কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক, ভাৰতীয় ৰেডক্ৰছ সংস্থা গুৱাহাটী জিলা শাখাৰ প্ৰাক্তন সচিব, বিশিষ্ট সমাজসেৱক তথা প্ৰগতিবাদী চিন্তাধাৰাৰ বাহক বিশ্বজিৎ চক্ৰৱৰ্তীৰ দেহাৱসান ঘটিছে।
শনিবাৰে পুৱতি নিশা গুৱাহাটীৰ জিএনআৰচি হাস্পাতালত চক্ৰৱৰ্তীয়ে শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে, প্ৰেছাৰ ষ্ট্ৰোকৰ বাবে তেওঁ মৃত্যুক সাৱটি ল’বলগীয়া হয়।
সামাজিক কাম কৰাৰ স্বাৰ্থতে আধাতে কটন কলেজৰ পৰিসংখ্যা বিভাগৰ অধ্যাপকৰ চাকৰি বাদ দি অতি সাহসী সিদ্ধান্ত লৈছিল বিশ্বজিৎ চক্ৰৱৰ্তীয়ে। সামাজিক জীৱনত কোনো পৰিস্থিতিতে আপোচ সূত্ৰত পিছুৱাই অহা ব্যক্তি নাছিল চক্ৰৱৰ্তী।
বহু অনুজ আৰু সতীৰ্থৰ বাবে এগৰাকী প্ৰিয় অভিভাৱকস্বৰূপ চক্ৰৱৰ্তীৰ সান্নিধ্য আছিল পাহৰিব নোৱাৰা অভিজ্ঞতা।
এগৰাকী স্পষ্টবাদী, বাঁওপন্থী চিন্তাধাৰাৰ আদৰ্শেৰে সামাজিক বৈষম্যৰ বিশ্লেষণৰ পৃষ্ঠপোষকতা কৰা চক্ৰৱৰ্তী সদায় আৰ্ত জনৰ সেৱাৰ বাবে সমৰ্পিত ব্যক্তি আছিল। বিশ্বজিৎ চক্ৰৱৰ্তীৰ মৃত্যু প্ৰগতিশীল সমাজৰ বাবে এক অপূৰণীয় ক্ষতি।
চক্ৰৱৰ্তীৰ মৃত্যুত তেওঁৰ অজস্ৰ অনুৰাগী তথা গুণমুগ্ধই গভীৰ শোক প্ৰকাশ কৰিছে।





