নৱ প্ৰজন্মৰ তাৰুণ্য তগবগৱো ওঁঠত ওলমি থাকে যাৰ কবিতাৰ ভাবোচ্ছ্বাসিত গধুৰ পংক্তি, সেই কবি হীৰুদাৰ আজি একাদশ মৃত্যু বাৰ্ষিকী। আজিৰ দিনটোৱেই আছিল ‘সুগন্ধি পখিলাৰ কবি’ হীৰুদা আঁতৰি যোৱাৰ দিন। কবিতাবোৰ নিথৰ হোৱাৰ দিন।
কবিগৰাকীৰ অসংখ্য গুণমুগ্ধই আজি কবিজনক শ্ৰদ্ধাৰে সোঁৱৰিছে। কবিজনাৰ স্মৰণত ছ’চিয়েল মিডিয়াতো অজস্ৰজনে পোষ্ট দিছে।
অসমৰ এই বৰেণ্য কবিজনৰ, অৰ্থাৎ হীৰেন ভট্টাচাৰ্যৰ ২০১২ চনৰ আজিৰ দিনটোতে দেহাৱসান ঘটিছিল।
অসমীয়া কাব্য সাহিত্যত প্ৰেম আৰু ৰ’দালিৰ ৰহন সানি কাব্যপ্ৰেমীক আন্দোলিত কৰি তোলা সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য, আমাৰ অসমীয়াৰ হিয়াৰ আমঠু হীৰুদা। অসমীয়া কবিতাৰ সকলো শ্ৰেণীৰ পাঠকৰ বাবে ৰসাস্বাদন কৰিব পৰা এলানি কবিতাৰে হীৰুদাই অসমীয়া সাহিত্যত সৃষ্টি কৰি থৈছে এটা আলফুলীয়া কাব্য কান্তিৰ অননুকৰণীয় ধাৰা।
১৯৩২ চনৰ ২৮ জুলাইত যোৰহাটত জন্মগ্ৰহণ কৰা হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ গুণগ্ৰাহী অলেখ। সম্ভৱত: অসমীয়া কাব্যজগতত ইও এক বিৰল উদাহৰণ। কাব্যপ্ৰেমীৰ অন্তৰত হীৰুদাই প্ৰোথিত কৰি থৈ যোৱা শব্দৰ নিৰ্ভাৰ ঐন্দ্ৰজালিকতাই সুখৰ দিনতে নহয়, দুখৰ দিনতো বুঁকুজুৰি বৈ থাকে।
অসমীয়া কাব্যজগতত হীৰুদাৰ দৰে জনপ্ৰিয়তা আন কোনো কবিৰে নাই। ইয়াৰ কাৰণ তেওঁৰ কবিতাৰ অনুভৱে অন্তৰ স্পৰ্শ কৰাৰ লগে লগে চিন্তা-চেতনাকো আলোড়িত কৰি তোলে। হীৰুদাৰ প্ৰতিটো কবিতাই একোটা সাৰ্থক কবিতা।
সুগন্ধি পখিলা কবি তথা প্ৰেম আৰু ৰ’দালিৰ কবি হীৰুদাৰ কবিতাত আছে মাটিৰ গোন্ধ। ‘ভালপোৱাৰ বোকামাটি’ৰে হীৰুদাই কাব্যপ্ৰেমীৰ অন্তৰত ‘সুগন্ধি পখিলা’ৰ সৃষ্টি কৰি গৈছে।
তেওঁৰ কবিতাৰ কাবিক্যতা আৰু কথনশৈলীত আছে অন্য মাত্ৰা।কবিতা কম ভালপোৱা বা কমকৈ বুজি পোৱা লোকৰ বাবেও হীৰুদাৰ কবিতা আছিল তেনেই সহজবোধ্য তথা সমানে প্ৰিয়।
“তুমিতো জানাই এই কবিৰ আৰু একো নাই। এটাই মাথোঁ কামিজ, তাৰো ছিগো ছিগো চিলাই…” হয়তো আছিল হীৰুদাৰ আটাইতকৈ চিনাকি ছন্দ।
সেইদৰে “ফুল-আলসুৱা তোমাৰ / মুখৰ শইচ-সোণালী হাঁহি /অযুত তৰাৰ ঘুমটি ভাঙি / যেন সূৰ্য আহিছে নামি!…আন এটি জনপ্ৰিয় পংক্তি।
চিৰসেউজ হৈ থকা হীৰুদাৰ এই কবিতাবোৰৰ মাজতে আজি কাব্যপ্ৰেমীসকলে হীৰুদাক বিচাৰি পায়। হীৰুদাৰ শব্দৰ থুনপাক, যাদুকৰী ছন্দৰ কোনো তুলনা অসম্ভৱ।
নিজৰ কবিতাৰ দৰেই কবি হীৰুদা আজি অমৰ, হীৰুদাৰ মৃত্যু আজি এটা শিল্প। (মৃত্যুওতো এটা শিল্প/জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য্য -হীৰুদা)।
‘ভালপোৱাৰ বোকামাটি’ বিচাৰি ফুৰা কবি হীৰুদাৰ সুগন্ধি কবিতাৰ ছন্দই সদায়েই কাব্যপ্ৰেমীৰ অন্তৰৰ আৱৰণ খুলি হৃদয় জুৰায়।
অসমীয়া ভাষাত হীৰুদাৰ ১৩ খন কবিতা পুথি প্ৰকাশ পোৱাৰ উপৰি বাংলাতো প্ৰকাশ পাইছে ২ খন কবিতা পুথি। অসমীয়া সাহিত্য জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে হীৰুদাক ১৯৯২ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০০ চনত অসম উপত্যকা বঁটাৰে সন্মানিত কৰা হয়।
আনহাতে, সাহিত্য কৃতিৰ স্বীকৃতি স্বৰূপে বিষ্ণু ৰাভা বঁটা, ৰাজাজী পুৰস্কাৰ বঁটা, ছোভিয়েট দেশ নেহৰু বঁটা আদিৰেও তেওঁ সন্মানিত হৈছিল।
অসমীয়া কাব্যপ্ৰেমীক সদায় অনুভৱৰ পৃথিৱীখনলৈ আকৰ্ষণ কৰি অহা হীৰুদাৰ স্মৃতি কবিৰ ভাষাৰে ‘বকুল ফুলৰ দৰে, জোনাকৰ পখী উৰে….এন্ধাৰে এন্ধাৰে।
আজি কবিগৰাকীৰ একাদশ সংখ্যক মৃত্যু বাৰ্ষিকীত আমিও কবিগৰাকীলৈ যাঁচিছো একাজলি শ্ৰদ্ধাঞ্জলি।