• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সপক্ষে ৰাইজ আৰু চৰকাৰ

মাধুৰ্য বৰুৱা by মাধুৰ্য বৰুৱা
May 29, 2023 3:15 pm
অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সপক্ষে ৰাইজ আৰু চৰকাৰ

ফটো সৌজন্য: দ্য প্ৰিন্ট।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুদীৰ্ঘ দিন ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ক্ষুদ্ৰ-ক্ষুদ্ৰ জাতি সত্বাসমূহ বহিঃৰাষ্ট্ৰ, মূলতঃ বাংলাদেশৰ পৰা হোৱা অবৈধ অবাধ প্ৰৱজনৰ বাবে অস্তিত্বৰ সংকটত ভূগিছে। আনকি ৰাষ্ট্ৰখনৰে আন অংশৰ পৰা হোৱা প্ৰব্ৰজনেও অনুৰূপ ভাবুকি কঢ়িয়াই আনিছে৷ যাৰবাবে সুদীৰ্ঘ দিন ধৰি ৰাজ্যসমূহৰ জাতিসত্বাসমূহে এনে প্ৰব্ৰজনৰ বিৰোধিতা কৰি আহিছে। কিন্তু তাৎপৰ্যপূৰ্ণ যে এনে অবৈধ অনুপ্ৰৱেশকাৰীৰ সপক্ষে এখন ৰাজ্যৰ ৰাজ্যবাসী আৰু চৰকাৰ ঠিয় দিছে ৷ ৰাজ্যখন হ’ল মিজোৰাম৷

ৰাজ্যখনৰ এজন বিধায়ক লালডুহাউমাই অত্যন্ত মুকলিকৈ অবৈধভাৱে বাংলাদেশৰ পৰা হোৱা অনুপ্ৰৱেশক সমৰ্থন প্ৰদান কৰিছে। মানৱীয়তাৰ খাতিৰত তেওঁলোকক শৰণাৰ্থী মৰ্যদা প্ৰদান কৰাৰ কথা ঘোষণা কৰাৰ লগতে ৰাজ্যখনত বসবাসৰ সকলো সুবিধা প্ৰদানত হোৱা আৰ্থিক ব্যয় কেন্দ্ৰীয় চৰকাৰক প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে৷

উল্লেখযোগ্য যে, শৰণাৰ্থীৰ মৰ্যদা সংবিধান অনুসাৰে কেন্দ্ৰইহে প্ৰদান কৰিব পাৰে, ৰাজ্য চৰকাৰে নহয়৷ মিজোসকলৰ এটা শক্তিশালী সংগঠন ইয়ং মিজো এচ’চিয়েচনে ৰাষ্ট্ৰৰ সীমা সুৰক্ষা বল (বি.এচ.এফ.)য়ে অবৈধ অনুপ্ৰৱেশকাৰীক ভাৰতত প্ৰৱেশত বাধা প্ৰদান কৰাৰো বিৰোধিতা কৰাৰ লগতে অবৈধ অনুপ্ৰৱেশকাৰীৰ সমৰ্থনত ৰাজ্যখনৰ ৰাজধানী চহৰ আইজলত বৃহৎ জনসমাগমেৰে শোভাযাত্ৰাকে আদি কৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী বিগত কেইবামাহো জুৰি ধাৰাবাহিকভাৱে গ্ৰহণ কৰি আহিছে।

অবৈধ অনুপ্ৰৱেশকাৰীসকল বাংলাদেশৰ চিটাগং হিলচৰ বাসিন্দা আছিল। এইটো বাংলাদেশৰ ১৩,২৯৫ বৰ্গকিলোমিটাৰ জোৰা এটা পাহাৰীয়া অঞ্চল আৰু এওঁলোক চিন-কুকি জনগোষ্ঠীৰ লোক৷ ইতিহাসবিদসকলৰ মতে এওঁলোকৰ আদি বাসস্থান আছিল চীন৷ বহু শ বছৰৰ পূৰ্বে এওঁলোকৰ প্ৰব্ৰজন হৈছিল ম্যানমাৰ আৰু বাংলাদেশলৈ। মিজোৰামৰ লগত বাংলাদেশৰ পাহাৰীয়া অঞ্চলৰ ৩১৮ কিলোমিটাৰ আন্তঃৰ্জাতিক সীমা সংলগ্ন হৈ আছে। একেদৰে ম্যানমাৰৰ চিন ষ্টেটৰ পৰা মিজোৰামলৈ চিন-কুকি লোকৰ অনুপ্ৰৱেশ হৈছে, কিন্তু বাংলাদেশৰ পৰা হোৱা অনুপ্রৱেশৰ তুলনাত কম৷

উল্লেখযোগ্য যে, ভাৰত-ম্যানমাৰৰ মাজত হোৱা এক চুক্তিনুসৰি কোনো পাছপ’ৰ্ট-ভিছা নোহোৱাকৈ মিজোৰাম-ম্যানমাৰ সীমান্তৰে এজন মিজো ম্যানমাৰৰ ১৬ কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰিব পাৰে৷ অনুৰূপ ধৰণেৰে ম্যানমাৰৰ এজন মিজো (চিন-কুকি) লোকেও ভাৰতৰ ৰাজ্যখনৰ ১৬ কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰাটো অপৰাধ নহয়৷

মিজোসকলৰ মতে বাংলাদেশ-ম্যানমাৰৰ চিন-কুকি জনগোষ্ঠী আৰু মিজোসকল একেটা ঠালৰে অন্তৰ্ভুক্ত, একেই জনগোষ্ঠীৰ, এক প্ৰকাৰত সহোদৰ ভাই। গতিকে ভাতৃৰ বিপদত তেওঁলোক চকু মুদি থাকিব নোৱাৰে আৰু তেওঁলোকক মিজোৰামত বসবাসৰ সুবিধা প্ৰদান কৰাটোও তেওঁলোকৰ নৈতিক দায়িত্ব। নিজ ভাতৃ সদৃশ জনগোষ্ঠীৰ অনুপ্রৱেশকাৰীক শৰণাৰ্থীৰ মৰ্যদা প্ৰদান কৰাৰ কথা কেইবামাহৰো পূৰ্বেই মুখ্যমন্ত্ৰী জোৰাম থাংগাই দিল্লীক পত্ৰযোগে অৱগত কৰিছিল৷

১৯৬৫-৮৬ চন পৰ্যন্ত অব্যাহত থকা মিজো নেচনেল ফ্ৰণ্ট চমুকৈ এম এন এফৰ সশস্ত্ৰ বিদ্ৰোহৰ সময়ত মিজো বিদ্ৰোহীসকল বাংলাদেশ (পূৰ্বৰ পূব-পাকিস্তান) আৰু ম্যানমাৰৰ এই জনগোষ্ঠীৰ মাজতে আশ্ৰয় লৈ আছিল। মুখ্যমন্ত্ৰী জোৰাম থাংগা মিজো বিদ্ৰোহীৰ অন্যতম নেতা আছিল।

মিজোৰামলৈ চিন-কুকি জনগোষ্ঠীৰ ব্যাপক অনুপ্ৰৱেশৰ আঁৰত আছে ম্যানমাৰ-বাংলাদেশৰ পৰিৱৰ্ত্তিত ৰাজনৈতিক প্ৰেক্ষাপট। ম্যানমাৰত বিগত কেইটামান বছৰৰ পূৰ্বে হোৱা সেনা অভ্যুত্থানৰ পাছত সামৰিক চৰকাৰখনে ব্যাপক হাৰত ৰহিংগীয়া মুছলমানক নিৰ্বিচাৰ হত্যা, ধৰ্ষণৰ লগতে গাঁওৰ পাছত গাঁও ধ্বংস কৰিবলৈ আৰম্ভ কৰিলে৷ ফলত ৰহিংগীয়াসকল ব্যাপক হাৰত বাংলাদেশত প্ৰৱেশ কৰিবলৈ বাধ্য হ’ল।

উল্লেখযোগ্য যে, ৰহিংগীয়া মুছলমানসকল মূলতঃ বাংলাদেশৰ বাসিন্দা আছিল আৰু ইংৰাজৰ শাসনকালত ম্যানমাৰলৈ বৃহৎ সংখ্যকক কৰ্মসূত্ৰে লৈ গৈছিল৷ ম্যানমাৰৰ চৰকাৰে বৌদ্ধ ধৰ্মাৱলম্বী দেশখনত ৰহিংগীয়া মুছলমানক কোনো স্বৰ্ততে সহ্য নকৰে৷ গতিকে অত্যন্ত বৰ্বৰ আৰু নৃশংসভাৱে খেদি পঠিয়াইছে।

বাংলাদেশ এখন জনবহুল দেশ৷ গতিকে তেওঁলোকৰ পূৰ্বৰ বাসিন্দা ৰহিংগীয়া মুছলমানক সংস্থাপিত কৰাৰ স্বাৰ্থত বাংলাদেশৰ ৰেপিড একচন বেটেলিয়ান চমুকৈ ৰেৱ (RAB)য়ে ম্যানমাৰৰ ৰহিংগীয়া মুছলমানৰ সশস্ত্ৰ সংগঠন আৰাকান চলভেচন আৰ্মিৰ লগত এক বুজাবুজিত উপনীত হয়। যাৰ ফলত বাংলাদেশৰ চিটাগং হিলচত বাসকৰা খ্ৰীষ্টান ধৰ্মাৱলম্বী আৰু মংগোলীয় জনগোষ্ঠীৰ চিন-কুকিসকলৰ গাঁওসমূহ, যিবোৰ তেওঁলোকে পূৰ্বপুৰুষৰ পৰাই বাস কৰি আহিছিল, ৰেৱৰ পূৰ্ণ সমৰ্থনত নিৰ্বিচাৰে হত্যা, ধৰ্ষণেৰে গাঁওৰ পাছত গাঁও খালী কৰিবলৈ বাধ্য কৰিলে যাতে তাত ম্যানমাৰৰ পৰা বিতাৰিত ৰহিংগীয়া মুছলমানে বাস কৰিব পাৰে আৰু সেয়া হৈছেও। চিন-কুকিসকলে অবৈধভাৱে মিজোৰামত জীৱনৰ তাগিদাত অনুপ্ৰৱেশ কৰিছে৷

মিজোসকলে চিন-কুকিসকলক তথা নিজৰে সহোদৰ ভাতৃ জনগোষ্ঠীটোক আদৰণি জনোৱাৰ অন্যতম এক কাৰণ হ’ল অদূৰ ভৱিষ্যতে ৰহিংগীয়া মুছলমানৰ অনুপ্ৰৱেশ তথা আগ্ৰাসন যদি মিজোৰামৰ ভিতৰলৈও হয়, তাক যাতে প্ৰয়োজন সাপেক্ষে নিজেই সশস্ত্ৰভাৱে বাধা  প্ৰদান কৰিব পাৰে৷

চিন-কুকি জনগোষ্ঠীৰ সশস্ত্ৰ সংগঠন কুকি নেচনেল আৰ্মিয়ে মিজোৰামৰ সংলগ্ন বাংলাদেশৰ চিন-কুকি অধ্যুষিত অঞ্চলটো সামৰি এখন পূৰ্ণাঙ্গ ৰাজ্যৰ দাবী উত্থাপন কৰি আহিছে যদিও বাংলাদেশে এই দাবী মানি লোৱাৰ কোনো সম্ভাৱনা নাই।

চিন-কুকি জনগোষ্ঠীৰ মিজোৰামত অবৈধ অনুপ্ৰৱেশৰ ক্ষেত্ৰত মিজোৰামৰ ৰাইজ আৰু চৰকাৰে নিজা নীতি গ্ৰহণ কৰিছে৷ ৰহিংগীয়া মুছলমানৰ ভয়াবহ আগ্ৰাসনৰ প্ৰশ্নটো জড়িত হৈ থকাৰ বাবে হয়তো দিল্লীয়ে নীৰৱে থাকিয়েই মিজোসকলৰ সিদ্ধান্তৰ বিপৰীত স্থিতি গ্ৰহণ কৰা নাই, প্ৰদান কৰিছে নীৰৱ সমৰ্থন।

(লেখকৰ ঠিকনা-জ্যোতিনগৰ, মাকুম। ম’বাইল – ৯৪০১১০১৭০৪)

মাধুৰ্য বৰুৱা

মাধুৰ্য বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

August 13, 2025 7:38 pm
কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

August 13, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd