উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ জনপ্ৰিয় দয়াৰা বুগিয়াল ট্ৰেক ৰুটত সন্ধানহীন হোৱা যুৱতীগৰাকীৰ ছয় দিনৰ পাছতো সন্ধান পোৱা নাই। ২৪ বছৰীয়া এম বি এ ছাত্ৰী ববিতা পাণ্ডেৰ নিৰুদ্দেশৰ ৰহস্য তীব্ৰতৰ হৈ পৰিছে।
ইফালে, তেওঁৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তেওঁৰ সৈতে সোধা-পোছাৰ বাবে ট্ৰেকত যোৱা দুজন বন্ধুক আটক কৰি ৰাখিছে। আনহাতে বন বিভাগ, স্থানীয় প্ৰশাসন, আৰক্ষী আৰু উদ্ধাৰ বাহিনীয়ে ববিতাৰ সন্ধানত অভিযান চলাইছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি ববিতাই ট্ৰেকিং গ্ৰুপৰ সৈতে দয়াৰা বুগিয়াললৈ ট্ৰেকিং অভিযানত গৈছিল। যোৱা ২৯ মে’ৰ নিশা ট্ৰেকিংৰ সময়ত গাই কেম্পছাইট এলেকাৰ পৰা সন্ধানহীন হৈছিল যুৱতীগৰাকী। তেওঁক শেষবাৰৰ বাবে চিচিটিভিত দেখা গৈছিল গাই কেম্প ছাইটত। তেতিয়াৰ পৰা বাকীবোৰৰ তেওঁৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে।
নাইনিতালৰ নিবাসী ববিতাৰ সৈতে ট্ৰেকত যোৱা সংগী দুজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যুৱতীৰ পৰিয়ালে। সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে হৰমনপ্ৰীত আৰু হৰমনপাল নামৰ দুজন সহযাত্ৰীক সোধা-পোছাৰ বাবে আটক কৰিছে। তদন্তকাৰীয়ে তেওঁলোকৰ বক্তব্যত অসামঞ্জস্যতা বিচাৰি পাইছে নে নাই সেয়া জানিব পৰা হোৱা নাই। অৱশ্যে সকলো সম্ভাৱ্য দিশৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। তদন্তকাৰীয়ে কোনো দুৰ্ঘটনা, বন্যপ্ৰাণীৰ আক্ৰমণ বা কোনো অপৰাধমূলক কাণ্ডৰ সম্ভাৱনা নুই কৰা নাই।
তদন্তৰ সময়ত পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য। ববিতা আৰু তেওঁৰ সংগী দুজনৰ নামত ম্যাদ উকলি যোৱা ট্ৰেকিং পাৰ্মিট উদ্ধাৰ হোৱা বুলি প্ৰশাসনে দাবী কৰিছে। অভিযোগ অনুসৰি পুৰণি অনুমতি পত্ৰৰ লগত নতুন নাম সংলগ্ন কৰি ব্যৱহাৰ কৰা হৈছিল যাতে বাধ্যতামূলক পঞ্জীয়ন, পৰিৱেশ মাচুল আৰু অন্যান্য নিষেধাজ্ঞাৰ পৰা হাত সাৰিব পৰা যায়। এই ঘটনাই উত্তৰকাশীত ভুৱা ট্ৰেকিং পাৰ্মিট চক্ৰৰ অস্তিত্বকলৈও প্ৰশ্ন উত্থাপন কৰিছে।
আৰক্ষী আৰু প্ৰশাসনৰ তথ্য অনুসৰি ববিতাৰ নিৰুদ্দেশ কেৱল দুৰ্ঘটনা আছিল নে ইয়াৰ আঁৰত আন কিবা কাৰণ আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। সেয়েহে তদন্তকাৰীয়ে ট্ৰেক ৰুটৰ প্ৰতিটো অংশ পৰীক্ষা কৰি আছে।
জানিব পৰা মতে, যোৱা ২৫ মে’ত ববিতাই প্ৰথমে বন্ধু-বান্ধৱীৰ সৈতে ডেৰাডুনত উপস্থিত হৈছিল আৰু পিছত হৰ্শিল, গংগোত্ৰীকে ধৰি কেইবাটাও পৰ্যটনস্থলী পৰিদৰ্শন কৰিছিল। ২৮ মে’ত ৰাইথাল গাঁৱত উপস্থিত হৈ ৰাতিটো কটায়। তাৰ চিচিটিভি ফুটেজত শেষবাৰৰ বাবে দেখা গৈছিল ববিতাক।
২৯ মে’ত তিনিওজনে ৰাইথালৰ পৰা দয়াৰা বুগিয়াললৈ ট্ৰেকিং আৰম্ভ কৰি ৰাতিটো গই বেছ কেম্পত থাকি যায়। আৰক্ষীয়ে জনোৱা মতে, গভীৰ নিশা হঠাতে নিৰুদ্দেশ হৈছিল ববিতা। তেতিয়াৰ পৰা তেওঁক বিচাৰি পোৱা নাই।
যুৱতীগৰাকী সন্ধানহীন হোৱাৰ খবৰ পোৱাৰ পিছতে ব্যাপক উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। সম্প্ৰতি সেনা, আই টি বি পি, এছ ডি আৰ এফ, এন ডি আৰ এফ, আৰক্ষী, বন বিভাগ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সদস্যকে ধৰি প্ৰায় ১৫০ জনীয়া এটা দলে অভিযান চলাই আছে। ড্ৰ’ন, স্নিফাৰ ডগ, বিশেষ পৰ্বতাৰোহণ দল আৰু ডাইভিং দলো নিয়োগ কৰা হৈছে। দুৰ্গম পাহাৰীয়া ভূখণ্ড, ঘন বনাঞ্চল আৰু প্ৰতিকূল বতৰৰ মাজতো অনুসন্ধান অব্যাহত আছে। উত্তৰকাশী আৰক্ষীয়ে জনোৱা মতে, নিৰুদ্দেশ হোৱা ছোৱালীজনীক বিচাৰি নোপোৱালৈকে এই অভিযান অব্যাহত থাকিব।
এই ঘটনাই উত্তৰাখণ্ডৰ জনপ্ৰিয় ট্ৰেকিং ৰুটত নিৰাপত্তাৰ ব্যৱস্থা, পৰ্যটক পঞ্জীয়ন প্ৰক্ৰিয়া আৰু ট্ৰেকিং পাৰ্মিট ব্যৱস্থাপনাক লৈ সতেজ প্ৰশ্নৰ উত্থাপন কৰিছে।





