• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আলুৰ লগত এনেদৰে ৰান্ধি খাওঁক মুৰ্গীৰ মাংস, মাংস খাই স্বৰ্গসুখ লাভ কৰিব আপুনি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 30, 2023 8:50 pm
5.9k
VIEWS
Share on FacebookShare on Twitter

মাংস যেনেদৰেই নাৰান্ধক কিয়, অসমীয়া মানুহে আলু নিদিয়াকৈ কেতিয়াও মাংস নাৰান্ধে। মাংসৰ জোলত আলুৰ সোৱাদেই বেলেগ। সেয়ে আজি আপোনালোকলৈ লৈ আনিছোঁ আলুৰে মুৰ্গীৰ মাংস ৰন্ধাৰ এটা বিশেষ ৰেচিপি। এইদৰে মাংস ৰান্ধি খালে স্বৰ্গসুখ লাভ কৰিব পাৰিব আপুনি।

এজন অসমীয়া মানুহৰ দিনটো আলু অবিহনে আৰম্ভই নহয়। পোৰা আলুৰ পিটিকা আৰু পঁইতা ভাতৰ জুতিয়েই বেলেগ। সিজোৱা আলু আৰু ঘিউৰ লগত গৰম চাউল অমৃতৰ দৰে। মাছৰ জোলত আলু, কণীৰ জোলত আলু। মুঠতে পাকঘৰৰ সকলো ৰেচিপিত আলুৰ অবাধ বিচৰণ। আচলতে আলুৰ গুৰুত্বক শব্দৰে বুজাব পৰা নাযায়।

আলুৰ লগত মাংসৰ জোল ৰান্ধিব সকলোৱে জানে। কিন্তু আমি আজি যিটো ৰেচিপি দিম সেই ৰেচিপিটোৰে মাংস ৰন্ধাৰ ৰাৰ বিশেষ কেইটামান কিটিপ আছে, যি কেইটা প্ৰয়োগ কৰিলে সকলোৱে টপালি টপালি খাব মাংসৰ জোল।

প্ৰথমে প্ৰয়োজন অনুসাৰে ডাঙৰ আকাৰৰ আলু দুটুকুৰাকৈ কাটি লওক। মাংসখিনি খুব ভালকৈ ধুব। এতিয়া কেৰাহীত সৰিয়হৰ তেল দি তাত আলুৰ টুকুৰাবোৰ নিমখ আৰু হালধী দি ভাজিব। আলুখিনি ভজা হ’লে নমাই  থ’ব।

এতিয়া মাংসৰ টুকুৰাবোৰ সুদাকৈ তেলত লাহে লাহে ভাজি লওক। ৰঙা বাদামী হ’লে নমাই আনক।

এতিয়া দৈ, জলকীয়া গুড়ি, ধনীয়া গুড়ি, গৰম মছলা, সোৱাদ অনুসৰি নিমখ আৰু কেঁচাজলকীয়া দি ভাজি লোৱা কুকুৰাৰ মাংসখিনি মেৰিনেট কৰক।

এতিয়া তেল গৰম কৰি তেজপাত, ডালচেনি, ইলাচি, এচামুচ গোটা জিৰা আৰু মিহিকৈ কটা পিঁয়াজ দি ভাজি লওক।  এতিয়া তাত ক্ৰমে আদা নহৰু বঁটা আৰু সৰু সৰুকৈ কটা বিলাহীৰ টুকুৰা দি দিয়ক। তাৰপিছত তাত মেৰিনেট কৰা মাংসখিনি ভালকৈ ভাজি লওক। মাংসখিনি অলপ সিজিলে তাত ভাজি লোৱা আলুখিনি দি দিয়ক।

এতিয়া পৰ্যাপ্ত পানী দি তৰকাৰীখন উতলাই লওক। পানী উতলিলে তাত ধনীয়া পাত ছটিয়াই দিব।

এনেদৰেই সাজু হৈ উঠিব আপুনি ৰন্ধা মাংসখিনি। ইয়াৰ পিছত গৰম ভাতৰ লগত টপালি টপালি খাওঁক।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd