• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বলীউডৰ প্ৰসিদ্ধ বৰ্ষীয়ান অভিনেত্ৰী ‘পদ্মশ্ৰী’ সুলোচনা লাটকাৰৰ দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 5, 2023 8:34 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউডৰ প্ৰবীণ অভিনেত্ৰী সুলোচনা লাটকাৰৰ দেহাৱসান ঘটিছে। হিন্দীৰ লগতে মাৰাঠী ছবিলৈ তেওঁ অনবদ্য অৱদান আগবঢ়াই গৈছে। দেওবাৰে মুম্বাইৰ দাদৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে সুলোচনাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ। দীৰ্ঘদিন ধৰি তেওঁ বাৰ্ধক্যজনিত বিভিন্ন সমস্যাত ভুগি আছিল।

প্ৰবীণ অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে কন্যা কাঞ্চনা ঘনেকাৰে। অভিনেত্ৰীগৰাকীৰ কন্যাই সংবাদ মাধ্যমক জনোৱা মতে, শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।

পৰিয়ালৰ এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে, ‘অতি দুখেৰে আপোনালোকক জনাও যে আমাৰ আইতা জনপ্ৰিয় চলচ্চিত্ৰ অভিনেত্ৰী শ্ৰীমতী সুলোচনা লাটকাৰৰ এক দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত আজি দেহাৱসান ঘটিছে। তেওঁ বৃদ্ধাৱস্থাৰ সমস্যাত ভুগি আছিল।‘

Apply Now

জানিব পৰা মতে, সোমবাৰে প্ৰবীণ অভিনেত্ৰীগৰাকীৰ মৃতদেহ দাদৰৰ ঘৰত অন্তিম দৰ্শমৰ বাবে ৰখা হ’ব আৰু শিৱাজী পাৰ্কৰ শ্মশানত দাহ কৰা হ’ব।

১৯২৮ চনৰ ৩০ জুলাইত বম্বেত জন্মগ্ৰহণ কৰিছিল সুলোচনাই। কম বয়সতে প্লেগ মহামাৰীত তেওঁৰ পিতৃ-মাতৃৰ মৃত্যু হয়। দেউতাকৰ বন্ধুৰ ঘৰত আশ্ৰয়ত থাকি ডাঙৰ হোৱা সুলোচনাই প্ৰফুল্ল পিকচাৰ্ছত কাম পাইছিল। তাতে লতা মংগেশকাৰৰ লগত কথা-বতৰা পাতিছিল। চল্লিশৰ দশকৰ আৰম্ভণিতে গঢ় লৈ উঠা বন্ধুত্ব আজীৱন চলিছিল।

১৯৪৪ চনত ‘মাৰাঠী কৰ্ণা’ নামৰ এখন মাৰাঠী ছবিৰে তেওঁ অভিনয়ত আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত তেওঁ ‘জীৱন শাখা’, ‘বাল্মিকী’ আদি হিট মাৰাঠী ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰে। সুলোচনাই ১৫ বছৰ বয়সত বিবাহপাশত আৱদ্ধ হৈছিল, বিয়াৰ পিছতো তেওঁ চিনেমাত কাম কৰি গৈছিল।

সুলোচনাই ভাৰত ভূষণৰ সৈতে যুটী বান্ধি হিন্দী ছবি ‘আউৰত তেৰী এহি কাহানি’ত অভিনয় কৰিছিল। তাৰ পাছত পঞ্চাশৰ দশকত ‘মহাত্মা কবীৰ’, ‘সাজনী’, ‘সতী অনুসূয়া’, ‘ব দিল্লী দুৰ নেহী’ আদি ছবিত নায়িকা হিচাপে অভিনয় কৰিছিল। ত্ৰিশ বছৰ বয়সত ভৰি থোৱাৰ সময়তে তেওঁলৈ মাতৃৰ চৰিত্ৰত অভিনয় কৰাৰ প্ৰস্তাৱ আহিবলৈ ধৰিলে। প্ৰথমতে অনিচ্ছুক হ’লেও বিমল ৰায়, দেৱানন্দ, সুনীল দত্ত, ৰাজেশ খান্না, অমিতাভ বচ্চনৰ দৰে ছুপাৰষ্টাৰৰ মাতৃ হিচাপে সুলোচনা লাটকাৰে পৰৱৰ্তী তিনিটা দশক ধৰি ৰূপালী পৰ্দাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

১৯৯৯ চনত ভাৰত চৰকাৰে তেওঁক ‘পদ্মশ্ৰী’ বঁটা প্ৰদান কৰে। ২০০৪ চনত ফিল্মফেয়াৰৰ দ্বাৰা সুলোচনা লাটকাৰক জীৱনজোৰা কৃতিত্ব বঁটা প্ৰদান কৰা হয়। প্ৰায় সাত দশকজুৰি চলি থকা চলচ্চিত্ৰ কেৰিয়াৰত ৩০০ৰো অধিক ছবিত অভিনয় কৰিছিল প্ৰয়াত অভিনেত্ৰীগৰাকীয়ে। তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল সঞ্জয় লীলা ভাঞ্চালীৰ ‘বাজীৰাও মস্তানী’ত। তেওঁৰ মৃত্যুৰ লগে লগে বলীউডত যেন এটা যুগৰ অন্ত পৰিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

সাত দশকৰ বৰ্ণিল যাত্ৰাৰ অন্ত: ৰূপালী পৰ্দাক চিৰবিদায় জনালে ক্লিণ্ট ইষ্টউডে

সাত দশকৰ বৰ্ণিল যাত্ৰাৰ অন্ত: ৰূপালী পৰ্দাক চিৰবিদায় জনালে ক্লিণ্ট ইষ্টউডে

June 4, 2026 5:15 pm
ট্ৰেকিংত গৈ সন্ধানহীন ২৪ বছৰীয়া এম বি এ ছাত্ৰী; যুৱতীৰ ২ বন্ধুক আটক কৰি জেৰা, বাঢ়িছে ৰহস্য

ট্ৰেকিংত গৈ সন্ধানহীন ২৪ বছৰীয়া এম বি এ ছাত্ৰী; যুৱতীৰ ২ বন্ধুক আটক কৰি জেৰা, বাঢ়িছে ৰহস্য

June 4, 2026 4:32 pm
সন্তানৰ সন্মুখতে ফৰাচী মহিলাক গণ*ধ…ৰ্ষ..ণ! দুই দোষীক মৃত্যুদণ্ডৰ শাস্তি শুনালে আদালতে

সন্তানৰ সন্মুখতে ফৰাচী মহিলাক গণ*ধ…ৰ্ষ..ণ! দুই দোষীক মৃত্যুদণ্ডৰ শাস্তি শুনালে আদালতে

June 4, 2026 4:21 pm
প্ৰসিদ্ধ প্ৰযোজক, চেন্সৰ ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ পহলাজ নিহালানীৰ দেহাৱসান; বলীউডত শোকৰ ছাঁ

প্ৰসিদ্ধ প্ৰযোজক, চেন্সৰ ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ পহলাজ নিহালানীৰ দেহাৱসান; বলীউডত শোকৰ ছাঁ

June 4, 2026 3:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাত দশকৰ বৰ্ণিল যাত্ৰাৰ অন্ত: ৰূপালী পৰ্দাক চিৰবিদায় জনালে ক্লিণ্ট ইষ্টউডে

সাত দশকৰ বৰ্ণিল যাত্ৰাৰ অন্ত: ৰূপালী পৰ্দাক চিৰবিদায় জনালে ক্লিণ্ট ইষ্টউডে

June 4, 2026 5:15 pm
ট্ৰেকিংত গৈ সন্ধানহীন ২৪ বছৰীয়া এম বি এ ছাত্ৰী; যুৱতীৰ ২ বন্ধুক আটক কৰি জেৰা, বাঢ়িছে ৰহস্য

ট্ৰেকিংত গৈ সন্ধানহীন ২৪ বছৰীয়া এম বি এ ছাত্ৰী; যুৱতীৰ ২ বন্ধুক আটক কৰি জেৰা, বাঢ়িছে ৰহস্য

June 4, 2026 4:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd