বিশ্বনাথ জিলাৰ অন্যতম অগ্ৰণী সংস্থা হাৱাজান কুইজ ফ’ৰাম এণ্ড ডিবেটিং চ’ছাইটিৰ উদ্যোগত আৰু কলাবাৰী মহাবিদ্যালয় ছাত্ৰ কল্যাণ সমিতিৰ সহযোগত ”ভূপেন শইকীয়া সোঁৱৰণী মুকলি কুইজ প্ৰতিযোগিতা”খনি কালি সম্পন্ন হৈ যায়। মহাবিদ্যালয়ৰ ৰামপতি ৰাজখোৱা স্মৃতি প্ৰেক্ষাগৃহত দিনৰ ১ বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখন বন্তি প্ৰজ্জ্বলনেৰে শুভাৰম্ভ কৰে দাতা পৰিয়ালবৰ্গৰ হৈ প্ৰয়াত অধ্যাপক ভূপেন শইকীয়াৰ পত্নী অনিমা শইকীয়াই।
কুইজ ফ’ৰামৰ সদস্যা সুলক্ষণা গগৈয়ে আঁত ধৰা প্ৰতিযোগিতাখনত লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ জিতেন শৰ্মাই সঞ্চালক আৰু ধেমাজিৰ কুইজমাষ্টাৰ চিৰঞ্জীৱ শইকীয়া পৰিচালক হিচাপে উপস্থিত থাকে। কুইজখনত স্কুল পৰ্যায় আৰু মুকলি দুয়োটা শাখাতেই অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ অন্তত পুৰস্কাৰ প্ৰাপ্ত প্ৰতিযোগীসকল ক্ৰমে স্কুল পৰ্যায়ত প্ৰথম স্থান স্বাগত প্ৰাণ দত্ত , দ্বিতীয় স্থান ডিম্পল বৰুৱা, তৃতীয় স্থান দেৱৰাজ শইকীয়া।
সেইদৰে চতুৰ্থ স্থান নেইনা শইকীয়া, পঞ্চম স্থান গুঞ্জনজ্যোতি শইকীয়া, ষষ্ঠ স্থান লিজা বেজবৰুৱাৰ বিপৰীতে মুকলি শাখাত প্ৰথম স্থান বিজিত লাহন-বিশ্বজ্যোতি দাস, দ্বিতীয় স্থান সন্দীপন পাঠক- সায়ন্তন শইকীয়া, তৃতীয় স্থান চন্দ্ৰজিৎ দাস-কমল মেধি, চতুৰ্থ স্থানত বিশ্বজ্যোতি বৰা- নয়নজ্যোতি বৰা, পঞ্চম স্থানত হৰ্ষবৰ্দ্ধন – নিকু দুৱৰা আৰু ষষ্ঠ ষ্ঠানত কুলদ্বীপ দত্ত – দেৱজিৎ বৰঠাকুৰ ।
লগতে যুগান্তৰ বৰাই লাভ কৰে শ্ৰেষ্ঠ দৰ্শকৰ স্থান। অনুস্থানত কলাবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ শৰ্মা, ছাত্ৰ কল্যাণ সমিতিৰ সম্পাদক তথা বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক দীপক বৰুৱা, অসমীয়া বিভাগৰ ড° উৎপল শইকীয়া, কৰৱী দাস কাকতি, ৰূপা মুদৈ, ভূগোল বিভাগ বিভাগৰ বিজিৎ বৰা, বুৰঞ্জী বিভাগৰ ডিম্বেশ্বৰ বৰদলৈ আৰু প্ৰতিযোগিতাখনৰ মূল্যাংকক হিচাপে দায়িত্ব গ্ৰহণ কৰে শিক্ষকদ্বয় সঞ্জীৱ বসুমতাৰী, অনুপম বৰুৱা , কবি কুকিল শইকীয়া, পৰিস্মিতা ভূঞা দত্তই।
প্ৰতিযোগিতাখন সকলো দিশৰ পৰা সফল কৰি তোলাৰ বাবে মুখ্য আহ্বায়ক জিৎ শইকীয়াই সকলো ব্যক্তিলৈ শলাগৰ শৰাই আগবঢ়ায়।