সোমবাৰে দিল্লী আৰক্ষীৰ ইন্টেলিজেন্স ফিউজন এণ্ড ষ্ট্ৰেটেজিক অ’পাৰেশ্যন (IFSO)য়ে অভিযান চলাই দেশজুৰি প্ৰায় ২০০০ লোকক তাৎক্ষণিক ঋণ দিয়াৰ নামত প্ৰতাৰণা কৰা এটা ধন সৰকোৱা চক্ৰ উৎখাত কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা চক্ৰটো চলাই থকা ইয়াৰ ৬ জন সদস্যকো গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
তেওঁলোকে ভুৱা কোম্পানী পঞ্জীয়ন কৰি বেংক একাউণ্ট খুলিছিল। এই একাউণ্টত প্ৰায় ৩৫০ কোটি টকাৰ ধন প্ৰচলন হোৱা বুলিও তেওঁলোকে জানিবলৈ দিয়াৰ কথা সদৰী কৰা হৈছে।
লগতে পঢ়ক: আজি পুৱা ৯ বজাত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা-২০২৩ৰ ফলাফল; চাওক, কেনেকৈ চাব ফলাফল?
গ্ৰেপ্তাৰ হোৱা কেইজনক গুজৰাটৰ বাসিন্দা মুস্তাজাব গুলাম মহম্মদ নভিৱালা (৩২), অনিছভাই আশ্ৰফভাই ভিঞ্চি (৫১), পশ্চিম বংগৰ বাসিন্দা গোকুল বিশ্বাস (৫৩), অশোক (৩৬), বলৱন্ত (৩৯) আৰু দিল্লীৰ বাসিন্দা নীতিন (২৪) বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ মতে, এই দলটোৱে সমগ্ৰ দেশতে ১৯৭৭ জন লোকক প্ৰতাৰণা কৰিছে।
এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, জয় গোৱেল নামৰ এজন লোকে অবিযোগ কৰিছিল যে কিছুমান লোকে অবৈধভাৱে মোবাইল ডাটা লাভ কৰি কেছ এডভান্স নামৰ লোণ এপ্লিকেচনৰ জৰিয়তে তাৎক্ষণিকভাৱে ঋণ দিয়াৰ নামত নাগৰিকৰ পৰা ব্লেকমেইলিং আৰু ধন দাবী কৰিছিল।
আৰক্ষীৰ উপ-আয়ুক্ত প্ৰশান্ত গৌতমে জনায় যে তদন্তৰ সময়ত আৰক্ষীয়ে অভিযুক্তসকলক বিভিন্ন স্থানত থকাটো চিহ্নিত কৰে আৰু তালাচী অভিযান চলাই গ্ৰেপ্তাৰ কৰে। ডিচিপি গৰাকীয়ে জনোৱা মতে, এই চক্ৰটোৱে এপ্লিকেচনৰ জৰিয়তে ব্যৱহাৰকাৰীক অতি কম সুতৰ হাৰত হ্ৰস্বম্যাদী ঋণ আগবঢ়াইছিল আৰু তাৰ পিছত ইয়াৰ ইনষ্টলেচনৰ সময়ত তেওঁলোকৰ ডাটাৰ এচেছ লাভ কৰিছিল।
লগতে পঢ়ক: ওড়িশা ৰে’ল ট্ৰেজেডী: জীৱিত অৱস্থাত উদ্ধাৰ ৪৮ ঘণ্টা ধৰি ধ্বংসাৱশেষৰ তলত থকা অসমৰ যুৱক
কিন্তু ডিজিটেল মোডৰ জৰিয়তে ধন দিয়াৰ পিছত তেওঁলোকে অত্যধিকভাৱে সুতৰ হাৰ বৃদ্ধি কৰিছিল আৰু ঋণ পৰিশোধ কৰাৰ পিছতো তেওঁলোকে মৰ্ফ কৰা ছবি ব্যৱহাৰ কৰি ধমকি দি ঋণ লোৱা বা তেওঁলোকৰ আত্মীয়ৰ পৰা অধিক ধন দাবী কৰিছিল বুলি আৰক্ষীয়ে জনায়।
গোকুল, মুস্তাজাব, অনিছভাই, অশোক আৰু বলৱন্তই কোম্পানীকেইটা পঞ্জীয়ন কৰি বেংক একাউণ্ট খুলিছিল। এই একাউণ্টসমূহত প্ৰায় ৩৫০ কোটি টকাৰ ধন প্ৰচলন হৈছিল যাৰ ভিতৰত কমিচন কৰ্তন কৰি ৮৩ কোটি টকা পুনৰ বিভিন্ন ব্যক্তিক ক্ষুদ্ৰ ঋণ হিচাপে প্ৰদান কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
লগতে পঢ়ক: ১২ জুনত পাটনাত আলোচনাত মিলিত নহয় বিৰোধী, বৈঠক স্থগিত; পুনৰ কেতিয়া বহিব?
ইয়াৰ পূৰ্বে চীনৰ এটা লোণ এপ্লিকেচন কোম্পানীত টিম লিডাৰ হিচাপে কাম কৰা নীতিনে ঋণৰ আবেদন আৰু আদায় প্ৰক্ৰিয়াৰ কাম-কাজৰ বিষয়ে ভালদৰেই জানিছিল বুলি তেওঁলোকে কয়। আৰক্ষীয়ে লগতে জনোৱা মতে, ৭টা মোবাইল ফোন, এটা লেপটপ, ১৫খন ডেবিট কাৰ্ডৰ লগতে প্ৰৱঞ্চিত ধনৰ মুঠ ৬০ লাখ টকা বিভিন্ন বেংক একাউণ্টত ফ্ৰীজ কৰি ৰখা হৈছে।