• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

মোদীৰ মৌনতাৰ মাজতে কাইলৈ ‘অশান্ত’ মণিপুৰত ৰাহুল গান্ধী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 28, 2023 9:34 am
Manipur
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়াও শান্ত হোৱা নাই মণিপুৰ। ৰাজ্যখনত সৃষ্টি হোৱা ভয়াৱহ সংঘৰ্ষ জৰ্জৰ পৰিস্থিতিৰ প্ৰায় দুমাহ সম্পূৰ্ণ হওঁ হওঁ। কিন্তু এতিয়াও ৰাজ্যখনৰ পৰিস্থিতি সন্দৰ্ভত মৌন হৈ আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীগৰাকীৰ এই মৌনতাক লৈ সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ।

মণিপুৰক লৈ মোদীৰ মৌনতাক লৈ ৰাজ্যখনৰ জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালভাৱে বিৰোধী দলসমূহেও সমালোচনা কৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ এই মৌনতাৰ মাজতে কাইলৈ অশান্ত মণিপুৰ ভ্ৰমণৰ বাবে সাজু হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী।

দুদিনীয়া ভ্ৰমণসূচীৰে অৰ্থাৎ ২৯-৩০ জুনত কংগ্ৰেছ নেতাগৰাকীয়ে হিংসাজৰ্জৰ মণিপুৰ ভ্ৰমণৰ কথা ঘোষণা কৰিছে। মণিপুৰৰ ৰাইজে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বুজ লোৱাৰ লগতে শেহতীয়া হিংসাত্মক ঘটনাৰ দ্বাৰা ক্ষতিগ্ৰস্তসকলক সমৰ্থন আগবঢ়োৱাৰ লক্ষ্যৰে এই ভ্ৰমণ কৰিব ৰাহুল গান্ধীয়ে।

লগতে হিংসাত্মক পৰিস্থিতিয়ে সৰ্বশ্ৰান্ত কৰি তোলা ৰাজ্যখনত স্থাপন কৰা সাহায্য শিবিৰ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত ব্যক্তিসকলক সাহায্য প্ৰদান কৰিব নেতাগৰাকীয়ে। ইম্ফল আৰু চুৰাচান্দপুৰৰ নাগৰিক সমাজৰ প্ৰতিনিধিৰ সৈতেও তেওঁ মত বিনিময় কৰিব।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ কে চি ভেনুগোপালে এক টুইট যোগে গান্ধীৰ ভ্ৰমণৰ বিষয়ে সদৰী কৰি কয় যে প্ৰায় দুমাহ ধৰি জ্বলি থকা মণিপুৰক এক নিৰাময় স্পৰ্শৰ অতি প্ৰয়োজন যাতে সমাজখন সংঘাতৰ পৰা শান্তিলৈ আগবাঢ়িব পাৰে।

তেওঁ লগতে মণিপুৰৰ সংঘাতপূৰ্ণ পৰিস্থিতিক এক মানৱীয় ট্ৰেজেডী আখ্যা দিয়ে আৰু এনে পৰিস্থিতিত ‘ঘৃণাৰ নহয়, প্ৰেমৰ শক্তি হোৱাটো আমাৰ দায়িত্ব’ বুলি টুইটটোত উল্লেখ কৰে।

Sh. @RahulGandhi ji will be visiting Manipur on 29-30 June. He will visit relief camps and interact with civil society representatives in Imphal and Churachandpur during his visit.

Manipur has been burning for nearly two months, and desperately needs a healing touch so that the…

— K C Venugopal (@kcvenugopalmp) June 27, 2023

উল্লেখ্য যে, বিগত ৩ মে’ৰ পৰাই অভাৱনীয় হিংসাত্মক পৰিস্থিতিয়ে বিৰাজ কৰিছে ৰাজ্যখনত। ৰাজ্যখনত শান্তি-শৃংখলা পুনৰ ঘূৰাই অনাত ব্যৰ্থ হোৱাৰ অভিযোগত ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনক বৰ্খাস্ত কৰাৰ দাবী তুলিছে কংগ্ৰেছে।

কংগ্ৰেছে লগতে মণিপুৰৰ বিষয়ত মৌন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘মন কী বাত’ত প্ৰথমে ‘মণিপুৰ কী বাত’ অন্তৰ্ভুক্ত হ’ব লাগিছিল বুলি কটাক্ষ কৰে। মণিপুৰ জ্বলি থকাৰ সময়ত কেন্দ্ৰৰ মোদী চৰকাৰ শুই আছে বুলি আক্ৰমণ কৰে কংগ্ৰেছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd