• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আই আই টি খড়গপুৰত অসমৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু; হস্তক্ষেপ বিচাৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰীলৈ মাতৃৰ পত্র

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2023 11:59 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই আই টি খড়গপুৰৰ ছাত্ৰ আছিল অসমৰ তিনিচুকীয়াৰ ফাইজান আহমেদ। যোৱা বছৰৰ অক্টোবৰ মাহত হোষ্টেলৰ চৌহদৰ ভিতৰত উদ্ধাৰ হৈছিল ছাত্ৰজনৰ মৃতদেহ। এই ঘটনাৰ তদন্ত ক্ষিপ্ৰ কৰাৰ বাবে ছাত্ৰীগৰাকীৰ মাতৃয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ এখন পত্ৰ লিখিছে।

কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত জ্যেষ্ঠ আই পি এছ কে জয়ৰামনৰ নেতৃত্বত এটা বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে। ফাইজান মেকানিকেল ইঞ্জিনিয়াৰিঙৰ তৃতীয় বৰ্ষৰ ছাত্ৰ আছিল। হোষ্টেলৰ কোঠাত উদ্ধাৰ হৈছিল তেওঁৰ মৃতদেহ। কলিকতা উচ্চ ন্যায়ালয়ে মেধাৱী ছাত্ৰগৰাকীৰ মৃত্যুত নাৰ্কো-এনালাইছিছ টেষ্টৰ অনুমতি দিছিল।

এতিয়া ছাত্ৰীগৰাকীৰ মাতৃয়ে তদন্তত হস্তক্ষেপ বিচাৰি মুখ্যমন্ত্ৰীলৈ চিঠি লিখিছে। তেওঁ লিখিছে, মোৰ ল’ৰাটোক কোনে হত্যা কৰিলে সেইটো জানিবলৈ আপোনাৰ হস্তক্ষেপ বিচাৰিছো। হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ জনাইছো। তেওঁক কিয় হত্যা কৰা হ’ল সেই কথাও বিচাৰি উলিয়াবলৈ তেওঁ অনুৰোধ জনায়।

Apply Now

অৱশ্যে আই আই টি কৰ্তৃপক্ষ আৰু আৰক্ষীৰ অনুমান ছাত্ৰজনে আত্মহত্যা কৰিছে। কিন্তু ছাত্ৰজনৰ পৰিয়ালে দাবী কৰিছে যে তেওঁক হত্যা কৰা হৈছে।

ফাইজানৰ মাক ৰাহানা আহমেদে কয়, ‘আমি ন্যায় বিচাৰো। সেইবাবেই মই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ এখন চিঠি প্ৰেৰণ কৰিছো। মই তেওঁৰ সহায় বিচাৰো। আৰক্ষীয়ে যেতিয়া তদন্ত কৰিছিল মোৰ ল’ৰাটোৱে আত্মহত্যা কৰা বুলি কৈছিল। পিছত আকৌ আদালতে বিশেষ তদন্তকাৰী দল গঠন কৰিবলৈ কয়।‘

ইপিনে, কলিকতা উচ্চ ন্যায়ালয়ে এজন অৱসৰপ্ৰাপ্ত ফৰেনছিক বিশেষজ্ঞৰ পৰামৰ্শ বিচাৰিছিল। আচলতে প্ৰথম মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কিছু অস্পষ্ট আছিল। তাৰ পিছত দ্বিতীয়টো প্ৰতিবেদন। তাত মৃতকৰ মূৰত হেমাটমাৰ লক্ষণ দেখা গৈছে। প্ৰথম প্ৰতিবেদনত সেইটো নাছিল।

দ্বিতীয়টো প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ছাত্ৰজনৰ প্ৰচুৰ ৰক্তক্ষৰণ হৈছিল। ইয়াৰ পিছত ইয়াকে লৈ এক ডাঙৰ ৰহস্যৰ উদ্ভৱ হ’ল। তদন্ত অব্যাহত থাকিল।

২০২২ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও তদন্ত খৰতকীয়া কৰিবলৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিছিল। এতিয়া মৃত ছাত্ৰজনৰ মাতৃয়েও পশ্চিমবংগৰ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ লিখিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

June 20, 2026 9:00 pm
মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

June 20, 2026 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd