পুনেত অনুষ্ঠিত ৰাষ্ট্ৰীয় কল্পতৰু ফেষ্টিভেল -২০১৮ ত শ্ৰেষ্ঠতা প্ৰদৰ্শনেৰে অসমলৈ গৌৰব কঢ়িয়াই আনিলে বিশ্বনাথৰ নৃত্যাঞ্জলী কলা নিকেতনৰ শিক্ষাৰ্থীসকলে।
ৰাষ্ট্ৰীয় কল্পতৰু ফেষ্টিভেল -২০১৮ ত অনুষ্ঠিত প্ৰতিযোগিতাত বিশ্বনাথ চাৰিআলিৰ নৃত্যাঞ্জলী কলা নিকেতনৰ পৰা যোগদান কৰা ১১ জনীয়া দলটোৰ ভিতৰৰ জুনিয়ৰ শাখাত সত্ৰীয়াৰ একক নৃত্যত জংকী বৰাই প্ৰথম শ্ৰেষ্ঠ, ময়ুৰাক্ষী বাঢ়ৈয়ে দ্বিতীয় আৰু জনশ্ৰুতি কলিতাই তৃতীয় শ্ৰেষ্ঠৰ খিতাপ দখল কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷
একেদৰে ছিনিয়ৰৰ শাখাত ঋতুষ্মিতা কৃষ্ণাত্ৰেয়ই প্ৰথম, বিদূষী কাশ্যপে দ্বিতীয় আৰু তৃতীয় স্থানেৰে প্ৰিয়া দত্তই অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷
দ্বৈত শাখাৰ প্ৰতিযোগিতাতো জুনিয়ৰ শাখাত বেষ্ট অফ দ্য বেষ্ট ৰ খিতাপ দখল কৰিছে বিদূষী কাশ্যপ আৰু অংকিতা বৰাই l একেদৰে ছিনিয়ৰ শাখাটো বেষ্ট অফ দ্যা বেষ্ট ৰ খিতাপ দখল কৰিছে ঋতুষ্মিতা কৃষ্ণাত্ৰেয় আৰু প্ৰিয়া দত্তই ৷
নৃত্যাঞ্জলী কলা নিকেতনৰ গুৰু তথা বিশ্বনাথ চাৰিআলিৰ বিএড কলেজৰ প্ৰৱক্তা অংকুমণি কপিলৰ তত্বাৱধানত শিক্ষা গ্ৰহণ কৰা আৰু কপিলৰ নেতৃত্বতে পুনেলৈ গৈ এই দলটোৱে এনেদৰে অসমৰ নাম উজলাই তুলিবলৈ সক্ষম হৈছে ৷
নৃত্যাঞ্জলি কলা নিকেতনৰ শিক্ষাৰ্থীৰ সাফল্যত বিশ্বনাথ চাৰিআলিৰ বিভিন্ন দল -সংগঠন আৰু ৰাইজে আদৰণি জনাইছে l তদুপৰি, নৃত্যাঞ্জলী কলা নিকেতনৰ অধ্যক্ষ ডাঃ লোহিত শৰ্মায়ো কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷
নৃত্যাঞ্জলী কলা নিকেতনৰ গুৰু অংকুমণি কপিলৰ প্ৰচেষ্টাৰ প্ৰতি শলাগ লৈছে অভিভাৱকৰ লগতে সমগ্ৰ বিশ্বনাথ বাসী ৰাইজে। বৰ্তমান সময়ত অসমৰ সত্ৰীয়া নৃত্যক বৰ্হিৰাজ্যৰ লগতে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ এক বিশেষ পৰিচয় আগবঢ়োৱা বাবে ৰাজ্য চৰকাৰে লব লগা বিশেষ পদক্ষেপৰ লগতে এই ক্ষেত্ৰত সহায় সহযোগিতাৰ যথেষ্ট প্ৰয়োজন আছে বুলি ব্যক্ত কৰিছে অভিভাৱকৰ লগতে নিকেতন খনৰ গুৰু অংকুমণি কপিলে |