• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আশাকৰ্মীক ব্ৰহ্মঠগন দিলে বিজেপি চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2023 6:44 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰে আশা কৰ্মী সকলৰ সৈতে অমানৱীয় ব্যৱহাৰ কৰিছে৷ পাৰিতোষিকৰ নামত চৰকাৰে আশা কৰ্মী সকলক দিয়া পুতৌলগা মাননিৰ তথ্য আপ অসমৰ ৰাজ্যিক যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱাই সংবাদমেলত ৰাজহুৱা কৰি কয় যে এই টকাৰে এটা পৰিয়াল চলাতো বাদেই এজন মানুহৰে ভাত মুকলি নহয়৷

উল্লেখযোগ্যযে কিছুবছৰৰ আগতে আশাকৰ্মী সকলৰ বাবে চৰকাৰে মাহিলী ৩০০০ টকাকৈ দৰমহা ঘোষণা কৰিছিল যদিও ৰাজহুৱা কৰা তথ্য অনুসৰি এইয়া মাথোঁ উদগনিমূলক মাননিহে৷ ইয়াৰে ২০০০ টকা পাবলৈ আশাকৰ্মী সকলে ৮ টা টাৰ্গেট আৰু অতিৰিক্ত ১০০০ টকা পাবলৈ ১৩ টা টাৰ্গেট পূৰণ কৰিবলগীয়া হয়৷ এই কষ্টকৰ টাৰ্গেটসমূহ পূৰণ কৰাৰ পিছতো কিন্তু কেতিয়াবা ৬ মাহলৈকে মাননি নাপায় আশা কৰ্মীসকলে৷

Apply Now

উদগনিমূলক মাননি প্ৰ-পত্ৰত উল্লেখ থকা আৰু কিছু টাৰ্গেট এনেধৰণৰঃ শিশুৰ মৃত্যুৰ প্ৰতিবেদনঃ ৫০ টকা, মাতৃৰ মৃত্যুৰ প্ৰতিবেদনঃ ২০০ টকা, পাঁচ বছৰৰ তলৰ শিশু থকা পৰিয়ালত ORS বিতৰণঃ ১ টকা, ০-১ বছৰৰ শিশুক সম্পূৰ্ণ প্ৰতিষেধক নিশ্চিত কৰাঃ ১০০ টকা৷ (অৰ্থাৎ ডেৰ মাহ, আঢ়ৈ মাহ, তিনি মাহ ১৫ দিন আৰু দহ মাহ আদিৰ সম্পূৰ্ণ প্ৰতিষেধক দিয়াৰ পিছত), Full ANC নিশ্চিত কৰাৰ বাবেঃ ১০০ টকা (অৰ্থাৎ ৪ বাৰ হস্পিতালত চেকআপ কৰোৱাৰ বাবদ), গৰ্ভাৱস্থাৰ আগতিয়া পঞ্জীয়ন আৰু বেংক একাউণ্ট খুলি দিয়াৰ বাবদ মাত্ৰ ৫০ টকা৷ তাৰোপৰি ঘৰলৈ গৈ গৰ্ভনিৰোধক বড়ি বিতৰণৰ বাবদ মাথোঁ ১ টকা (বিতৰণ কৰা ঘৰৰ পৰা সংগ্ৰহ কৰিব লাগে)৷  ইয়াতে লক্ষ্য ৰাখিব লগীয়া বিষয় হ’ল যে অধিক সংখ্যক গাঁৱৰ আশা কৰ্মীৰ কৰ্মস্থলীৰ পৰা বেংক ৰ দূৰত্ব ৫ ৰ পৰা ১০ কিঃমিঃ আৰু সন্তান প্ৰসৱ কৰোৱাৰ সুবিধা থকা চৰকাৰী হাস্পতালৰ দূৰত্ব প্ৰায় ১০ ৰ পৰা ২০ কিঃমিঃ পৰ্যন্ত৷

যিকোনো চৰকাৰী বিভাগে আশা কৰ্মী সকলক ভিন্ন কামত নিয়োজিত কৰোৱাই কেতিয়াবা পাবলগীয়া পাৰিতোষিকো নিদিয়ে৷ ৰ’দ-বৰষুণক ভ্ৰূক্ষেপ নকৰি ভেকচিন কেৰিয়াৰ কান্ধতলৈ ঘৰে ঘৰে পলিঅ’ প্ৰতিষেধক প্ৰদান কৰাৰ বাবদ দিনটোৰ হিচাপত চৰকাৰে দিয়ে মাত্ৰ ৭৫ টকা৷ ৭৫ টকাৰ মাননিৰে এখন ঘৰ চলোৱাটো বাদেই এক কেজি বিলাহীও নাপায় আজিৰ বজাৰত৷

কৰ’ণা কালত দিনে নিশাই জনসেৱা কৰা আশা কৰ্মী সকলক নিৰ্বাচনৰ সময়তো কামত লগালে অসম চৰকাৰে৷ কিন্তু পৰিতাপৰ বিষয়যে আজি পৰ্যন্ত সৰহসংখ্যক আশাই নাপালে মাননি৷ বহুতো আশা কৰ্মীয়ে সংঘবদ্ধভাবে আহ্বান জনোৱাৰ পিছতো চৰকাৰে আশা সকলক Volunteer Worker (স্বেচ্ছাসেৱী কৰ্মী) ৰ নাম দি উপহাস কৰিছে৷ আপ অসমৰ হৈ অম্লানজ্যোতি হাতীবৰুৱাই  অতিশীঘ্ৰে আশা কৰ্মী সকলৰ বকেয়া মাননি মোকলাই দিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে আশা কৰ্মী সকলক শ্ৰম আইন অনুসৰি (Unskilled Labour) অতিকমেও ১০,০০০ টকাৰ মাহিলী দৰমহা সুনিশ্চিত কৰাৰ দাবী জনায়৷

আজিৰ সংবাদমেলত আপ মহিলা শক্তিৰ সভাপতি অনুৰূপা বড়ো আৰু মুখপাত্ৰ জাৰবম কুটুমো উপস্থিত থাকে৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd