লংকা আৰক্ষীয়ে সোমবাৰে গুৱাহাটী মহানগৰীত অভিযান চলাই হোজাইৰ লংকাৰ কছাৰী গাঁৱৰ পৰা অপহৃত এগৰাকী নাবালিকাক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
অপহৃত নাবালিকাগৰাকীক অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ লগতে অপহৰণ কৰাৰ অভিযোগত গুৱাহাটীৰ হাতীগাঁৱৰ পৰা এজন যুৱকক গ্ৰেপ্তাৰ কৰে লংকা আৰক্ষীয়ে।
ধৃত যুৱকজনৰ নাম নাইমুল ইছলাম।
ইয়াৰ পূৰ্বে যোৱা নিশা গুৱাহাটীৰ হাউচফেড ৰোডৰ পৰা অপহৃত দুজন ব্যৱসায়ীক উদ্ধাৰ কৰিছিল মহানগৰ আৰক্ষীয়ে।
খবৰ অনুসৰি গুৱাহাটী ৰেলৱে ষ্টেশ্যনৰ পৰা অপহৰণ কৰি গুৱাহাটীৰ হাতীগাঁৱৰ হাউছফেডৰ এটা কোঠাত বন্দী ৰখা হৈছিল ব্যৱসায়ী দুজনক।
ব্যৱসায়ী দুজনৰ মুক্তিৰ বাবে ১০ লাখ টকা মুক্তিপণ দাবী কৰিছিল অপহৰণকাৰীয়ে।
ইফালে এই ঘটনাৰ লগত জড়িত সন্দেহযুক্ত অপহৰণকাৰী ড্ৰাগছ মাফিয়া ফাৰুক পলাতক অৱস্থাত আছে।
ইতিমধ্যে মহানগৰ আৰক্ষীয়ে ফাৰুকৰ পত্নী অলি দেৱী নাথক এই গোচৰৰ সন্দৰ্ভত সোধা–পোছাৰ বাবে আটক কৰিছে।





