বিগত ডেৰ মাহত ইজনৰ পিছত সিজনকৈ মৃত্যু হৈছে বিচ্ছিন্নতাবাদী খালিস্তানী নেতাৰ। যদি কোনোবাই পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লৈছে, কোনোবাজনক গুলীয়াই হত্যা কৰা হৈছে। ডেৰ মাহৰ ভিতৰতে তিনিজন খালিস্তানী নেতা হৰদীপ সিং নিজ্জাৰ, পৰমজিৎ পঞ্জৰ আৰু অৱতাৰ সিং খান্দাৰ মৃত্যু হৈছিল।
ইয়াৰ পিছতেই গুঞ্জন পান্নুন নামৰ আন এজন বিচ্ছিন্নতাবাদী খালিস্তানী নেতাৰ মৃত্যু হয়। কিন্তু এই সকলোবোৰ মৃত্যু স্বাভাৱিক নে পৰিকল্পিত হত্যা? খালিস্তান সমৰ্থক নেতাক চাফা কৰিবলৈ গোপনে অভিযান চলাইছে নেকি RAWএ? এতিয়া প্ৰশ্নৰ উত্থাপন হৈছে।
শেহতীয়াকৈ ইউৰো এছিয়ান টাইমছৰ (https://www.eurasiantimes.com/indian-spy-agency-raw-is-the-new-mossad-ex-officials-talk/) এক প্ৰতিবেদনত ইয়াৰ বিষয়ে আলোচনা কৰা হৈছে। প্ৰতিবেদন অনুসৰি নৰেন্দ্ৰ মোডীৰ অধীনত ভাৰতীয় চোৰাংচোৱা সংস্থা RAW অধিক শক্তিশালী হৈ উঠিছে। এই RAWএ শিখ বিচ্ছিন্নতাবাদী আন্দোলনটোক নিৰ্মূল কৰিবলৈ গোপন অভিযান চলাই আছে। বিদেশৰ মাটিত খোপনি পুতি থকা বিচ্ছিন্নতাবাদী খালিস্তানী নেতাক বিচাৰি উলিয়াবলৈ RAWএ গোপন তালাচী অভিযান চলাইছে বুলি দাবী কৰা হৈছে।
শেহতীয়াকৈ অমৃতপল সিঙৰ সহযোগত লণ্ডনত থকা ভাৰতীয় উচ্চায়ুক্তই কেইবাজনো বিচ্ছিন্নতাবাদী খালিস্তানী নেতাৰ ওপৰত আক্ৰমণ চলাইছিল। ভাৰতীয় উচ্চায়ুক্তৰ সন্মুখত থকা ভাৰতীয় জাতীয় পতাকা নমাই আনিবলৈ চেষ্টা কৰিছিল এগৰাকী বিচ্ছিন্নতাবাদী খালিস্তানী বিক্ষোভকাৰীয়ে। ইয়াৰ পাছতে ব্ৰিটেইনতো বিচ্ছিন্নতাবাদী খালিস্তানীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ভাৰতীয় চোৰাংচোৱাই।
ইফালে প্ৰতিবেদনত দাবী কৰা হৈছে যে প্ৰতিটো মৃত্যুৱেই অতি ৰহস্যজনক। এই মৃত্যুৰ আঁৰত ভাৰতীয় চোৰাংচোৱা সংস্থাই আছে বুলিও দাবী কৰা হৈছে। প্ৰতিবেদনৰ মতে ভাৰত চৰকাৰে বিচ্ছিন্নতাবাদী খালিস্তানীক নিৰ্মূল কৰিববলৈ বিচাৰিছে আৰু RAWএ গোপনে এই অভিযান আৰম্ভ কৰিছে।
বিচ্ছিন্নতাবাদী খালিস্তানী আন্দোলনৰ সৈতে জড়িত শিখ নেতাৰ মৃত্যুৰ সংখ্যাৰ ওপৰত আলোকপাত কৰা হৈছে প্ৰতিবেদনত। প্ৰতিবেদনত দাবী কৰা হৈছে যে খালিস্তানৰ সমৰ্থক নেতাৰ কোনো এজনৰ মৃত্যু স্বাভাৱিক মৃত্যু হোৱা নাছিল। বৰঞ্চ ভাৰতৰ চোৰাংচোৱা সংস্থাই তেওঁলোকক বাচি বাচি হত্যাৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছিল।
অৱতাং সিং খাণ্ডা ওৰফে ৰঞ্জোধ সিঙে খালিস্তানী নেতা অমৃতপল সিঙক ৩৭ দিন আত্মগোপন কৰি থকাত সহায় কৰিছিল। ভাৰতীয় পতাকা নমাই লণ্ডনৰ দূতাবাসত খালিস্তানী পতাকা উত্তোলন কৰাৰ আঁৰতো তেওঁ আছিল। যোৱা মাহত লণ্ডনৰ বাৰ্মিংহামৰ এখন চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। অনুমান কৰা হৈছে যে তেওঁক বিহ পান কৰোৱাই হত্যা কৰা হৈছে। অৱশ্যে দীৰ্ঘদিন ধৰি তেওঁ তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল।
আনহাতে, কানাডাত খালিস্তানী বিচ্ছিন্নতাবাদী হৰদীপ সিং নিজ্জাৰক গুলীয়াই হত্যা কৰা হয়। ভাৰত চৰকাৰে তেওঁক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছিল। কানাডাৰ শিখ সংগঠন শিখছ ফৰ জাষ্টিছৰ সৈতে জড়িত আছিল হৰদীপ। তেওঁ পঞ্জাৱৰ জলন্ধৰ জিলাৰ বাসিন্দা আছিল। কে’বাবছৰ ধৰি কানাডাত বাস কৰিছিল হৰদীপে। তাৰ পৰাই তেওঁ ভাৰতৰ বিৰুদ্ধে খালিস্তানী সন্ত্ৰাসবাদক ইন্ধন যোগাইছিল। বিগত এবছৰ ধৰি ভাৰতীয় তদন্তকাৰী সংস্থাসমূহৰ বাবে হৰদীপ নিজ্জাৰ মূৰৰ বিষ হৈ আহিছিল।
যোৱা মে’ মাহত লাহোৰত খালিস্তান কমাণ্ডোৰ মুৰব্বী পৰমজিৎ সিং পাঞ্জৱাৰক গুলীয়াই হত্যা কৰা হৈছিল। লাহোৰৰ জোহৰ টাউন এলেকাত দুজন বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে পৰমজিতক। খালিস্তানী আন্দোলনৰ নামত ড্ৰ’ন যোগে অস্ত্ৰ আৰু ড্ৰাগছ সৰবৰাহৰ অভিযোগ উত্থাপন হৈছিল পৰমজিতৰ বিৰুদ্ধে। পৰমজিতে পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ পৰা ভাৰতলৈ অবৈধ সামগ্ৰী সৰবৰাহ কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছিল।
খালিস্তানী নেতা তথা ‘শিখছ ফৰ জাষ্টিচ’ৰ প্ৰতিষ্ঠাপক গুৰপতৱন্ত সিং পান্নুনে জুলাই মাহত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল। আমেৰিকাত তেওঁৰ মৃত্যু হয়।
কিন্তু বিগত ডেৰমাহত চাৰিজন খালিস্তান সমৰ্থক নেতাৰ মৃত্যুক কাকতলীয়া বুলি ধৰিব নোৱাৰি। বৰঞ্চ ভাৰতীয় চোৰাংচোৱা সংস্থাই হয়তো ইয়াৰ আঁৰত কাম কৰি আছে। গোপন তথ্যৰ ভিত্তিত এজন এজনকৈ তেওঁলোকক ভাৰতীয় চোৰাংচোৱাই হত্যা কৰিছে বুলি ধাৰণা কৰা হৈছে।