• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গৰু বন্ধ কৰি চলোৱা হৈছে নেকি ম’হৰ চিণ্ডিকেট : আপৰ সংবাদমেলত বিস্ফোৰক তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 21, 2023 3:32 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত চলি থকা ম‘হ ছিণ্ডকেট সন্দৰ্ভত আজি গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত এখন সংবাদ মেল আয়োজন কৰে আপ, অসমে। আপ, অসমৰ উপ–সভাপতি জিতুল ডেকাই এই সংবাদ মেলত ম‘হৰ সৰবৰাহ তথা ছিণ্ডিকেট সম্পৰ্কত কেতবোৰ চাঞ্চল্যকৰ তথ্য দাঙি ধৰি কয় যে Assam Cattle Preservation ( Amendment) Act, 2021 বলবৎ হোৱাৰ পিছৰে পৰা বৰ্তমানলৈ বহি:ৰাজ্যৰ পৰা অসমৰ মাজেৰে হাজাৰ হাজাৰ ম‘হ বাংলাদেশলৈ চোৰাংভাৱে চালান দিয়া হৈছে।

গো–সুৰক্ষা আইন বলৱৎ হোৱাৰ পিছৰে পৰা বিভিন্ন প্ৰতিষ্ঠান / ফাৰ্মৰ নামত ছিণ্ডিকেট চক্ৰই অসমলৈ ম‘হৰ সৰবৰাহ কৰি ম‘হবোৰ বাংলাদেশলৈ চালান দিছে। বৈধ নথি–পত্ৰ প্ৰস্তুত কৰি এই চক্ৰটোৱে অসমৰ বিভিন্ন জিলালৈ কৃষিকাৰ্য কৰা, দুগ্ধ উৎপাদন বা ফাৰ্ম খোলাৰ নামত বহি:ৰাজ্যৰ পৰা অসমলৈ ট্ৰাক আৰু ৰে‘লযোগে ম‘হ সৰবৰাহত নামি পৰিছে। কিন্তু অসমলৈ সৰবৰাহ কৰা এই ম‘হবোৰ প্ৰকৃততে অসমত আছেনে? যদি আছে এই ম‘হবোৰ কি কাৰ্যত ব্যৱহাৰ কৰা হৈছে, সেয়া নিৰীক্ষণ কৰাৰ কোনো ব্যৱস্থা নাই চৰকাৰৰ।

Apply Now

সহজ ভাষাত কবলৈ গ‘লে এয়াও ম‘হ ছিণ্ডিকেটৰ এটা অংশ। অসমত প্ৰৱেশ কৰোৱাৰ পিছত ম‘হবোৰ যে বাংলাদেশলৈ চালান দিয়া হয়, সেয়া চৰকাৰী পক্ষই জানে। গতিকে ম‘হৰ জাকবোৰ অসমৰ চাৰিসীমাত প্ৰৱেশ কৰোৱাৰ পিছত মেঘালয় হৈ বাংলাদেশলৈ চালান দিয়াৰ পথ মোকলাই দিয়া হয়। বাংলাদেশলৈ চালান দিবলৈ অনাৰ বাবে ম‘হ সৰবৰাহ কৰা চক্ৰটোৱে শ্ৰীৰামপুৰত ছিণ্ডিকেট চক্ৰক ৪/৪.৫ লাখকৈ টকা আদায় দি আছে।

অসমত গো–সুৰক্ষা আইন আছে, তাৰ বাবে গো বধ আৰু সৰবৰাহ বন্ধ আছে। গৰু যি দৰে জীৱ, ম‘হবোৰো জীৱ। অথচ গৰুৰ সুৰক্ষা আছে, কিন্তু ম‘হৰ সুৰক্ষা নাই, এইটো কেনে কথা? মুখ্যমন্ত্ৰীয়ে কৈছে ম‘হ অনাত বাধা নাই। ছিণ্ডিকেটত তেওঁ নজৰো দিয়া নাই। এই কথাই ম‘হৰ চোৰাং ব্যৱসায় কৰা, চিণ্ডিকেট চলোৱাসকলক উৎসাহিতহে কৰিছে। তাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে এই অভিযোগ সন্দৰ্ভত তদন্তহে দিব লাগিছিল।

হাগ্ৰামা মহিলাৰীয়ে ছিণ্ডিকেটৰ ধন সংগ্ৰহ কৰা ব্যক্তিৰ নাম সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। এজন জন প্ৰতিনিধিয়ে স্পষ্টকৈ এনে অভিযোগ অনাৰ পাছতো কিয় আজিলৈকে কোনো তদন্ত দিয়া হোৱা নাই? যিখন চৰকাৰে সাধাৰণ এটা ফে‘চবুক পোষ্টৰ ওপৰত ভিত্তি কৰি গোচৰ ল‘ব পাৰে, সেইখন চৰকাৰে ইমান ডাঙৰ অভিযোগ অনাৰ পাছতো কিয় এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। সততে বিৰোধী দলৰ নেতাৰ বিৰুদ্ধে মিছা অভিযোগত চি বি আই তদন্ত দিয়া বিজেপি চৰকাৰে এই ছিণ্ডিকেটৰ তদন্তৰ দায়িত্ব চি বি আইক নিদিয়ে কিয়? দুৰ্নীতিৰ কথা শুনিলে মুখ্যমন্ত্ৰীয়ে নিজে ৰাইজক অৱগত কৰিবলৈ আহ্বান জনাইছিল।

এতিয়া ৰাজহুৱাকৈ ম‘হ ছিণ্ডিকেটৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো মুখ্যমন্ত্ৰী কিয় নীৰৱে আছে বুলি সংবাদ মেলত আপ,অসমে প্ৰশ্ন কৰে। আজিৰ সংবাদ মেলত আপৰ উপ সভাপতি কমল কুমাৰ মেধি আৰু ৰাজ্যিক মেডিয়া সমন্বয়ক জয়ন্ত কলিতাও উপস্থিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd