• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেউলীয়া অসম চৰকাৰ, বিভিন্ন বিভাগৰ কৰ্মচাৰীক দৰমহা প্ৰদানত চূড়ান্তভাৱে ব্যৰ্থ হিমন্ত বিশ্ব শৰ্মা ‎চৰকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 13, 2023 7:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত শেহতীয়াকৈ বিভিন্ন বিভাগৰ কৰ্মচাৰী সকলে দৰমহাৰ অভাৱত ৰাজপথত আন্দোলন কৰিব লগা ঘটনাই ভাৰতীয় জনতা পাৰ্টীৰ শাসনত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ দিশটো উন্মোচিত কৰিছে। অসম চৰকাৰে প্ৰতি মাহে হাজাৰ কোটি টকাৰ ঋণ লৈ থকাৰ পাছতো চৰকাৰী কৰ্মচাৰী সকলক সময়মতে দৰমহা প্ৰদান কৰিব নোৱাৰা বিষয়টোক আজি আপ অসমে কঠোৰ ভাষাৰে নিন্দা কৰিছে।

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ কৰ্মচাৰী সকলক অসম চৰকাৰে দৰমহা প্ৰদান কৰিব নোৱাৰা বিষয়টোৰ সন্দৰ্ভত আজি আপ অসমৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এখনি সংবাদমেল সম্বোধন কৰি আপৰ ৰাজ্যিক মুখপাত্ৰ শ্ৰী সুশান্ত কুমাৰ নাথে কয় যে, অসমৰ ইতিহাসত সৰ্ববৃহৎ পৰিমাণে ঋণ লোৱা চৰকাৰে কি কাৰণত নিম্নোক্ত বিভাগৰ কৰ্মচাৰী সকলক দৰমহা প্ৰদান কৰিব পৰা নাই?

Apply Now

 অসম চৰকাৰৰ অধীনত একাংশ কৰ্মচাৰীয়ে দৰমহা লাভ নকৰা বিভাগ সমূহ হ‘ল,

১/ কৃষি বিভাগ: পদ:  “কৃষি বিপনন পৰিষদ”,  ৭ শ কৰ্মচাৰীয়ে বিগত ৮ মাহে লাভ কৰা নাই দৰমহা।

২/ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ:  ২১ শ‘তকৈও অধিক কৰ্মচাৰীয়ে বিগত ১৪ মাহে লাভ কৰা নাই তেওঁলোকৰ দৰমহা।

৩/ উন্নয়ন প্ৰাধিকৰণ বিভাগ:  শ শ কৰ্মচাৰীয়ে যোৱা ৭০ মাহ প্যৰ্যন্ত লাভ কৰা নাই দৰমহা।

৪/  শিক্ষা বিভাগৰ সৰ্ব শিক্ষাৰ অধীনৰ কৰ্মচাৰী সকলৰ দৰমহাৰ পইচা চৰকাৰে মুকলি কৰি দিয়া নাই বাবেই ২৫ হাজাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰা নাই দৰমহা।

৫/ শিক্ষা বিভাগৰ ষ্টেট পুলৰ ১০ হাজাৰ কৰ্মচাৰীয়ে বিগত বহু মাহ লাভ কৰা নাই দৰমহা।

৬/ মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী সকলেও বহু মাহে লাভ কৰা নাই মাত্ৰ ১৫০০ শ টকাৰ নূন্যতম দৰমহা।

ইয়াৰ উপৰিও  ১ লাখ নিযুক্তিৰ ভিতৰত নিযুক্তি লাভ কৰা আৰোগ্য মিত্ৰ সকলেও আজি লৈকে নিজৰ দৰমহাৰ সম্পূৰ্ণ অংশ লাভ কৰা নাই।  দূৰ্ভাগ্যজনক কথাটো হ‘ল যে, ৬,৮০০ পৌৰ কৰ্মচাৰীয়ে এই খন BJP চৰকাৰৰ দিনত ২০২২ চনলৈ  মুঠ ৩ বছৰৰ দৰমহা লাভ নকৰাকৈও থাকিব লগা হৈছে।

ক‘ভিদৰ সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু সেই সময়ৰ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি সোঁৱৰাইদি অসমত ক‘ভিড চিকিৎসা সেৱাত কৰ্মৰত হোৱা ক‘ভিদৰ চাফাই কৰ্মী সকল চাকৰি প্ৰতিশ্ৰুতি অনুসৰি কিয় আজিলৈকে নিয়মীয়াকৰণ কৰা নহল বুলিও আজিৰ এই সংবাদমেলত চৰকাৰক তীক্ষ্ণ ভাৱে প্ৰশ্ন কৰে আপ অসমে। 

সিফালে ,চৰকাৰৰ বিভিন্ন কামত  নিজৰ জীৱন কিম্বা পৰিয়ালকো আওকাণ কৰি চৰকাৰ প্ৰতিটো নিৰ্দেশ পালন কৰি  চৰকাৰী কামত নিয়োজিত হৈ অহা আশা কৰ্মী অংগনৱড়ী কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী সকলক চৰকাৰে প্ৰতিশ্ৰুতি ৰক্ষা কৰি তেওঁলোকৰ অতি নূন্যতম দৰমহা খিনিও প্ৰদান কৰাত কিয় ব্যৰ্থ হৈছে বুলি প্ৰশ্ন কৰা লগতে এই সকল কৰ্মচাৰীৰ দৰমহা কেতিয়া বৃদ্ধি হব বুলি আজিৰ এই সংবাদমেলত চৰকাৰক প্ৰশ্ন কৰে “আম আদমি পাৰ্টী” অসমে। লগতে ৰাজ্যৰ ভিন্ন বিভাগৰ কৰ্মচাৰী সকলৰ দৰমহা প্ৰদানত ব্যৰ্থ হোৱা আৰু প্ৰতিশ্ৰুতি অনুসৰি কৰ্মচাৰী সকলৰ দৰমহা বৃদ্ধিৰ বিষয়ত অতি চূড়ান্ত ভাবে ব্যৰ্থ হোৱা অসম চৰকাৰে প্ৰতি মাহে হাজাৰ হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈ এই ধন ক‘ত খৰচ কৰিছে  বুলিও প্ৰশ্ন কৰে আপৰ নেতৃত্বই।

আজিৰ এই সংবাদমেলত ৰাজ্য চৰকাৰে বৰ্তমানলৈ এক লাখ বিৰাল্লিছ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ পাছতো বহুতো বিভাগত দৰমহা প্ৰদান কৰিব নোৱাৰা বিষয়টো এটা নুবুজা সাঁথৰ বুলি প্ৰকাশ কৰি আপ অসমৰ  মুখপত্ৰ শ্ৰী সুশান্ত কুমাৰ নাথে কয় যে, “ৰাজ্যত এতিয়া ৰাইজ গভীৰ চিন্তিত হৈছে। বজাৰত অনিয়ন্ত্ৰিত মূল্যবৃদ্ধি আৰু চৰকাৰৰ ঋণ লৈ ঘিঁউ খোৱাৰ প্ৰৱণতাৰে BJP চৰকাৰে অসমক শ্ৰীলংকাৰ দৰে আৰ্থিক অনাটনৰ পৰিবেশলৈ ঠেলি দি ৰাজ্যৰ আৰ্থিক অৱস্থাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি জনতাক দিনে দিনে এক অন্ধকাৰ ভৱিষ্যতৰ মুখলৈ ঠেলি দিছে বুলি অভিযোগ উত্থাপন কৰে”। আৰু শীঘ্ৰেই দৰমহা লাভ নকৰাকৈ থকা সকলো বিভাগৰ কৰ্মচাৰী সকলক দৰমহা প্ৰদানৰ কৰাৰ লগতে প্ৰতিশ্ৰুতি অনুসৰি অসম চৰকাৰক আশা কৰ্মী , মধ্যাহ্ন ভোজনৰ কৰ্মী আৰু অংগনৱাড়ী কৰ্মী সকলৰ দৰমহা বৃদ্ধি, আৰু ক‘ভিদৰ চাফাই‌ কৰ্মী সকলক নিয়মীয়া চৰকাৰী সংস্থাপন প্ৰদান কৰাৰ দাবী জনায়।

উল্লেখ্য যে আজিৰ এই সংবাদ মেলত উপস্থিত থাকে আপৰ মুখপাত্ৰ, জাৰ্ৱম কুটুম, মনিৰত্নম ডেকা, আৰু ৰামা পৰিহাৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd