্তাহত অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণৰ সময়ত অসমত ৮৫০০ কোটি টকাৰ প্ৰকল্প মুকলি কৰিব মোদীয়ে। এই কথা জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
প্ৰধানমন্ত্ৰী মোদীয়ে অসমত আৰম্ভ কৰিবলগীয়া প্ৰকল্পসমূহৰ ভিতৰত আছে: এইমছ আৰু আন চাৰিখন চিকিৎসালয়, ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং আৰু এটা মিথানল প্লাণ্ট।
উল্লেখ্য যে, অহা ১৪ এপ্ৰিলত গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে, পুৱা ১১:৩০ বজাত গুৱাহাটীত অৱতৰণ কৰাৰ পিছত আই আই টি গুৱাহাটীত উপস্থিত হ’ব মোদী।
তাৰ পাছত তেওঁ চাংসাৰিত উপস্থিত হৈ ১১২৩ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এইমছ উদ্বোধন কৰিব। এইমছ চৌহদৰ পৰাই তেওঁ নলবাৰী, নগাঁও আৰু কোকৰাঝাৰ জিলাৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ো ভাৰ্চুৱেলি উদ্বোধন কৰিব।
প্ৰধানমন্ত্ৰী মোদীয়ে আই আই টি গুৱাহাটী চৌহদৰ ভিতৰতে এখন গৱেষণা চিকিৎসালয়ৰ আধাৰশিলাও স্থাপন কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে।
তেওঁ লগতে উল্লেখ কৰা মতে, প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰ্চুৱেলি ১১ কোটি লোকক হেল্থ কাৰ্ড বিতৰণ কৰিব আৰু ইয়াৰ জৰিয়তে তেওঁলোকে প্ৰতি বছৰে ৫ লাখ টকাৰ হেল্থ কভাৰ লাভ কৰিব মুখ্যমন্ত্ৰী শৰ্মাই প্ৰকাশ কৰে।
শৰ্মাই লগতে জানিবলৈ দিয়া মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানতো ভাষণ দিব।
ইয়াৰ পিছতে সন্ধিয়া প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামৰ পৰা ভাৰ্চুৱেলি তিনিটা প্ৰকল্পও উদ্বোধন কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে সদৰী কৰে।
এই প্ৰকল্পসমূহৰ ভিতৰত আছে, ডিব্ৰুগড় জিলাৰ নামৰূপত মিথানল প্লাণ্ট, শিৱসাগৰৰ ৰং ঘৰৰ ১০০ কোটি টকাৰ সৌন্দৰ্যবৰ্ধনৰ কাম আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত পলাসবাৰী-শুৱালকুছি দলং নিৰ্মাণৰ কাম।
প্ৰধানমন্ত্ৰী মোদীৰ এই দিনযোৰা ভ্ৰমণৰ সামৰণি পৰিব গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্তিৰ লক্ষৰে প্ৰদৰ্শন হ’বলগীয়া বিহুৰ কাৰ্যসূচীৰে।
মুখ্যমন্ত্ৰীৰ ভাষ্য মতে, ১১,০১০ গৰাকী নাচনী আৰু ঢোলবাদকে প্ৰদৰ্শন কৰিবলগীয়া ১৫ মিনিটৰ এই কাৰ্যসূচী প্ৰত্যক্ষ কৰাৰ পিছত ষ্টেডিয়ামত জনসাধাৰণক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।