• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফেচবুক কৰ্ণাৰ – মহিলাৰ বাবে ৰাজহুৱা টয়লেট, হাইকোৰ্টত গোচৰ আৰু কিছু অভিজ্ঞতা- নীতালি শৰ্মা দত্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 3, 2023 10:52 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শৌচ প্ৰস্ৰাৱ আৰু মাহেকীয়াৰ বাবে ৰাজহুৱা স্থানত মহিলা সকল কিমান সমস্যাৰ সন্মুখীন হয় সেয়া ফিল্ডত ডিউটি কৰা বা ঘূৰি ফুৰিব লগা হোৱা কৰ্মৰত মহিলা ভূক্তভোগীয়ে ভালকৈ জানে৷ পুৱা নটা বা দহটা বজাতে ওলাই যাওঁ নিশা ন দহ বজালৈকে৷ এই সময়ছোৱাত প্ৰস্ৰাৱ লাগে,কেতিয়াবা পেট বেয়া কৰে আৰু আটাইতকৈ ডাঙৰ কথা মাহেকীয়াৰ সঘনাই পেড সলনি কৰিব লগা হয়৷ হঠাৎ পিৰিয়ড আৰম্ভ হ’লেতো কথাই নাই৷ নাঃ, কোনোদিনে টেনচন মুক্ত হৈ এই কাম সমাধান কৰাৰ সুযোগ নাপালোঁ৷ বেছিভাগ সময়ত যধে মধে লেতেৰা শৌচাগাৰ ব্যৱহাৰ কৰিব নোৱাৰা বা প্ৰস্ৰাৱগাৰৰ ব্যৱস্থাই নথকাত পানী কমকৈ খাই প্ৰস্ৰাৱ ৰখাই থোৱাৰ বাবে ইউৰিন ইনফেকচনৰ সমস্যাত ভূগিলোঁ৷ ইমাৰজেন্সী হ’লে গুৱাহাটী প্ৰেছ ক্লাৱলৈ দৌৰোঁ। কদৰ্য প্ৰস্ৰাৱগাৰত যেনেতেনে পেড সলোৱা বা প্ৰস্ৰাৱ কৰিব পাৰিলেও শৌচৰ কোনো সুব্যৱস্থাই নাই মহিলাৰ বাবে । সেই সময়ৰ সম্পাদকক বহুবাৰ এই সমস্যা অৱগত কৰোৱাৰ পিছতো সুব্যৱস্থা নহ’ল যদিয়ো সম্প্ৰতি নতুন কমিটী খনে গুৱাহাটী প্ৰেছ ক্লাৱক এই সমস্যাৰ পৰা মুক্ত কৰাত সুখী৷ কিন্তু সেই সময়ছোৱাত বেছিভাগ মহিলা সাংবাদিকেই ইমাৰজেন্সী হ’লে ৰবীন্দ্ৰভৱন অথবা ওচৰপাজৰৰ হ’লে ঘৰলৈ দৌৰ মাৰিব লগা হোৱাতো জানো। নিজে বেছিভাগ সময়ত বিগবাজাৰলৈ দৌৰ মাৰিছিলোঁ কেৱল টয়লেটৰ বাবেই৷ আজিৰ দৈনিক বাতৰিৰ অফিচত আচৰিত ধৰণেৰে এইক্ষেত্ৰত সাংঘাতিক সুব্যৱস্থা এটা পাইছিলোঁ যিটো আজিলৈকে কোনো অফিচতে মই দেখাৰ সৌভাগ্য নহ’ল । অসমীয়া খবৰৰ অফিচত কমন টয়লেটটো তামোলৰ পিকেৰে লেতেৰা কৰি থোৱাই নহয় খিলি ভগা দুৱাৰ খন এহাতেৰে ধৰি নিত্যকৰ্ম কৰিব লগীয়া দূৰ্ভাগ্য হৈছে। অফিচৰ মিটিঙত যেতিয়া সকলোৱে কেৱল দৰমহাৰ বিষয়টো উত্থাপন কৰে তেতিয়া মহিলাৰ বাবে পৃথক টয়লেটৰ দাৱী কৰি সহকৰ্মীৰেই ফিচিঙাফিচিং হাঁহিৰ সন্মুখিন হৈছোঁ৷

২০১১ নে ২০১২ চনত মই আৰু এগৰাকী সতীৰ্থ মহিলা  সাংবাদিকে গুৱাহাটী হাইকোৰ্টত গুৱাহাটীত পৃথক মহিলা টইলেটৰ দাবীৰে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰোঁ জ্যেষ্ঠ অধিবক্তা ভাস্কৰ দা ( ভাস্কৰ দেৱ কোঁৱৰ) ৰ তত্বাৱধানত৷ আৱেদন গ্ৰহণ হ’ল । ২০১৬ ৰ শেষৰ ফালে ৰায়দানো হ’ল মহিলাৰ বাবে পৃথক টয়লেট গুৱাহাটীৰ ভিন্ন স্থানত স্থাপনৰ বাবে। কেইদিন মান পিছত কেইটামান টয়লেট দেখিলোঁ। কিন্তু অন্যান্য ৰাজহুৱা টয়লেটৰ দৰে সেইকেইটাৰো অৱস্থা তথৈবচ হ’লগৈ অতি কমদিনতে। কোৱাবাহুল্য মহিলা কোনোপধ্যেই যাব নোৱাৰা অৱস্থা হোৱা সেইকেইটা টয়লেটটো ভিতৰৰ সলনি বাহিৰতেই মূত্ৰ বিষৰ্জন কৰি আমাৰ গৰ্বিত এচাম পুৰুষে বীৰত্বৰ চানেকি দেখুৱালে৷ আনকি নিজেই দাখিল কৰা আৱেদনৰ বাতৰিবোৰ নিজেই যেতিয়া কৰিছিলোঁ বাতৰিটো দেখিয়েই মুখ বিকটোৱা  এচাম পুৰুষ সহকৰ্মীৰ তীৰ্যক হাঁহি বোৰো হজম কৰিছিলোঁ। অৱশ্যে অইন স্থানতকৈ গুৱাহাটীত এতিয়া কিছু পৰিমাণে ৰাজহুৱা টয়লেট বা মহিলাৰ বাবে পৃথক টয়লেট আছে যদিয়ো এয়া পৰ্যাপ্ত নহয় । আনকি থাকিব লগা ঠাইবোৰতেই নাই৷ গুৱাহাটীৰ বাহিৰততো নায়েই। নাইট চুপাৰত আহিলে প্ৰস্ৰাৱ ৰখাই আহোঁ আগতে। ভাতখাবলৈ ৰখোৱা ধাবাবোৰত বিভৎস প্ৰস্ৰাৱগাৰ৷ এবাৰ বিশ্বনাথ চাৰিআলিৰ বাছআস্থানত প্ৰস্ৰাৱৰ ঠাই বিচাৰি গুৱনিৰ ওপৰেৰে খোজ কাঢ়িব লগা হৈছিল আৰু মই প্ৰস্ৰাৱৰ সলনি বমি কৰি কান্দি কান্দি গাড়ীত বহিছিলোঁ। ঘৰলৈ যাওঁতে এবাৰ লক্ষীমপুৰ আৰু ধেমাজীৰ মাজত ঝাৰণিত শৌচ কৰিব লগীয়া হোৱাৰ অপমানজনক পৰিস্থিতি জীৱনত আৰু কেতিয়াও নাহক বুলি ভাবো৷ কিমান ক’ম কিমান অভিজ্ঞতা । সকলোবোৰেই বেয়া ।  জনামতে যিকোনো ফাইভষ্টাৰ হোটেল বা মলত ইমাৰজেন্সী টইলেট ব্যৱহাৰৰ বাবে যিকোনো মানুহেই প্ৰৱেশ কৰিব পাৰে। কোনে জানে পিছে এই কথা। পেট্ৰ’ল পাম্পত মহিলা পুৰুষ উভয়ৰ বাবে পৃথক টয়লেট থকাটো বাধ্যতামূলক । থাকে। পিছে কোনোবাটো তলা মৰা কোনোবাটোৰ দুৱাৰ ভগা বা কোনোবাটোৰ ভিতৰত কোমদত উপঙি থকা পিক আৰু বিষ্ঠা৷

Apply Now

পথৰ কাষত ৰৈ মুতি দিয়া মানুহে কেনেকৈ জানিব মাহে মাহে কঢ়িয়াই ফুৰা অস্বস্তিৰ ভাৰবোৰ নিকা কৰিবলৈয়ো দুফুট জেগা আবুৰতাৰে নোপোৱাৰ কথা৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd