• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

ইৰিটেবল বাৱেল চিনড্ৰম ৰোগ কি? কাৰণ, লক্ষণ আৰু চিকিৎসা

ডাঃ অঞ্জন শইকীয়া by ডাঃ অঞ্জন শইকীয়া
May 12, 2023 6:36 pm
204
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰিটেবল বাৱেক চিনড্ৰম বা চমুকৈ আই বি এছ-এই ৰোগবিধৰ নাম হয়তো বহুতেই শুনিছে,যদিওবা একেদৰেই বহুলোক এই ৰোগ সম্পৰ্কে অৱগতও নহয়। কিছু লোকে এই ৰোগত নিজেও যদিওবা ভুগি আছে বা ভুগিছিলে,তথাপি এই ৰোগ সম্পৰ্কে নেজানে। ইৰিটেবল বাৱেল চিনড্ৰম(পায়খানাৰ অভ্যাসৰ অশান্তিদায়ক একাধিক লক্ষণৰ সমষ্টি)এবিধ পাকস্থলী আৰু খাদ্যনলী সম্পৰ্কীয় ৰোগ। এই ৰোগবিধ এবিধ খুবেই স্বাভাৱিক বা সাধাৰণতে প্ৰায়লোকেই আক্ৰান্ত হোৱা এবিধ ৰোগ। এই বিসংগতিৰ ফলত আক্ৰান্ত ব্যক্তিজনৰ দেহত এই ৰোগবিধৰ কেইবাটাও লক্ষণে একেলগে দেখা দিয়ে। এইবিধ ৰোগৰ ফলত পেটৰ বিষ,পাইখানাৰ খেলিমেলি,গেছ,ডায়েৰীয়া বা কোষ্ঠকাঠিন্য আদি ভিন্নধৰণৰ সমস্যাৰ সন্মুখীন হয় আক্ৰান্ত ব্যক্তিজন। ভাৰতবৰ্ষতেই প্ৰতি বছৰে আই বি এছ ত আক্ৰান্ত ব্যক্তিৰ সংখ্যা প্ৰায় ১মিলিয়ন। ই নিশ্চিতভাৱে কম সংখ্যা নহয়। আজি এই আই বি এছ বা ইৰিটেবল বাৱেল চিনড্ৰমৰ বিষয়েই কিছু কথা জনাবলৈ ওলাইছো।

ইৰিটেবল বাৱেল চিনড্ৰম এবিধ দীৰ্ঘস্থায়ী ৰোগ। এজন ব্যক্তি এবাৰ এই ৰোগত আক্ৰান্ত হোৱা মানে প্ৰায়েক্ষেত্ৰতেই এই ৰোগে সমগ্ৰ জীৱনকালৰ বাবে কম-বেছি পৰিমাণে সমস্যাৰ সৃষ্টি কৰি থাকিব পাৰে। যদিওবা ভাল কথাটো হৈছে যে-দৰৱ,খাদ্যাভাষ,জীৱনশৈলীৰ পৰিৱৰ্তন,মানসিক চাপ নিয়ন্ত্ৰণ আদিৰ জড়িয়তে এই ৰোগ নিয়ন্ত্ৰণাধীন কৰি ৰখা সম্ভৱ। খুব কম সংখ্যক লোকৰ ক্ষেত্ৰত হে ইৰিটেবল বাৱেল চিনড্ৰমৰ লক্ষণসমূহৰ বা শাৰিৰীক অসুবিধাৰ প্ৰাবল্য অতিমাত্ৰা বেছি হয়। আই বি এছ দুই প্ৰকাৰৰ থাকে-১)কনষ্টিপেচন ডমিনেটেড আই বি এছ আৰু ২)ডায়েৰীয়া ডমিনেটেড আই বি এছ। প্ৰথমেই আহিছো এই ৰোগৰ লক্ষণসমূহৰ বিষয়ে। যাতে এইকেইটা লক্ষণে আপোনাৰ দেহত দেখা দিলে,আপুনি নিৰ্দ্দিষ্ট বিভাগৰ চিকিৎসকৰ কাষ চাপিব পাৰে। আই বি এছৰ কেইটিমান লক্ষণ হৈছে-

Apply Now

১) পায়খানা কৰাৰ প্ৰক্ৰিয়াত পেট কামুৰণি,পেটৰ বিষ বা গেছৰ সমস্যা সৃষ্টি হোৱা।

২) চকুত লগাকৈ পায়খানা কৰাৰ প্ৰক্ৰিয়ালৈ অহা পৰিৱৰ্তন।

৩) ব্যক্তি এজন কিমান সময়ৰ ব্যৱধানত পায়খানা কৰিবলৈ যায়,বা কিমান সঘনাই যাব লগা হয়-সেইক্ষেত্ৰত অহা পৰিৱৰ্তন।

   ইয়াৰ লগতেই যদিহে তলত উল্লিখিত লক্ষণকেইটাও আপোনাৰ দেহত দেখা দিয়ে,তেন্তে আপুনি ততালিকে চিকিৎসকৰ কাষ চপা জৰুৰী। যেনে-

১) ওজন হ্ৰাস পোৱা,

২) কাৰণবিহীনভাৱে হোৱা বমি,

3) আইৰণৰ অভাৱত হোৱা এনিমিয়া,

৪) পায়খানা কৰা বা গেছ বাহিৰ হোৱা(পাদ)ৰ পিছতো নকমা বিষ।

এতিয়া আহিছো আই বি এছৰ কাৰণৰ বিষয়লৈ। আই বি এছৰ সম্পূৰ্ণ নিশ্চিত বা স্পষ্ট কাৰণ আজিকোপতি আৱিষ্কাৰ হোৱা নাই যদিও,কিছু কাৰকৰ ফলত এই ৰোগ মানৱদেহত সৃষ্টি হয়। মানসিক অস্থিৰতা বা উদ্বিগ্নতা এটা কাৰক। ধৰক,কিছুমান মানুহৰ পৰীক্ষা,ইন্টাৰভিউ আদিৰ আগত খুবেই অস্থিৰতা বা ভয় যেতিয়া অনুভৱ কৰে,তেতিয়াই পায়খানা কৰিবলৈ লাগে। কাৰণ,মানুহৰ মগজু আৰু পায়খানা হোৱাৰ যি অংশ(ক্ষুদ্ৰান্ত্ৰ-বৃহদান্ত্ৰ-মলাশয়কে আদি কৰি)তাৰ মাজত এক শক্তিশালী সংযোগ আছে। গতিকে মগজুত সৃষ্ট অস্থিৰতাই পেটৰ সমস্যা সৃষ্টি কৰিব পাৰে। তেনে কেইটিমান কাৰক হৈছে-

১) খাদ্যনলীত সৃষ্টি হোৱা দীৰ্ঘস্থায়ী মাংসপেশীৰ সংকোচন,

২) পৰিপাক প্ৰক্ৰিয়াৰ লগত সংযুক্ত স্নায়ুমণ্ডলীৰ অতি দুৰ্বল সংযোগ। যাৰফলত স্নায়ুৱে ভালদৰে পৰিপাক প্ৰক্ৰিয়াৰ লগত সামঞ্জস্য ৰক্ষা কৰিব নোৱাৰে।

৩) গেষ্ট্ৰ‘এন্টাৰাইটিছৰ দৰে খুবেই শক্তিশালী সংক্ৰমণৰ ফলত হোৱা ৰোগৰ পিছৰ পৰ্যায়তো এজন ব্যক্তি আই বি এছত আক্ৰান্ত হ’ব পাৰে।

৪)যিসকল ব্যক্তিয়ে নিজৰ জীৱনকালত খুবেই মানসিক চাপৰ মাজেৰে পাৰ হয়,বিশেষকৈ শৈশৱকালত,তেনেবোৰ ব্যক্তি এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰে। মানসিক ৰোগৰ লগতো আই বি এছৰ এক বিশেষ সংযোগ আছে।

এতিয়া আহিছো এনে কিছুমান কাৰকলৈ,যিবোৰৰ ফলত আই বি এছৰ প্ৰাবল্য বৃদ্ধি পাই। তেনে কেইটিমান কাৰক হৈছে-

১) কিছুলোকৰ কিছুমান বিশেষ খাদ্যৰ পৰা এলাৰ্জীৰ সৃষ্টি হয়,অৰ্থাৎ সেই ব্যক্তিজনৰ দেহে সেই খাদ্যবিধ গ্ৰহণ কৰিব নোৱাৰে। তেনে কিছুমান খাদ্য যেনে-আটা,দুগ্ধজাত সামগ্ৰী,কাৰ্বনযুক্ত শীতল পানীয়,অধিক ফ্ৰুক্টজ গুণসম্পন্ন ফল আদিৰ ফলত এজন ব্যক্তিৰ আই বি এছৰ প্ৰাবল্য বৃদ্ধি পাব পাৰে।

২) মানসিক চাপ বৃদ্ধি পালেও আই বি এছৰ প্ৰাবল্য বৃদ্ধি পাই।

  লগতেই এগৰাকী নাৰীৰ ক্ষেত্ৰত,বয়স ৫০ৰ তলত হ’লে,এজন যুৱকৰ,বা পৰিয়ালত কাৰোবাৰ আই বি এছৰ সমস্যা থাকিলে,আৰু এংজাইতী,ডিপ্ৰেছন আদি মানসিক ৰোগৰ সমস্যা থাকিলেও এজন ব্যক্তি আই বি এছত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক হয়। আকৌ লগতেই দীৰ্ঘকাল আই বি এছত ভুগিলেও ভিন্ন মানসিক ৰোগৰ সৃষ্টি হোৱাৰো সম্ভাৱনা থাকে। আনহাতে দীৰ্ঘকালজুৰি ডায়েৰীয়া বা কোষ্ঠকাঠিন্যত ভুগি থাকিলে,ব্যক্তিজন পাইলছ্ বা অৰ্শ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনাও বৃদ্ধি পাই।

আই বি এছ ৰোগ ধৰা পেলাবলৈ এনে কোনো নিৰ্দ্দিষ্ট পৰীক্ষণ প্ৰক্ৰিয়া নাই। আক্ৰান্ত ব্যক্তিজন নিৰ্দ্দিষ্ট বিভাগৰ চিকিৎসকৰ কাষ চাপিলে,চিকিৎসকে ৰোগীজনৰ লক্ষণ আৰু অতীত জীৱনৰ কিছু অভিজ্ঞতাৰ ভিত্তিত এই ৰোগ নিৰ্ধাৰণ কৰে আৰু যাৱতীয় চিকিৎসা আগবঢ়াই। যদিহে,অতিকৈ প্ৰয়োজনীয় যেন অনুভৱ কৰে,তেন্তে ৰোগীজনক নিৰ্দ্দিষ্ট দুই এক পৰীক্ষণৰ পৰামৰ্শ দিব পাৰে চিকিৎসকে।

সাধাৰণতে ৰোগৰ প্ৰাবল্যৰ প্ৰতি লক্ষ্য ৰাখি,চিলিয়াম,লেক্সেটিভ,ল’ট্ৰনেক্স,ৰিফাক্সিমিন,এমিটিজা আদি দৰৱ সেৱন কৰিবলৈ দিয়ে। এইখিনিৰ লগতেই আন আন কিছু সাৱধানতা বা সচেতনতা মানি চলিলে,ৰোগীজনৰ আই বি এছ নিয়ন্ত্ৰণাধীন কৰি ৰখাত সহায়ক হয়। যেনে-

১) যিবোৰ খাদ্যই এই ৰোগৰ লক্ষণক বৃদ্ধি কৰে,তেনে খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থকা,

২) উচ্চমাত্ৰা আঁ‌হ থকা খাদ্য গ্ৰহণ কৰা,

৩) দৈনিক শাৰিৰীক শ্ৰম,ব্যায়াম কৰা,

৪) যথেষ্ট পৰিমাণে পানী খোৱা,

৫) পৰ্যাপ্ত সময়ৰ টোপনি যোৱা।

  যদিহে ওপৰত উল্লেখ কৰা লক্ষণসমূহ আপোনাৰ দেহৰ দেখা দিছে,বা দিয়ে,তেন্তে ততালিকে চিকিৎসকৰ কাষ চাপক আৰু প্ৰয়োজনীয় চিকিৎসা গ্ৰহণ কৰি এটি স্বাভাৱিক জীৱন যাপন কৰক। আই বি এছ যদিও,এক দীৰ্ঘস্থায়ী ৰোগ,তথাপিও ইয়াক চিকিৎসা আৰু জীৱনশৈলীৰ পৰিৱৰ্তনৰ মাজেৰে নিয়ন্ত্ৰণত ৰখা সম্ভৱ।

ডাঃ অঞ্জন শইকীয়া, এম বি বি এছ,এম ডি,পি এইচ ডি,এফ আই চি পি,ডি ডি এছ ই পি(USA),গুৱাহাটী মেট্ৰ’ হস্পিটেল।

চিকিৎসকৰ ফোন- ৮৬৩৮০৬৯৭৩৪

ডাঃ অঞ্জন শইকীয়া

ডাঃ অঞ্জন শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

June 18, 2026 11:05 am
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

June 18, 2026 10:22 am
আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

June 18, 2026 7:45 am
নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

June 18, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

June 18, 2026 11:05 am
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

June 18, 2026 10:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd