আই আই টিত নামভৰ্তিৰ বাবে অনুষ্ঠিত হোৱা JEE এডভান্স পৰীক্ষাৰ ফলাফল প্ৰকাশ পালে। আজি গুৱাহাটী আই আই টিয়ে এই ফলাফল প্ৰকাশ কৰে। এইবাৰ ৪৩ হাজাৰ ৭৭৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে JEE পৰীক্ষাত উত্তীৰ্ণ হয়। এইবাৰৰ JEE Advanced পৰীক্ষাত প্ৰায় ১ লাখ ৮০ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল।
ছাত্ৰ-ছাত্ৰীসকলে ৱেবছাইট – jeeadv.ac.in ত গৈ নিজৰ ফলাফল চাব পাৰিব। ইপিনে, আই আই টি গুৱাহাটীয়ে JEE এডভান্সৰ ‘এনছাৰ কী’-ও প্ৰকাশ কৰিছে।
উল্লেখ্য যে এইবাৰৰ JEE এডভান্স মুঠ ৩৬০ নম্বৰৰ হৈছিল। ইয়াৰে ১২০ নম্বৰ পদাৰ্থ বিজ্ঞানৰ বাবে ৰখা হৈছিল। পদাৰ্থ বিজ্ঞানৰ পৰীক্ষা দুখন পেপাৰত ভাগ কৰা হৈছিল। ইফালে ৰসায়ন বিজ্ঞানৰ বাবেও ১২০ নম্বৰ ৰখা হৈছিল আৰু এই ক্ষেত্ৰত পৰীক্ষাটো দুখন পেপাৰত ভাগ কৰা হৈছিল। গণিতৰ ক্ষেত্ৰতো ১২০ নম্বৰ দুটা ভাগত পৰীক্ষা অনুষ্ঠিত কৰা হয়।
হায়দৰাবাদৰ ভভিলালা চিদবিলাছ ৰেড্ডীয়ে এইবাৰৰ পৰীক্ষাত ৩৪১ নম্বৰ লাভ কৰি শীৰ্ষ স্থান দখল কৰে।
JEE-এডভান্সৰ ফলাফল কেনেকৈ পৰীক্ষা কৰিব?
১) jeeadv.ac.in ৱেবচাইটলৈ যাওক।
২) JEE (Advanced) 2023 Result চাবলৈ লিংকটো হোম পেজত দিয়া আছে। তাত ক্লিক কৰক।
৩) এটা নতুন পেজ খোল খাব।
৪) Roll Number, Phone Number আৰু Date of Birth লিখি ‘Get Result’ ত ক্লিক কৰক।
৫) ডাউনলোড কৰি প্ৰিন্ট-আউট উলিয়াই ফলাফলটো ভৱিষ্যতে ব্যৱহাৰৰ বাবে ৰাখিব।
JEE-Advanced ৰ Answer Key কেনেকৈ পৰীক্ষা কৰিব?
১) jeeadv.ac.in ৱেবচাইটলৈ যাওক।
২) JEE (Advanced) 2023 পৰীক্ষাৰ পেপাৰ ১ আৰু পেপাৰ ২ ‘Answer Key’ লিংক হোম পেজত দিয়া আছে। লিংকটোত ক্লিক কৰিলে সেই অনুসৰি এটা PDF file খোল খাব। তাত বিতং পাব।