• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছাজিদ নাদিলৱালাৰ পৰা নাগাৰ্জুনলৈকে! আৰু কাৰ কাৰ হৃদয়েৰে খেলিলে টাবুৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2023 6:30 pm
ছাজিদ নাদিলৱালাৰ পৰা নাগাৰ্জুনলৈকে! আৰু কাৰ কাৰ হৃদয়েৰে খেলিলে টাবুৱে
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলিউডৰ তেনেই চিনাকী মুখ এইখন। মোহময়ী অভিনেত্ৰী টাবুক চিনি নোপোৱা মানুহ হয়তো খুব কমেইহে ওলাব।  কিন্তু এই টাবুৰ প্ৰেম কাহিনী সদায়ে চৰ্চাত থাকে। বিভিন্ন অভিনেতাৰ হৃদয় চুৰ কৰিছে এইগৰাকী অভিনেত্ৰীয়ে। আজি আমি আপোনালোকৰ মনোৰঞ্জনৰ উদ্দেশ্যে জনাম এইগৰাকী অভিনেত্ৰীৰ প্ৰেম কাহিনীৰ বিষয়ে –

১৯৯২ চনৰ ১০ মে’ৰ কথা।  দুগৰাকী জনপ্ৰিয় তাৰকাৰ বিয়া উপলক্ষে বলিউডত উখল মাখল পৰিৱেশ হৈছিল। বলীউডৰ অভিনেত্ৰী দিব্যা ভাৰতীয়ে প্ৰযোজক তথা পৰিচালক চাজিদ নাদিয়াদৱালাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

কিন্তু চাজিদ আৰু দিব্যাৰ সুখী পৰিয়ালটো এবছৰো স্থায়ী নহ’ল। বিয়াৰ দহ মাহৰ পাছত তেওঁলোকৰ ঘৰৰ পঞ্চম মহলাৰ পৰা পৰি দিব্যাৰ মৃত্যু হয়। এই ঘটনাত চাজিদ বৰ ভাঙি পৰিছিল।

দিব্যাৰ ঘনিষ্ঠ বন্ধু হোৱাৰ বাবে অভিনেত্ৰী টাবুৱে চাজিদক আগৰ পৰাই চিনি পাইছিল। দিব্যাৰ মৃত্যুৰ পিছত টাবুৱে চাজিদৰ সৈতে এখন ছবিৰ কাম আৰম্ভ কৰে। ছবিখন আছিল ‘জীত’৷

শ্বুটিঙৰ সময়ত ছাজিদে টাবুৰ লগত নিজৰ সুখ-দুখৰ কথা ভাগ কৰিছিল। দুয়োৰে বন্ধুত্ব গভীৰ হৈ পৰে আৰু ছাজিদে নজনাকৈয়ে টাবুৰ প্ৰেমত পৰে।

টাবুক নিজৰ অনুভৱৰ কথা কোৱাৰ পিছত ছাজিদে ক’লে- “তুমি মোৰ লগত থাকিব বিচাৰিলে তুমি মোৰ জীৱনৰ দ্বিতীয় নাৰী, দ্বিতীয় প্ৰেম হ’ব লাগিব। দিব্যাক মই কেতিয়াও পাহৰিব নোৱাৰো। তাই মোৰ জীৱনৰ প্ৰথম মহিলা হ’ব।”

ছাজিদৰ এই কথাত টাবুৱে আপত্তি কৰা নাছিল। টাবুৰ লগত ছাজিদৰ সম্পৰ্ক বাঢ়ি গৈ থাকিল। গজৱ শুনা যায় যে তেওঁলোকে গোপনে আঙঠি বিনিময়ো কৰিছিল।

টাবু আৰু ছাজিদ দুয়োৱে সম্পৰ্কটো গোপন কৰি ৰাখিব বিচাৰিছিল। তেওঁলোকে ভাবিছিল যে পত্নীৰ মৃত্যুৰ পিছত আন এগৰাকী অভিনেত্ৰীৰ সৈতে সম্পৰ্কৰ খবৰ পোৱাৰ পিছত ছাজিদ কটুক্তিৰ বলি হ’ব।

টাবুৱেও তেওঁৰ সৈতে ছাজিদৰ সম্পৰ্কৰ বিষয়ে কাকো অৱগত কৰা নাছিল। কিন্তু ৰেডিঅ’ শ্ব’ এটাৰ সাক্ষাৎকাৰৰ সময়ত অভিনেত্ৰীগৰাকীয়ে ভুলতে ছাজিদৰ সৈতে থকা সম্পৰ্কৰ কথা ক’লে। এই ঘটনাৰ পিছতে ছাজিদে তবুক বিয়া কৰাবলৈ সিদ্ধান্ত লয়।

কিন্তু টাবুৱে নাকচ কৰিলে ছাজিদৰ বিবাহৰ প্ৰস্তাৱ। আনকি, অভিনেত্ৰীগৰাকীয়ে মুম্বাই এৰি হায়দৰাবাদলৈ গুছি যায়। পিছত ছাজিদে গম পায় যে তেওঁলোকৰ সম্পৰ্কত তৃতীয় এজন ব্যক্তিয়ে প্ৰৱেশ কৰিছে৷ সেইবাবেই লগে লগে টাবুৱে তেওঁৰ পৰা আঁতৰি গৈছে। এই তৃতীয় ব্যক্তিজন আন কোনো নহয়, দক্ষিণৰ চলচ্চিত্ৰ জগতৰ অভিনেতা নাগাৰ্জুন।

১৯৯৮ চনত ৰোমান্টিক কমেডী তেলেগু ছবি ‘অবীৰা মা আভেৰে’ ছবিগৃহত মুক্তি লাভ কৰে। এই ছবিখনৰ শ্বুটিঙৰ সময়ত নাগাৰ্জুনে টাবুৰ সৈতে বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্কত লিপ্ত হয়।

টাবুৰ মন ছাজিদৰ পৰা তেতিয়াই আঁতৰি গ’ল। নাগাৰ্জুনৰ সৈতে অধিক সময় কটাবলৈ টাবুৱে মুম্বাইৰ পৰা হায়দৰাবাদলৈ ৰাওনা হয়। হায়দৰাবাদৰ ঘৰৰ সমীপতে নাগাৰ্জুনে টাবুৰ বাবে ঘৰ কিনিছিল বুলি চৰ্চা চলিছিল৷

২০০০ চনত টাবু আৰু নাগাৰ্জুনক একেলগে দেখা গৈছিল। চলচ্চিত্ৰ জগতৰ এটা অংশই ভাবিছিল যে নাগাৰ্জুনে পত্নীৰ পৰা বিচ্ছিন্ন হৈ তবুক বিয়া কৰাব। টাবুৱেও তেনেকৈয়ে ভাবিছিল। কিন্তু নাগাৰ্জুনক বিয়া কৰাবলৈ গৈ অভিনেত্ৰীগৰাকীৰ সপোন ছিন্নভিন্ন হৈ পৰিল।

দহ বছৰতকৈও অধিক সময় নাগাৰ্জুনৰ সৈতে সম্পৰ্কত থকাৰ পিছত টাবুৱে উপলব্ধি কৰে যে নাগাৰ্জুনৰ বাবে বিবাহ বিচ্ছেদ অসম্ভৱ। ২০১২ চনত অভিনেতাগৰাকীৰ সৈতে সম্পৰ্ক সমাপ্ত কৰি মুম্বাইলৈ উভতি আহে টাবুৱে।

মুম্বাইলৈ উভতি অহাৰ পিছত পুনৰ নিজৰ কেৰিয়াৰত ব্যস্ত হৈ পৰিল টাবু। আনহাতে ছাজিদেও ৱাৰ্ডা খান নামৰ এগৰাকী সাংবাদিকৰ সৈতে ২০০০ চনত বিবাহপাশত আবদ্ধ হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চুডানত ভয়ংকৰ ভূমিস্খলন : কমেও ১০০০ লোকৰ মৃত্যু

চুডানত ভয়ংকৰ ভূমিস্খলন : কমেও ১০০০ লোকৰ মৃত্যু

September 2, 2025 3:39 pm
‘প্ৰায় নিশ্চিত’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মণিপুৰ ভ্ৰমণ!

‘প্ৰায় নিশ্চিত’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মণিপুৰ ভ্ৰমণ!

September 2, 2025 3:15 pm
অসম-মেঘালয় সীমান্তত উন্নয়নৰ ভয়বহ ছবি: বাঁহৰ চাঙিত চিকিৎসালয়লৈ নিবলগীয়া হ’ল  গৰ্ভৱতী মহিলাক

অসম-মেঘালয় সীমান্তত উন্নয়নৰ ভয়বহ ছবি: বাঁহৰ চাঙিত চিকিৎসালয়লৈ নিবলগীয়া হ’ল  গৰ্ভৱতী মহিলাক

September 2, 2025 2:51 pm
গুলী ফুটাই পলাল ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ বিধায়ক, বাধা দিবলৈ চেষ্টা কৰা আৰক্ষীকো খুন্দিয়ালে গাড়ীৰে

গুলী ফুটাই পলাল ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ বিধায়ক, বাধা দিবলৈ চেষ্টা কৰা আৰক্ষীকো খুন্দিয়ালে গাড়ীৰে

September 2, 2025 1:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চুডানত ভয়ংকৰ ভূমিস্খলন : কমেও ১০০০ লোকৰ মৃত্যু

চুডানত ভয়ংকৰ ভূমিস্খলন : কমেও ১০০০ লোকৰ মৃত্যু

September 2, 2025 3:39 pm
‘প্ৰায় নিশ্চিত’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মণিপুৰ ভ্ৰমণ!

‘প্ৰায় নিশ্চিত’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মণিপুৰ ভ্ৰমণ!

September 2, 2025 3:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd