• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

জেতুকা জেতুকা দুহাতত জেতুকা… জেতুকা আৰু ইয়াৰ ঔষধি গুণসমূহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 14, 2023 10:02 am
Bihu heena
40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জেতুকা এবিধ সকলোৰে পৰিচিত উদ্ভিদ। ৰঙালী বিহুত জেতুকা নহলেই নহয়। ৰঙালী বিহুৰ বাহিৰেও বছৰৰ আন আন সময়ত অসমৰ মানুহে ৰং লগাবলৈ বা বিভিন্ন ৰোগৰ ঔষধ হিচাপে জেতুকা ব্যৱহাৰ কৰে।

আজি আমি জেতুকাৰ ঔষধি গুণবোৰৰ বিষয়ে জানি লওঁ আহক

শ শ বছৰৰ আগৰ পৰাই পৃথিৱীৰ বিভিন্ন অঞ্চলৰ বিভিন্ন সাংস্কৃতিক, সামাজিক আৰু ঔষধি গছ হিচাপে জেতুকাৰ ব্যৱহাৰ হৈ আহিছে। জেতুকাই মানুহৰ দেহ-মন পুলকিত কৰি আনন্দ আৰু সৌন্দর্য বর্ধন কৰি আহিছে। ইয়াৰ ঔষধি গুণো অতি আশ্চর্যজনক আৰু চমৎকাৰ।

Apply Now

ভাৰতীয় বিভিন্ন ভাষাত জেতুকাৰ বিভিন্ন নাম আছে। ইংৰাজীত জেতুকাক হেন্না (Henna) বোলা হয়। ইয়াক অসমীয়াত— জেতুকা, সংস্কৃতত- মদায়নটিকা, হিন্দীত-মেহেন্দি, মাৰাঠীত মেহাদি। তেলেগুত-গৰান্টা, মালায়ালামত- মেটলান্সি বোলা হয়। ইয়াৰ বৈজ্ঞানিক নাম- লাউচনিয়া ইনাৰমিচ।

অসমৰ লোক-সংস্কৃতিৰ প্রতীক ৰঙালী বিহুত পৰিয়ালৰ ল’ৰা-ছোৱালী, ডেকা-গাভৰুৱে অতীজৰে পৰা জেতুকা ব্যৱহাৰ কৰি আহিছে৷ ৰঙালী বিহুৰ আগদিনা অর্থাৎ চ’ত মাহৰ দোমাহীৰ দিনা ৰাতি আহাৰ খোৱাৰ পিছত খুন্দি লোৱা জেতুকা হাত-ভৰিত বান্ধে।

জেতুকাৰ কুমলীয়া পাত খুন্দি তাত কেহৰাজ, ডালিমৰ কুমলীয়া পাত, বৰং থেকেৰা, পাণৰ পিপলি, চূণ, কেঁচা হালধিৰ কেইটাপালমান ৰস আৰু চাহপাতৰ ৰস মিহলাই হাতৰ তলুৱাত গোটেই ৰাতিটো বা কেইঘণ্টামান বান্ধি ৰাখিলেই অতি ধুনীয়া ৰং উঠে।

জেতুকাৰ বনৌষধি গুণবোৰ

ছালৰ ৰোগৰ বাবে জেতুকা এবিধ মহৌষধ। হাতৰ বা ভৰিৰ তলুৱাৰ হোৱা খজুৱতি নিৰাময়ৰ বাবে জেতুকা এবিধ উপকাৰী দৰৱ।

নখচুকীয়া, নখ খৰ, নখ ফটা, নখৰ চুকত বিষ হোৱা, ফুলি যোৱা আদি ৰোগ জেতুকাৰে নাশ কৰিব পাৰি।

জেতুকা চুলিত ব্যৱহাৰ কৰিলে চুলি পকা বন্ধ হয় আৰু উফিৰ পৰাও বাচি থাকিব পাৰি।

জেতুকাৰ ৰস শৰীৰৰ গা-মুখ, কঁকাল, পিঠিত ঘঁহিলে ছাল মসৃণ হয় আৰু ঘামচি ভাল হয় ।

শৰীৰৰ দুৰ্গন্ধ, ঘাম আদিৰ পৰা পৰিত্ৰাণ পাবলৈ পানীত জেতুকা পাতৰ ৰস । পাঁচ-ছয় দিন পৰ্যন্ত এনেদৰে গা-ধুলে শৰীৰৰ দুৰ্গন্ধ, ঘাম আদি কমি যাব। বনৌষধি বিশেষজ্ঞ প্ৰয়াত গুণাৰাম খনিকৰ দেৱে এই মিশ্ৰণেৰে ‘দুৰ্গন্ধনাশক’ বড়ি তৈয়াৰ কৰি বহু লোকক আৰোগ্য কৰিছিল। তেওঁলোকৰ ঘাম আৰু শৰীৰৰ দুৰ্গন্ধ নাশ হৈছিল।

মুখৰ ভিতৰত ঘা হোৱা, জিভাত ফোঁহা উঠি আদি সমস্যাত জেতুকাৰ কেইখিলামান পাত চোবাই ৰস খালে ভাল হয়।

ভৰিৰ পোৰণি, ভৰিৰ বিষ আদি সমস্যাৰ উদ্ভৱ হোৱা দেখা যায়। ভৰিত পোৰণিৰ লগতে ভৰি কুট-কুটোৱা, জিনজিনোৱা, বিষ হোৱা আদি লক্ষণত জেতুকা পাতৰ ৰস প্রস্তুত কৰি সানিব লাগে। দিনে দুই-তিনিবাৰ পাঁচ-ছয় দিন।

জেতুকাৰ পাতৰ ৰস আৰু শিলিখাৰ ৰস সম পৰিমাণে লৈ মূৰ ধুলে চুলিসৰা বন্ধ হয়।

ইয়াৰ উপৰিও আন বহুতো ৰোগত জেতুকাক বন দৰৱ হিচাপে ব্যৱহাৰ কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

June 17, 2026 7:21 pm
৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd