আজি বিয়লি ৩.৭ প্ৰাবল্যৰ এক মৃদু ভূমিকম্পই জোকাৰি যায় অসম। স্থানীয় সময় অনুসৰি আবেলি ৪.৫২ বজাত গুৱাহাটীৰ উপকণ্ঠত ভূমিকম্পটোৰ উৎপত্তি হয়।
এক টুইট যোগে National Center for Seismology (NCS) – এ সদৰী কৰা তথ্য অনুসৰি ভূমিকম্পটোৰ গভীৰতা আছিল প্ৰায় ১০ কিলোমিটাৰ।
বিভাগৰ তথ্য অনুসৰি ভূটান আৰু বাংলাদেশৰ কিছু অংশৰ উপৰিও চুবুৰীয়া মেঘালয়ৰ ৰি-ভোই জিলাতো ৪.৭ প্ৰাবল্যৰ ভূমিকম্পৰ কম্পন অনুভূত হয়।
Earthquake of Magnitude:3.7, Occurred on 17-04-2023, 16:52:27 IST, Lat: 26.22 & Long: 91.54, Depth: 10 Km ,Location: Kamrup, Assam, India for more information Download the BhooKamp App https://t.co/lIyRbcYsLe@Indiametdept @ndmaindia @Dr_Mishra1966 @Ravi_MoES @OfficeOfDrJS pic.twitter.com/dru4COoCtq
— National Center for Seismology (@NCS_Earthquake) April 17, 2023
অৱশ্যে, ভূমিকম্পটোৰ ফলত কোনো ক্ষতি বা হতাহত হোৱাৰ কোনো তাৎক্ষণিক খবৰ এইপৰ্যন্ত পোৱা নাই।