• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দুৰ্নীতি : অতুল বৰাৰ সমষ্টিত ৭ লাখ টকাৰ ৰাস্তাত পৰিল মাত্ৰ দুই গাড়ী শিলগুটি

উত্তম কুমাৰ শৰ্মা by উত্তম কুমাৰ শৰ্মা
July 11, 2023 7:45 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ ডেৰশ মিটাৰ দৈৰ্ঘ্যৰ এটা গ্ৰাম্য উপ পথৰ উন্নীতকৰণৰ বাবে বছৰ বছৰ ধৰি হাহাকাৰ কৰি আহিছে বোকাখাতৰ এখন গাঁৱৰ বাসিন্দাই।

কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ ঐতিহাসিক কুৰুৱাবাহীৰ পুৰণা সত্ৰ (স্থানীয় ভাবে ৰাধাচুক বুলি পৰিচিত) নামৰ গাঁৱখনৰ ৰাইজে এটা সুচল পথৰ বাবে দীৰ্ঘদিনৰ পৰাই কৰি আহিছে হাহাকাৰ ।

Apply Now

উল্লেখযোগ্য যে বিগত সময়চোৱাত সমষ্টিটোৰ পৰা নিৰ্বাচিত বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও বিধায়কে কাৰ্যকাল সমাপন কৰি গ’ল যদিও কোনো এগৰাকী বিধায়কেও আগ্ৰহ প্ৰকাশ নকৰিলে ঐতিহাসিক ঠাইখনৰ মাত্ৰ ডেৰশ মিটাৰ পথটোৰ মেৰামতি বা নতুনকৈ নিৰ্মান কৰি উলিওৱাৰ ক্ষেত্ৰত। লক্ষণীয়ভাৱে নিৰ্বাচিত প্ৰতি গৰাকী বিধায়কৰ কেৱল প্ৰতিশ্ৰুতিতে বন্দী হৈ থাকিল গাঁৱবাসীৰ এটা উন্নত যাতায়তৰ সপোন।

ইফালে আঞ্চলিকতাবাদৰ সহানুভূতি লৈ ২০১৬ চনত ৰাইজৰ প্ৰতিটো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে বোকাখাত বিধান সভা সমষ্টিলৈ নিৰ্বাচিত হৈ অহা বৰ্তমানৰ জেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰায়ো গাওঁ বাসীৰ সমস্যা সমাধানৰ প্ৰতি নেদেখুৱালে কোনো বিশেষ তৎপৰতা। কেৱল নামতহে আঞ্চলিকতাবাদীৰ মোহৰ লগাই ফুৰা অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাই দুটাকৈ কাৰ্যকালত বোকাখাত বিধান সভা সমষ্টিৰ উন্নয়ণৰ ক্ষেত্ৰত প্ৰকৃততে কি কৰি আছে সেয়া স্পষ্ট হৈছে ইতিমধ্যে সমষ্টিটোৰ গ্ৰামাঞ্চলত সঘনাই হৈ থকা জনসাধাৰণৰ প্ৰতিৰোধ আৰু প্ৰতিবাদী কাৰ্যসূচীবোৰতেই।

তাৎপৰ্যপূৰ্ণ কথা যে আধাৰশিলাৰ ৰাজনীতিৰে সমষ্টিত চমক দি ধনবল,বাহুবলৰে দুবাৰকৈ বিধায়ক পদ দখল কৰা মন্ত্ৰী অতুল বৰাৰ কাৰ্যকালতে ২০১৭ চনত পথচোৱাত এটি আধাৰশিলা স্থাপন কৰি ৭,৫২,০২০ টকাৰ এটি আঁচনি মুকলি কৰা হৈছিল যদিও কাৰ্যক্ষেত্ৰত মন্ত্ৰী গৰাকীৰ ঘনিষ্ঠ ঠিকাদাৰজনে মাত্ৰ দুগাড়ী শিলগুটি পেলাইয়েই দায়িত্ব সামৰিছিল পথচোৱাৰ নিৰ্মাণৰ কাম।আৰু তাৰেই সাক্ষী হৈ আজিও হাবি জংঘলৰ মাজত পৰি আছে “উন্নয়ণৰ আধাৰশিলা”। যাৰ পৰিণতিত বাৰিষা হ’লেই বোকা-পানীৰে পৰিপূৰ্ণ গেলা নৰ্দমাসদৃশ হৈ পৰা উক্ত ডেৰশ মিটাৰৰ পথটোৰেই দৈনন্দিন যাতায়ত কৰি আহিছে গাওঁখনৰ ৰোগী, প্ৰসূতি,বৃদ্ধকে আদি কৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰী তথা গাওঁবাসীয়ে।

স্থানীয় ৰাইজৰ অভিযোগ -সমস্যা সম্পৰ্কে সংশ্লিষ্ট বিভাগৰ লগতে কাষতে থকা কুৰুৱাবাহী গাওঁ পঞ্চায়তক অৱগত কৰাৰ পাছতো পথচোৱাৰ মেৰামতিৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহন নকৰিলে কোনেও।

শেহতীয়াকৈ যোৱা দেওবাৰে গাঁৱখনত উপস্থিত হয়গৈ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ এটা দল। জিলা উপ সভাপতি ৰাহুল দাসৰ নেতৃত্বত যোৱা সংগঠনটোৰ বিষয়ববীয়া সকলে গাওঁ বাসীয়ে ভুগী অহা সমস্যাৰ বাবে সংশ্লিষ্ট বিভাগৰ লগতে স্থানীয় বিধায়কক দোষাৰোপ কৰাৰ লগতে পথচোৱাৰ শীঘ্ৰেই মেৰামতি বা নতুনকৈ নিৰ্মানৰ বাবে দাবী জনাইছে সংশ্লিষ্ট বিভাগৰ লগতে বোকাখাতৰ বিধায়ক অতুল বৰাক।

উত্তম কুমাৰ শৰ্মা

উত্তম কুমাৰ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd