প্ৰথম অৱস্থাত ৰিলায়েন্স জিঅ’ই বজাৰ দখল কৰিবলৈ গ্ৰাহকক সম্পূৰ্ণ বিনামূলীয়া সেৱা আগবঢ়াইছিল। তাৰ পিছত তেওঁলোকে বিভিন্ন ৰিচাৰ্জ প্লেন আৰম্ভ কৰে। কম খৰচী ফ’ৰ জি সুবিধা লাভৰ বাবে বেছিভাগ গ্ৰাহকে অন্য চিম এৰি বাচি ল’লে জিঅ’ চিম। কিন্তু সময়ৰ লগে লগে জিঅ’ই বৃদ্ধি কৰি গ’ল ৰিচাৰ্জ প্লেনৰ দাম।
কিন্তু এইবাৰ আকৌ গ্ৰাহকক কিছু সকাহ দিবলৈ জিঅ’ই আৰম্ভ কৰিছে কম খৰচী ৰিচাৰ্জ প্লেন। এই প্লেনৰ বৈধতা ৩৩৬ দিন। এই প্লেনৰ ৰিচাৰ্জ এবাৰ কৰিলে গোটেই বছৰলৈ আৰু চিন্তা নাই। এই প্লেনত গ্ৰাহকে সীমাহীন ফোনকলৰ সুবিধা লাভ কৰিব। লগতে থাকিব ২৪ জিবি হাই স্পীড ডাটা।
কমকৈ ইণ্টাৰনেট ব্যৱহাৰ কৰা গ্ৰাহকৰ কথা চিন্তা কৰি জিঅ’ই আগবঢ়াই এই ব্যাপক অফাৰ। সেয়ে তেওঁলোকৰ বাবে জিঅ’ই এৰি দিছে সস্তীয়া ৰিচাৰ্জ প্লেন।
এই ৰিচাৰ্জ প্লেনে সীমাহীন ফোনকল, ২৪ জিবি দ্ৰুত ডাটা, আনকি বিনামূলীয়া এছএমএছ- ও প্ৰদান কৰিব। এই প্লেনৰ বাৰ্ষিক খৰচ মাত্ৰ ৮৯৫ টকা। প্ৰতিমাহে মাত্ৰ ৮১ টকাকৈ পৰিব এই ৰিচাৰ্জ প্লেনত। এই প্লেনৰ সৈতে এবাৰ ৰিচাৰ্জ কৰিলে আপুনি ৩৩৬ দিনৰ বৈধতা পাব।
গ্ৰাহকে ২৪ জিবি হাই স্পীড ডাটা ব্যৱহাৰ কৰি ফেচবুক, ইউটিউব, গুগলৰ দৰে অনলাইন সেৱাও উপভোগ কৰিব পাৰিব। ইয়াৰ উপৰিও গ্ৰাহকে ২৮ দিনৰ মূৰে মূৰে ৫০টা এছএমএছৰ সুবিধা লাভ কৰিব।