• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ গৈ নিৰুদ্দেশ হৈছে পৰ্যটক কঢ়িয়াই নিয়া চাবমেৰিন ‘টাইটান’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2023 12:58 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টাইটানিক জাহাজৰ ধ্বংসাৱশেষ চাবলৈ পৰ্যটক কঢ়িয়াই নিয়া চাবমেৰিন ‘টাইটান’ আটলাণ্টিক মহাসাগৰত আৰু বিচাৰি পোৱা নাই।

জানিব পৰা মতে, তাত পাঁচজন মানুহ আছিল। পাইলটৰ বাহিৰেও চাবমেৰিনত চাৰিজন পৰ্যটক আছিল। ২৪ ঘণ্টাৰো অধিক পাৰ হৈ গ’ল৷ আটলাণ্টিকত পূৰ্ণগতিত ইয়াৰ সন্ধান চলি আছে।

উল্লেখ্য যে ‘টাইটান’ৰ যাত্ৰা আৰম্ভ হৈছিল নিউফাউণ্ডলেণ্ডৰ ছেইণ্ট জনছৰ পৰা। ছাবমেৰিনখনত জৰুৰীকালীন পৰিস্থিতিৰ বাবে ৯৬ ঘণ্টাৰ অক্সিজেন মজুত আছিল। বিশেষজ্ঞসকলে অনুমান কৰিছে যে ইতিমধ্যে যথেষ্ট পৰিমাণৰ অক্সিজেন শেষ হৈ গৈছে। চাবমেৰিনখনত আছে ব্ৰিটেইনৰ কোটিপতি ব্যৱসায়ী হামিছ হাৰ্ডিং।

Apply Now

ছাবমেৰিনখনৰ সন্ধানত পৰ্যটন সংস্থা ‘ৱানগেট’ৰ অভিযান চলি আছে। তেওঁলোকেই ছাবমেৰিনত টাইটানিক দৰ্শনৰ আয়োজন কৰিছিল। সংস্থাটোৰ উপৰিও আমেৰিকাৰ ক’ষ্ট গাৰ্ড আৰু কানাডাৰ সেনাইও এই অনুসন্ধানত যোগদান কৰিছে। ইয়াৰ সমান্তৰালকৈ বায়ুসেনাই আকাশী অনুসন্ধানতো সহায় কৰি আছে।

ছাবমেৰিনখন য’ত বিচাৰি ফুৰিছে তাত সাগৰত তিনিৰ পৰা ছয় ফুট ওখ ঢৌ আছে। বতৰৰ পৰিস্থিতি স্বাভাৱিক। কিন্তু ঘন কুঁৱলীৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে উদ্ধাৰকাৰীসকল।

বাতৰি অনুসৰি, ভাৰতীয় মুদ্ৰাত প্ৰতিজন পৰ্যটকৰ টিকটৰ দাম দুই কোটিতকৈও অধিক! পৰ্যটন সংস্থাটোৰ ৱেবছাইটত কোৱা হৈছে যে ২০২৪ চনত তেওঁলোকে টাইটানিক দৰ্শনৰ বাবে দুবাৰকৈ পৰ্যটক লৈ যাব। কিন্তু টাইটানিক জাহাজ দৰ্শনৰ বাবে যোৱাৰ পিছত এতিয়া সেই ‘টাইটান’খনেই নোহোৱা হৈ গ’ল।

উল্লেখ্য যে ১৯১২ চনৰ ১৫ এপ্ৰিলত চাউদাম্পটনৰ পৰা টাইটানিক জাহাজ যাত্ৰা আৰম্ভ কৰে। যোৱাৰ কথা আছিল নিউয়ৰ্কলৈ। কিন্তু প্ৰথম যাত্ৰাতে টাইটানিক জাহাজ এখন বৰফৰ পাহাৰত খুন্দা মাৰি ডুব যায়। বিমানখনত থকা ২২০০ যাত্ৰী আৰু ক্ৰুৰ ভিতৰত ১৫০০ৰো অধিক লোকৰ মৃত্যু হয়।

টাইটানিক জাহাজৰ ধ্বংসাৱশেষ আটলাণ্টিকৰ প্ৰায় চাৰি হাজাৰ মিটাৰ তলত দুটা ভাগত পৰি আছে। ১৯৮৫ চনত প্ৰথমবাৰৰ বাবে এই ধ্বংসাৱশেষ আৱিষ্কাৰ কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd