• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

বিদেশত ভাৰতীয় চোৰাংচোৱাৰ চাৰ্জিকেল ষ্ট্ৰাইক! এজন এজনকৈ উগ্ৰপন্থী-নেতাক হত্যা RAWৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2023 10:09 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত ডেৰ মাহত ইজনৰ পিছত সিজনকৈ মৃত্যু হৈছে বিচ্ছিন্নতাবাদী খালিস্তানী নেতাৰ। যদি কোনোবাই পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লৈছে, কোনোবাজনক গুলীয়াই হত্যা কৰা হৈছে। ডেৰ মাহৰ ভিতৰতে তিনিজন খালিস্তানী নেতা হৰদীপ সিং নিজ্জাৰ, পৰমজিৎ পঞ্জৰ আৰু অৱতাৰ সিং খান্দাৰ মৃত্যু হৈছিল।

ইয়াৰ পিছতেই গুঞ্জন পান্নুন নামৰ আন এজন বিচ্ছিন্নতাবাদী খালিস্তানী নেতাৰ মৃত্যু হয়। কিন্তু এই সকলোবোৰ মৃত্যু স্বাভাৱিক নে পৰিকল্পিত হত্যা? খালিস্তান সমৰ্থক নেতাক চাফা কৰিবলৈ গোপনে অভিযান চলাইছে নেকি RAWএ? এতিয়া প্ৰশ্নৰ উত্থাপন হৈছে।

শেহতীয়াকৈ ইউৰো এছিয়ান টাইমছৰ (https://www.eurasiantimes.com/indian-spy-agency-raw-is-the-new-mossad-ex-officials-talk/) এক প্ৰতিবেদনত ইয়াৰ বিষয়ে আলোচনা কৰা হৈছে। প্ৰতিবেদন অনুসৰি নৰেন্দ্ৰ মোডীৰ অধীনত ভাৰতীয় চোৰাংচোৱা সংস্থা RAW অধিক শক্তিশালী হৈ উঠিছে। এই RAWএ শিখ বিচ্ছিন্নতাবাদী আন্দোলনটোক নিৰ্মূল কৰিবলৈ গোপন অভিযান চলাই আছে। বিদেশৰ মাটিত খোপনি পুতি থকা বিচ্ছিন্নতাবাদী খালিস্তানী নেতাক বিচাৰি উলিয়াবলৈ RAWএ গোপন তালাচী অভিযান চলাইছে বুলি দাবী কৰা হৈছে।

Apply Now

শেহতীয়াকৈ অমৃতপল সিঙৰ সহযোগত লণ্ডনত থকা ভাৰতীয় উচ্চায়ুক্তই কেইবাজনো বিচ্ছিন্নতাবাদী খালিস্তানী নেতাৰ ওপৰত আক্ৰমণ চলাইছিল। ভাৰতীয় উচ্চায়ুক্তৰ সন্মুখত থকা ভাৰতীয় জাতীয় পতাকা নমাই আনিবলৈ চেষ্টা কৰিছিল এগৰাকী বিচ্ছিন্নতাবাদী খালিস্তানী বিক্ষোভকাৰীয়ে। ইয়াৰ পাছতে ব্ৰিটেইনতো বিচ্ছিন্নতাবাদী খালিস্তানীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ভাৰতীয় চোৰাংচোৱাই।

ইফালে প্ৰতিবেদনত দাবী কৰা হৈছে যে প্ৰতিটো মৃত্যুৱেই অতি ৰহস্যজনক। এই মৃত্যুৰ আঁৰত ভাৰতীয় চোৰাংচোৱা সংস্থাই আছে বুলিও দাবী কৰা হৈছে। প্ৰতিবেদনৰ মতে ভাৰত চৰকাৰে বিচ্ছিন্নতাবাদী খালিস্তানীক নিৰ্মূল কৰিববলৈ বিচাৰিছে আৰু RAWএ গোপনে এই অভিযান আৰম্ভ কৰিছে।

বিচ্ছিন্নতাবাদী খালিস্তানী আন্দোলনৰ সৈতে জড়িত শিখ নেতাৰ মৃত্যুৰ সংখ্যাৰ ওপৰত আলোকপাত কৰা হৈছে প্ৰতিবেদনত। প্ৰতিবেদনত দাবী কৰা হৈছে যে খালিস্তানৰ সমৰ্থক নেতাৰ কোনো এজনৰ মৃত্যু স্বাভাৱিক মৃত্যু হোৱা নাছিল। বৰঞ্চ ভাৰতৰ চোৰাংচোৱা সংস্থাই তেওঁলোকক বাচি বাচি হত্যাৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছিল।

অৱতাং সিং খাণ্ডা ওৰফে ৰঞ্জোধ সিঙে খালিস্তানী নেতা অমৃতপল সিঙক ৩৭ দিন আত্মগোপন কৰি থকাত সহায় কৰিছিল। ভাৰতীয় পতাকা নমাই লণ্ডনৰ দূতাবাসত খালিস্তানী পতাকা উত্তোলন কৰাৰ আঁৰতো তেওঁ আছিল। যোৱা মাহত লণ্ডনৰ বাৰ্মিংহামৰ এখন চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। অনুমান কৰা হৈছে যে তেওঁক বিহ পান কৰোৱাই হত্যা কৰা হৈছে। অৱশ্যে দীৰ্ঘদিন ধৰি তেওঁ তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল।

আনহাতে, কানাডাত খালিস্তানী বিচ্ছিন্নতাবাদী হৰদীপ সিং নিজ্জাৰক গুলীয়াই হত্যা কৰা হয়। ভাৰত চৰকাৰে তেওঁক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছিল। কানাডাৰ শিখ সংগঠন শিখছ ফৰ জাষ্টিছৰ সৈতে জড়িত আছিল হৰদীপ। তেওঁ পঞ্জাৱৰ জলন্ধৰ জিলাৰ বাসিন্দা আছিল। কে’বাবছৰ ধৰি কানাডাত বাস কৰিছিল হৰদীপে। তাৰ পৰাই তেওঁ ভাৰতৰ বিৰুদ্ধে খালিস্তানী সন্ত্ৰাসবাদক ইন্ধন যোগাইছিল। বিগত এবছৰ ধৰি ভাৰতীয় তদন্তকাৰী সংস্থাসমূহৰ বাবে হৰদীপ নিজ্জাৰ মূৰৰ বিষ হৈ আহিছিল।

যোৱা মে’ মাহত লাহোৰত খালিস্তান কমাণ্ডোৰ মুৰব্বী পৰমজিৎ সিং পাঞ্জৱাৰক গুলীয়াই হত্যা কৰা হৈছিল। লাহোৰৰ জোহৰ টাউন এলেকাত দুজন বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে পৰমজিতক। খালিস্তানী আন্দোলনৰ নামত ড্ৰ’ন যোগে অস্ত্ৰ আৰু ড্ৰাগছ সৰবৰাহৰ অভিযোগ উত্থাপন হৈছিল পৰমজিতৰ বিৰুদ্ধে। পৰমজিতে পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ পৰা ভাৰতলৈ অবৈধ সামগ্ৰী সৰবৰাহ কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছিল।

খালিস্তানী নেতা তথা ‘শিখছ ফৰ জাষ্টিচ’ৰ প্ৰতিষ্ঠাপক গুৰপতৱন্ত সিং পান্নুনে জুলাই মাহত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল। আমেৰিকাত তেওঁৰ মৃত্যু হয়।

কিন্তু বিগত ডেৰমাহত চাৰিজন খালিস্তান সমৰ্থক নেতাৰ মৃত্যুক কাকতলীয়া বুলি ধৰিব নোৱাৰি। বৰঞ্চ ভাৰতীয় চোৰাংচোৱা সংস্থাই হয়তো ইয়াৰ আঁৰত কাম কৰি আছে। গোপন তথ্যৰ ভিত্তিত এজন এজনকৈ তেওঁলোকক ভাৰতীয় চোৰাংচোৱাই হত্যা কৰিছে বুলি ধাৰণা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

July 3, 2026 12:26 pm
৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

July 3, 2026 11:33 am
হাস্পাতালত এমাহ মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নলবাৰীৰ নৃশংস আক্ৰমণৰ বলি মৃদুমুদ্ৰা ডেকাই

হাস্পাতালত এমাহ মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নলবাৰীৰ নৃশংস আক্ৰমণৰ বলি মৃদুমুদ্ৰা ডেকাই

July 3, 2026 10:40 am
১৬ বছৰ পিছত নকআউটত জয়; অষ্ট্ৰিয়াক পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ কৰিলে স্পেইনে

১৬ বছৰ পিছত নকআউটত জয়; অষ্ট্ৰিয়াক পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ কৰিলে স্পেইনে

July 3, 2026 10:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

July 3, 2026 12:26 pm
৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

July 3, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd