• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

সাত দশকৰ বৰ্ণিল যাত্ৰাৰ অন্ত: ৰূপালী পৰ্দাক চিৰবিদায় জনালে ক্লিণ্ট ইষ্টউডে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2026 5:15 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হলিউডৰ চলচ্চিত্ৰ জগতৰ এটা সোণালী অধ্যায়ৰ অন্ত পৰিল। বিগত সাতটা দশক ধৰি চিনেমা জগতত এক গভীৰ চাপ বহুওৱা বিখ্যাত পৰিচালক তথা অভিনেতা ক্লিণ্ট ইষ্টউডে অৱশেষত ৰূপালী পৰ্দাৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লৈছে।

অলপতে ৯৬ বছৰ বয়সত ধৰা দিয়া আৰু জীৱনকালত চাৰিবাৰকৈ অস্কাৰ সন্মান বুটলি লোৱা এইগৰাকী কিংবদন্তি তাৰকাই নিজৰ সুদীৰ্ঘ কেৰিয়াৰত সত্তৰখনতকৈও অধিক বোলছবি উপহাৰ দিছে। তেওঁৰ এই অৱসৰৰ খবৰটো শেহতীয়াকৈ তেওঁৰ পুত্ৰ তথা সংগীতজ্ঞ কাইল ইষ্টউডে ইণ্টাৰনেটত বিয়পি পৰা এটা ভিডিঅ’ৰ জৰিয়তে নিশ্চিত কৰিছে। কাইলে জানিবলৈ দিয়ে যে তেওঁৰ পিতৃৰ লগত কাম কৰাৰ অনেক ধুনীয়া স্মৃতি আছে আৰু বৰ্তমান তেওঁ সম্পূৰ্ণ অৱসৰ জীৱন যাপন কৰিছে।

Apply Now

চিনেমা নিৰ্মাণৰ ক্ষেত্ৰত ইষ্টউডৰ এক নিজস্ব আৰু অত্যন্ত শান্ত পদ্ধতি আছিল, যাৰ বাবে অভিনেত্ৰী লৰা লিনিয়ে তেওঁক বিশেষভাবে প্ৰশংসা কৰে। লিনিয়ে এবচলিউট পাৱাৰ, মিষ্টিক ৰিভাৰ আৰু চুলীৰ দৰে ছবিত কাম কৰাৰ অভিজ্ঞতাৰ পৰা কয় যে ইষ্টউডে শ্বুটিং ছেটত কেতিয়াও চিঞৰ-বাখৰ নকৰিছিল।

আচলতে ষাঠীৰ দশকত ৰ’হাইড নামৰ ৱেষ্টাৰ্ণ ধাৰাবাহিকখনত কাম কৰাৰ সময়তে তেওঁ দেখিছিল যে ডাঙৰ শব্দই ঘোঁৰাবোৰক সচকিত কৰি তোলে। সেইবাবেই তেওঁ কেতিয়াও একচন বা কাট বুলি জোৰেৰে নকৈ অতি ধীৰ স্বৰেৰে কেমেৰাৰ পিছৰ পৰা কাম চলাইছিল। তেওঁ সাধাৰণতে এটা টেকতে দৃশ্যগ্ৰহণ শেষ কৰিছিল আৰু সদায় একেখিনি কৰ্মীৰে কাম কৰিবলৈ ভাল পাইছিল। অতি কম খৰচত আৰু কম সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব পৰাটো তেওঁৰ এক অন্যতম সুনাম আছিল।

তেওঁৰ সুদক্ষ পৰিচালনাত অভিনয় কৰিয়েই পাঁচগৰাকীকৈ তাৰকাই অস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ ভিতৰত আনফৰগিভেন ছবিৰ বাবে জিন হেকমান, মিষ্টিক ৰিভাৰৰ বাবে চন পেন আৰু টিম ৰবিন্স, তথা মিলিয়ন ডলাৰ বেবী চিনেমাৰ বাবে হিলাৰী স্বাংক আৰু মৰগান ফ্ৰীমেন অন্যতম। মৰগান ফ্ৰীমেনে ইষ্টউডক তেওঁৰ জীৱনৰ শ্ৰেষ্ঠ পৰিচালক বুলিব খোজে। আনহাতে মেৰিল ষ্ট্ৰীপে সোঁৱৰণ কৰে যে দা ব্ৰিজেছ অৱ মেডিসন কাউণ্টি ছবিত অভিনয়ৰ বাবে যেতিয়া ষ্টুডিঅ’ কৰ্তৃপক্ষই তেওঁৰ বয়স ৪৫ বছৰ হোৱাৰ বাবে অনুপযুক্ত বুলি ভাবিছিল, তেতিয়া ক্লিণ্ট ইষ্টউডে তেওঁৰ পক্ষ লৈ যুঁজিছিল।

যোৱা শতিকাৰ ষাঠীৰ দশকত টিভি ধাৰাবাহিকৰ জৰিয়তে যাত্ৰা আৰম্ভ কৰা ইষ্টউডে চাৰ্জিঅ’ লিঅ’নৰ ডলাৰ্ছ ট্ৰিল’জীৰ দা গুড, দা বেড এণ্ড দা আগলি আদি ছবিৰ জৰিয়তে সমগ্ৰ বিশ্বতে পৰিচিত হৈ পৰিছিল। পৰৱৰ্তী সময়ত প্লে মিষ্টি ফৰ মি চিনেমাখনৰ জৰিয়তে তেওঁ পৰিচালনাৰ জগতত খোজ পেলায় আৰু ইয়াৰ পিছত আনফৰগিভেন, গ্ৰেন ট’ৰিনো, চেঞ্জলিং, আমেৰিকান স্নাইপাৰ আৰু দা মিউলৰ দৰে বিভিন্ন ধাৰাৰ বহুতো কালজয়ী ছবি নিৰ্মাণ কৰে। তেওঁ কেৱল এক নিৰ্দিষ্ট ধাৰাতে আৱদ্ধ নাথাকি থ্ৰিলাৰ, ৰোমাঞ্চ, যুদ্ধভিত্তিক চিনেমা বা মিউজিকেল আদি সকলোতে নিজৰ পাৰদৰ্শিতা দেখুৱাইছিল। ২০২১ চনৰ ক্ৰাই মাচো আছিল পৰ্দাত তেওঁৰ শেষ অভিনয় আৰু ২০২৪ চনত মুক্তি পোৱা জুৰী নম্বৰ ২ নামৰ আইনী থ্ৰিলাৰ চিনেমাখন আছিল পৰিচালক হিচাপে তেওঁৰ অন্তিম কাম। চলচ্চিত্ৰ বিশেষজ্ঞসকলৰ মতে, তেওঁৰ বিদায়ৰ লগে লগে হলিউডৰ এক ঐতিহাসিক অধ্যায়ৰ সামৰণি পৰিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

June 4, 2026 5:35 pm
গ্ৰহৰ সঞ্চালন, শুক্ৰ গ্ৰহক ঢাকি ধৰিব চন্দ্ৰই! জুন মাহত ঘটিব একাধিক মহাজাগতিক পৰিঘটনা

গ্ৰহৰ সঞ্চালন, শুক্ৰ গ্ৰহক ঢাকি ধৰিব চন্দ্ৰই! জুন মাহত ঘটিব একাধিক মহাজাগতিক পৰিঘটনা

June 4, 2026 5:31 pm
সাত দশকৰ বৰ্ণিল যাত্ৰাৰ অন্ত: ৰূপালী পৰ্দাক চিৰবিদায় জনালে ক্লিণ্ট ইষ্টউডে

সাত দশকৰ বৰ্ণিল যাত্ৰাৰ অন্ত: ৰূপালী পৰ্দাক চিৰবিদায় জনালে ক্লিণ্ট ইষ্টউডে

June 4, 2026 5:15 pm
ট্ৰেকিংত গৈ সন্ধানহীন ২৪ বছৰীয়া এম বি এ ছাত্ৰী; যুৱতীৰ ২ বন্ধুক আটক কৰি জেৰা, বাঢ়িছে ৰহস্য

ট্ৰেকিংত গৈ সন্ধানহীন ২৪ বছৰীয়া এম বি এ ছাত্ৰী; যুৱতীৰ ২ বন্ধুক আটক কৰি জেৰা, বাঢ়িছে ৰহস্য

June 4, 2026 4:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

June 4, 2026 5:35 pm
গ্ৰহৰ সঞ্চালন, শুক্ৰ গ্ৰহক ঢাকি ধৰিব চন্দ্ৰই! জুন মাহত ঘটিব একাধিক মহাজাগতিক পৰিঘটনা

গ্ৰহৰ সঞ্চালন, শুক্ৰ গ্ৰহক ঢাকি ধৰিব চন্দ্ৰই! জুন মাহত ঘটিব একাধিক মহাজাগতিক পৰিঘটনা

June 4, 2026 5:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd