শিলসাঁকোত উচ্ছেদ চলোৱাৰ পিছতেই এইবাৰ ডিব্ৰুগড় জিলাত উচ্ছেদৰ হাতোৰা চলালে দৰিদ্ৰ মানুহৰ দুখ দূৰ কৰাৰ কথা কৈ শাসনলৈ অহা বিজেপিৰ চৰকাৰখনে।
খবৰ অনুসৰি , যোৱা মঙলবাৰে ডিব্ৰুগড় চহৰৰ ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ কাষত আশ্ৰয় লৈ থকা ভূমিহীন, বানপীড়িত আৰু দৰিদ্ৰ জনগণৰ পঁজা সমূহৰ ওপৰত বুলডজাৰ চলাই নিৰ্দয়ভাবে উচ্ছেদ কৰে ডিব্ৰুগড় জিলা প্ৰশাসনে।
উচ্ছেদিত লোকসকলে জনোৱা মতে কোনোধৰণৰ আগতীয়া জাননী অবিহনেই এই উচ্ছেদ চলোৱা হৈছিল।
এই উচ্ছেদ সম্পৰ্কে নিজৰ ফেচবুক পেজত অচ্যুত মাধৱ দাস নামৰ এজন প্ৰত্যক্ষদৰ্শীয়ে লিখিছে – “যোৱাকালি উচ্ছেদ হৈছিল পাছবেলা । উচ্ছেদৰ সময়ত মই প্ৰায় ছাৰি ঘণ্টা মান সেই অঞ্চলটোত আছিলোঁ। উচ্ছেদিত লোক সকলে মোক জনোৱা অনুসৰি তেওঁলোকে উচ্ছেদৰ কোনো আগতীয়া জাননী পোৱা নাছিল, জাননী পোৱা হ’লে হয়তো বয়-বস্তুৰ কিছু ব্যৱস্থা লগাব পাৰিলেহেঁতেন।”
লগতে তেওঁ লিখিছে – “ ….উচ্ছেদিত লোকসকলৰ মাজত কিন্তু বহু সংখ্যক মহিলা আছিল। তাতোকৈয়ো ডাঙৰ কথা হ’ল তেওঁলোকৰ বহুতৰে কোলাত দুই-তিনিমহীয়া নৱজাতক। তাৰোপৰি তেওঁলোকৰ মাজত যথেষ্ট সংখ্যক ৪/৫ বছৰীয়া শিশুও আছিল। সন্ধ্যা যেতিয়া সেই অঞ্চলটোলৈ মই পুণৰ গৈছিলোঁ জুম বান্ধি বান্ধি নৈ পাৰত মানুহবোৰে জুই সেকি আছিল। আনফালে নৈৰ ফেৰফেৰীয়া বতাহ। মানুহবোৰলৈ চাই ভাবিছিলোঁ- এই মানুহখিনিৰ বাবেই অন্ততঃ আজি ৰাতি ডিব্ৰুগড় চহৰত বৰষুণ নহওক। পিছে যোৱাকালি ৰাতি ১২ মান বজাৰ পৰা গোটেই ৰাতি বৰষুণ দি আছে।”
“কণমানিবোৰৰ কিছুমানে স্কুলৰ কিতাপ-পত্ৰবোৰ সামৰিব পাৰিলে, কিছুমানে নোৱাৰিলে।কণমানি এটাই মোলৈ চাই কৈছিল- “আংকল মোৰ স্কুলৰ বেগটো ঘৰৰ ভিতৰতে থাকিল” – এইদৰেই ফেচবুকত ঘটনাৰ বৰ্ণনা কৰিলে অচ্যুত মাধৱ দাসে।
উল্লেখ্য যে আগতীয়া জাননী অবিহনে উচ্ছেদ কাৰ্য চলোৱা ডিব্ৰুগড় জিলা প্ৰশাসনে এই নিপীড়িত লোকসকলৰ সংস্থাপনৰ আগতীয়া ব্যৱস্থা বা ক্ষতিপূৰণ দিয়াটো দূৰৈৰে কথা, প্ৰয়োজনীয় দুটামান বস্তু সামৰিবলৈও অলপ সময় প্ৰদান নকৰিলে। যাৰ বাবে এখন চালিৰ অবিহনে ভৰ বাৰিষাৰ বতাহ-বৰষুণ-বিজুলীত মুকলি আকাশৰ তলতেই নিশা যাপন কৰিবলগীয়া হৈছে এই সকল হতভগীয়া লোকে।
এতিয়া সচেতন ৰাইজৰ মনত প্ৰশ্ন উত্থাপন হৈছে, এই নিৰ্মম আৰু মানৱতাহীন অন্যায় উচ্ছেদৰ অধিকাৰ চৰকাৰে ক’ৰপৰা পালে? এই উচ্ছেদৰ পিছতেই ডিব্ৰুগড় চহৰৰ সচেতন মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে ক্ষোভ আৰু শোকত ভাগি পৰিছে উচ্ছেদিত লোকসকল।