• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বামীৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনে এই সকল মহিলাই; কৈছে চাণক্য নীতিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2023 7:26 am
23.6k
VIEWS
Share on FacebookShare on Twitter

আমি সকলোৱে ইতিহাসত চাণক্য বা কৌটিল্যৰ বিষয়ে পঢ়িছো। এইজন পণ্ডিতে যেনেকৈ অৰ্থশাস্ত্ৰত নিজৰ তীক্ষ্ণ বুদ্ধিমত্তা প্ৰদৰ্শন কৰিছিল, ঠিক তেনেদৰে তেওঁ ৰাজ্য প্ৰশাসন আৰু মানৱ জীৱনৰ উন্নতিৰ ক্ষেত্ৰতো বহুতো গুৰুত্বপূৰ্ণ পৰামৰ্শ আৰু উপদেশ আগবঢ়াইছিল। হাজাৰ বছৰৰ পাছতো সেয়ে আজিও চাণক্য নীতি সমানেই জনপ্ৰিয়। কেনেধৰণৰ নাৰীয়ে স্বামীৰ বাবে সৌভাগ্য কঢ়িয়াই আনে তাকলৈ চাণক্যই কি কৈছে?

আচাৰ্য চাণক্যই লিখা নীতিশাস্ত্ৰত জীৱনৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ কথা উল্লেখ কৰা হৈছে। ব্যক্তিগত জীৱনৰ পৰা আৰম্ভ কৰি কৰ্ম, ব্যৱসায়, সম্পৰ্ক – চাণক্যই সকলো বিষয়তে পৰামৰ্শ দিছে। চাণক্য-নীতিয়ে মানুহক জীৱনত সফলতা লাভৰ পথ দেখুৱায়। চাণক্যৰ কথাবোৰ বহুতৰে বাবে কঠোৰ যেন লাগিব পাৰে, কিন্তু আচলতে তেওঁ ভাল আৰু বেয়াৰ মাজত পাৰ্থক্য অতি স্পষ্ট কৰিছে।

কেনেধৰণৰ নাৰীয়ে স্বামীৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনে সেই সম্পৰ্কে আচাৰ্য চাণক্যই কি কৈছে চাওঁ আহক।

ধৈৰ্য্যতকৈ ডাঙৰ গুণ নাই

চাণক্য নীতি অনুসৰি ধৈৰ্য্য নাৰীৰ চৰিত্ৰৰ এক গুণ। যিগৰাকী নাৰী ধৈৰ্য্যশীল, তেওঁৰ স্বামী আৰু পৰিয়াল সৌভাগ্যৱান। যদি কেতিয়াবা মহিলাগৰাকীৰ পৰিয়াল বা স্বামীয়ে কোনো সমস্যাৰ সন্মুখীন হয় তেন্তে তেওঁ কেতিয়াও তেওঁলোকক এৰি নাযায়। তেওঁ ধৈৰ্য্যৰে সেই সংকটৰ পৰা ওলাই অহাৰ পথ বিচাৰি উলিয়াব। এনে নাৰীক যি বিয়া কৰাই তেওঁ নিঃসন্দেহে ভাগ্যৱান।

ধাৰ্মিক মহিলা

চাণক্যৰ মতে ধাৰ্মিক মহিলাই সদায় পৰিয়াললৈ সৌভাগ্য কঢ়িয়াই আনে। এগৰাকী ধৰ্মপৰায়ণ নাৰীয়ে কেতিয়াও নিজে অধৰ্ম নকৰে আৰু কেতিয়াও নিজৰ পৰিয়ালক অধৰ্মৰ পথ অনুসৰণ কৰিবলৈ নিদিয়ে। তেওঁ সদায় সঠিক কাম কৰে। এনে এগৰাকী নাৰীক বিয়া কৰাৰ ফলত স্বামীৰ জীৱনলৈ সুখ আৰু সৌভাগ্য আহে।

শান্ত স্বভাৱৰ মহিলা

শান্ত স্বভাৱৰ নাৰীয়ে স্বামীৰ জীৱনত সৌভাগ্য কঢ়িয়াই আনে। সহজ মূৰ গৰম কৰি তোলা বা চিঞৰ-বাখৰ কৰাটোৱে কেতিয়াও কোনো শুভ প্ৰভাৱ আনিব নোৱাৰে। গতিকে শান্ত স্বভাৱৰ মহিলাক বিয়া কৰালে জীৱন সলনি হৈ পৰিব পাৰে।

মিষ্টভাষী মহিলা

কথাৰ মাজত তিক্ততা বা উগ্ৰতা থাকিলে তেওঁক কোনেও ভাল পাব নোৱাৰে। তেওঁ পুৰুষেই হওক বা মহিলা। যিজনে মধুৰ কথা কয় তেওঁৰ কথাৰেই আধাখিনি জয় কৰাৰ ক্ষমতা আছে। গতিকে যিজন ব্যক্তিৰ জীৱন সংগী হিচাপে এগৰাকী মিষ্টভাষী নাৰী থাকে তেওঁ নিঃসন্দেহে ভাগ্যৱান।

Recent News

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd