• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শৌচালয়ত বহু সময় কটাই নেকি? সাৱধান, হ’ব পাৰে ভয়ানক ৰোগ।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 13, 2023 11:34 am
10.6k
VIEWS
Share on FacebookShare on Twitter

বহুতৰে এই অভ্যাসটো থাকে। ৰাতিপুৱা শৌচালয়ত সোমাই কুমুদত বহি লয়। তাৰপিছত বাতৰি কাকত, আলোচনী বা মবাইল ফোন চাই নাইবা বিভিন্ন কথাবোৰ ভাবি ভাবি যথেষ্ট সময় কটাই দিয়ে শৌচালয়তে। শৌচালয়ত বহি বাতৰি–কাকত বা মবাইলত ইমান বিভোৰ হৈ পৰে যে কিমান সময় পাৰ হৈ গ’ল গমেই নাপাই।

বিশ্বব্যাপী কৰা এক সমীক্ষাত প্ৰায় ৭৩ শতাংশ লোকে শৌচাগাৰত নিজৰ ফোন ব্যৱহাৰ কৰা বুলি স্বীকাৰ কৰিছে। ১৮ৰ পৰা ২৯ বছৰ বয়সৰ লোকৰ মাজত এই সংখ্যা বহু বেছি।

বহুতে আকৌ শৌচালয়ত বহি দীঘলীয়া সময় কিবা কিবি ভাবি থাকি বা না না কথা কল্পনা কৰি থাকিবলৈ ভাল পায়। ইয়াৰো আছে এক সুকীয়া আমেজ।

আাপুনি এটা কথা জানেনে যে দীৰ্ঘ সময় ধৰি শৌচালয়ত বহি থকাৰ ফলত আপোনাৰ শৰীৰত দেখা দিব পাৰে কিছুমান জটিল ৰোগে।

শৌচালয়ত দীৰ্ঘ সময় বহি থকাৰ ফলত কি কি ৰোগ হ’ব পাৰে?

অৰ্শ ৰোগ –

শৌচালয়ত বহু সময় বহি শৌচ কৰিবলৈ থাকিলে মলদ্বাৰৰ সিৰাবোৰত হেঁচা পৰে। যাৰ ফলত ইহঁত ফুলি উঠিব পাৰে আৰু বিৰক্তি বা বিষৰ সৃষ্টি কৰিব পাৰে। ফলত অৰ্শ ৰোগ সৃষ্টি হ’ব পাৰে। ইয়াক পাইলছ বা কেঁচুমূৰীয়আ বুলিও কোৱা হয়।

প্ৰস্ৰাৱৰ সংক্ৰমণ –

শৌচাগাৰত বেছি সময় বহি থাকিলে প্ৰস্ৰাৱৰ নলীত বেক্টেৰিয়া জমা হ’ব পাৰে। তাৰ পৰা সংক্ৰমণৰ সৃষ্টি হ’ব পাৰে। গতিকে ১০ মিনিটতকৈ অধিক সময় শৌচাগাৰত বহি থকাৰ পৰা বিৰত থাকক। লগতে সংক্ৰমণৰ পৰা হাত সাৰিবলৈ সদায় নিজকে পৰিষ্কাৰ কৰি ৰাখক।

গুৰুতৰ স্বাস্থ্যজনিত সমস্যা – শৌচাগাৰত ১০ মিনিটতকৈ অধিক সময় কটালে গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ লক্ষণে দেখা দিব পাৰে। যেনে আই বি এছ (ইৰিটেবল বৱেল চিনড্ৰম) বা ক্ৰ’ন’ছ ডিজিজ। আই বি এছ বা ক্ৰ’ন’ছ ৰোগীয়ে স্থায়ী ডায়েৰিয়া বা কোষ্ঠকাঠিন্যত ভুগিব পাৰে।

ইয়াৰ উপৰিও শৌচাগাৰত বেছি সময় কটালে প্ৰয়োজনতকৈ অধিক পানী ব্যৱহাৰ হয়, আৰু দৈনন্দিন কাম–কাজত ব্যাঘাত জন্মায়। বহুতে ৰাতিপুৱা শৌচাগাৰ কামত ইমান সময় কটাই যে স্কুল–কলেজ বা কামলৈ যাবলৈ পলম হয়। ই অফিচলৈ যোৱা, স্কুললৈ যোৱা আদি দৈনন্দিন কাম–কাজত বাধা দিয়ে।

গতিকে শৌচাগাৰত অবাবত সময় নষ্ট কৰাৰ অভ্যাস আজিয়েই বাদ দিয়ক।

Recent News

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd