• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী পৌৰ নিগম আৰু জলসিঞ্চন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংঘালৰ

পৰৱৰ্তী ৬ মাহৰ ভিতৰত মহানগৰীৰ প্ৰতিটো ৱাৰ্ডৰ বাট-পথ জাৱৰমুক্ত কৰাৰ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 14, 2023 11:17 am
Guwahati
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে আজি তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক বৈঠকত গুৱাহাটী পৌৰ নিগমৰ কাম-কাজৰ পৰ্যালোচনা কৰে।

নিগমৰ গোটা আৱৰ্জনা নিষ্কাশন ব্যৱস্থাপনাৰ শেহতীয়া স্থিতিৰ বুজ লোৱাৰ লগতে আৱৰ্জনা সংগ্ৰহৰ কামত নিয়োজিত বেচৰকাৰী সংস্থা, আত্মসহায়ক গোট তথা ৱাৰ্ড উন্নয়ন সমিতিসমূহৰ বাবে পৌৰ নিগমে প্ৰস্তুত কৰা খচৰা এছ অ’ পি সন্দৰ্ভতো আজিৰ বৈঠকত আলোচনা কৰা হয়৷

Apply Now

পৰৱৰ্তী ৬ মাহৰ ভিতৰত গুৱাহাটী মহানগৰীৰ সমগ্ৰ ৬০ টা ৱাৰ্ডৰ সকলো পথ যাতে মুকলিভাৱে পৰি থকা জাবৰ-জোঁথৰৰ পৰা মুক্ত হয় তাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁ পৌৰ নিগমৰ আয়ুক্তক নিৰ্দেশ দিয়ে৷

মহানগৰীৰ বিভিন্ন অঞ্চলত নলা-নৰ্দমাৰ পৰা বোকা নিষ্কাশনৰ কামত নিয়োজিত ছুপাৰ ছাকাৰ মেচিনসমূহৰ পৰিচালনাৰ সৈতে জড়িত বিষয়া আৰু ঠিকাদাৰসকলৰ সৈতেও আজিৰ বৈঠকত মন্ত্ৰীগৰাকীয়ে আলোচনাত মিলিত হয়৷

সংশ্লিষ্ট এলেকাৰ অভিযন্তাসকলক তৎকালে এতিয়াও পৰিষ্কাৰ নোহোৱা নলাৰ তালিকা জমা দিবলৈ নিৰ্দেশ দিয়াৰ লগতে প্ৰতিদিনে কমেও ১০ খন ছুপাৰ ছাকাৰ বাহনক কামত নিয়োজিত কৰাটো সুনিশ্চিত কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে৷

বৈঠকত গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন আৰু পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহালো উপস্থিত থাকে৷

জলসিঞ্চন বিভাগৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত আজিৰ দিনটোৰ আন এখন বৈঠকত মন্ত্ৰী সিংঘালে জলসিঞ্চন বিভাগৰ শেহতীয়া কাম-কাজসমূহৰ পৰ্যালোচনা কৰে৷ বিভাগটোৰ বিভিন্ন শাখাৰ অতিৰিক্ত মুখ্য অভিযন্তাসকলক নিয়মীয়াকৈ ক্ষেত্ৰ ভ্ৰমণ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে৷

সংশ্লিষ্ট জিলাসমূহত চলি থকা জলসিঞ্চন বিভাগৰ আঁচনিসমূহৰ পৰ্যালোচনা কৰা, বিকল হৈ থকা আঁচনিসমূহ পুনৰুজ্জীৱিত কৰা তথা নতুন আঁচনিৰ পৰিকল্পনা যুগুত কৰিবৰ বাবে প্ৰতিজন অতিৰিক্ত মুখ্য অভিযন্তাক বছৰি ন্যূনতম চাৰিখন জিলা ভ্ৰমণ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে৷

আজিৰ বৈঠকত মন্ত্ৰীগৰাকীয়ে প্ৰতিখন জিলাৰ বাবে এক বিস্তৃত জলসিঞ্চন পৰিকল্পনা প্ৰস্তুত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে বিভাগীয় বিষয়াসকলক জলসম্পদ বিভাগৰ সৈতে ঘনিষ্ঠ সমন্বয়ৰে কাম কৰি বছৰৰ সকলো ঋতুতে ৰাজ্যৰ নদীসমূহৰ পানীৰ উপলব্ধতাৰ সঠিক তথ্য সংগ্ৰহ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে৷

বৈঠকত জলসিঞ্চন বিভাগৰ আয়ুক্ত-সচিব এম এছ মনিৱন্নন আৰু সচিব পৱিত্ৰৰাম খাউণ্ডৰ লগতে মুখ্য অভিযন্তাকে ধৰি বিভাগটোৰ আটাইকেইগৰাকী অতিৰিক্ত মুখ্য অভিযন্তা উপস্থিত আছিল৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd