ঋষি সুনাকৰ বাসগৃহত খুন্দা মাৰে এখন গাড়ীয়ে। জানিব পৰা মতে, ঘটনাৰ সময়ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী বাসগৃহতে আছিল। স্থানীয় সময় অনুসৰি বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪:৩০ বজাত সংঘটিত এই ঘটনাৰ পিছতে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।
উল্লেখ্য যে চলিত সপ্তাহতে ভাৰতীয় মূলৰ এজন ছাত্ৰইও একেধৰণে হোৱাইট হাউছত আক্ৰমণ চলাইছিল।
লগতে পঢ়ক: বৈবাহিক জীৱনত দীৰ্ঘদিন ধৰি সংগীক যৌন সংগমৰ পৰা বঞ্চিত কৰাটো মানসিক নিষ্ঠুৰতা: আদালত
স্থানীয় আৰক্ষীৰ মতে, “এখন গাড়ীয়ে হঠাতে ১০ ডাউনিং ষ্ট্ৰীটৰ গেটত বিয়লি প্ৰায় ৪:০০ বজাত খুন্দা মাৰে। লগে লগে ঘটনাস্থলীত নিয়োজিত আৰক্ষী বিষয়াই গাড়ীখনৰ চালকজনক কৰায়ত্ত কৰে। অৱশ্যে এই ঘটনাত কোনো লোক হতাহতিৰ খবৰ পোৱা নাই। আৰক্ষীয়ে বিতং তদন্ত চলাই আছে।” ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।
ডাউনিং ষ্ট্ৰীটৰ সূত্ৰ অনুসৰি ঘটনাৰ সময়ত প্ৰধানমন্ত্ৰী ঋষি সুনাক নিজৰ বাসগৃহত কামত ব্যস্ত আছিল। নিৰাপত্তাৰক্ষী বিষয়াসকলে কোনো লোকক বাসগৃহৰ পৰা ওলাই নাযাবলৈ নিৰ্দেশ দিয়ে।
লগতে পঢ়ক: নিলামত অভিলেখ মূল্যত বিক্ৰী হ’ল টিপু চুলতানৰ তৰোৱাল; কিমান উঠিল দাম?
অৱশ্যে কিছুসময়ৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকী কামৰ বাবে বাহিৰলৈ ওলাই যাব লগা হয়। আন বিষয়াসকলো ওলাই আহে। অৱশ্যে ঘটনাৰ পিছতো তাত কোনো সুকীয়া নিৰাপত্তাৰক্ষী মোতায়েন কৰা হোৱা নাই।
#UPDATE | At around 16:20hrs a car collided with the gates of Downing Street on Whitehall.
Armed officers arrested a man at the scene on suspicion of criminal damage and dangerous driving.
There are no reports of any injuries.
Enquiries are ongoing.
— Westminster Police | Central West BCU (@MPSWestminster) May 25, 2023
ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এখন ছবিত এখন ধূসৰ ৰঙৰ গাড়ীয়ে ডাবল ডেকৰ গেটত খুন্দা মৰা দেখা গৈছে। বগা চুলিৰ এজন লোককো হাতকেৰেয়া লগাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দেখা গৈছে। অৱশ্যে অভিযুক্তৰ পৰিচয় প্ৰকাশ কৰা নাই আৰক্ষীয়ে।