• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মণিপুৰ কাণ্ডত নতুন বিতৰ্ক! বিবস্ত্ৰা কৰি মহিলা দুগৰাকীক খোজ কঢ়োৱাৰ কথা আগতেই জানিছিল ৰাষ্ট্ৰীয় মহিলা আয়োগে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 21, 2023 5:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ দাবী কৰা হৈছে যে মণিপুৰত দুগৰাকী মহিলাক বিবস্ত্ৰা কৰি ৰাজপথত খোজ কঢ়োৱাৰ ঘটনাৰ ভিডিঅ’ আৰু দলবদ্ধ ধৰ্ষণৰ অভিযোগ বহু আগতেই ৰাষ্ট্ৰীয় মহিলা আয়োগলৈ গৈছিল। কিন্তু বিজেপি চৰকাৰৰ নিয়ন্ত্ৰিত মহিলা আয়োগে এই অভিযোগক আওকাণ কৰা বুলি দাবী কৰা হৈছে।

বুধবাৰে ছ’চিয়েল মিডিয়াত বিয়পি পৰা মণিপুৰৰ এই ভিডিঅ’টোৱে সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মণিপুৰ আৰক্ষীয়ে দাবী কৰিছে যে সেই ছবি ৪ মে’ত তোলা হৈছিল।

শুকুৰবাৰে ইণ্ডিয়া টুডেত প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰা হৈছে যে মহিলাৰ ওপৰত হোৱা সেই নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত ১২ জুনত ৰাষ্ট্ৰীয় মহিলা আয়োগক লিখিত অভিযোগ উত্থাপন কৰা হৈছিল। প্ৰকাশিত প্ৰতিবেদনৰ সৈতে অভিযোগ পত্ৰৰ প্ৰতিলিপিও প্ৰকাশ কৰা হৈছে। তিনিগৰাকী মহিলাৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰে দুগৰাকী মহিলাক বিবস্ত্ৰা হৈ থকাৰ অভিযোগ উত্থাপন হৈছে।

Apply Now

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মাই শুকুৰবাৰে কাৰ্যতঃ স্বীকাৰ কৰে যে মণিপুৰত মহিলাৰ ওপৰত হোৱা বহু হিংসাৰ অভিযোগ তেওঁলোকৰ দৃষ্টিগোচৰ হৈছে। সেই ৰাজ্যৰ বিজেপি চৰকাৰৰ কান্ধত দায় জাপিছে মহিলা আয়োগৰ অধ্যক্ষগৰাকীয়ে।

শুকুৰবাৰে ৰেখা শৰ্মাই কয় যে, যোৱা তিনিমাহত আমি মণিপুৰ চৰকাৰক এই বিষয়ে তিনিবাৰকৈ সুধিছো। কিন্তু কোনো সঁহাৰি পোৱা নগ’ল।’ অৱশ্যে মণিপুৰৰ এই ঘটনা সন্দৰ্ভত তেওঁলোকৰ ওচৰলৈ বহু ভুৱা অভিযোগ আহিছিল বুলিও কয় ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষই। তেওঁ কয় যে বহু ক্ষেত্ৰত অভিযোগকাৰী মণিপুৰৰ নাছিল, আনকি ভাৰতৰো নাছিল।

উল্লেখ্য যে যোৱা ৩ মে’ত জনজাতীয় ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন অৱ মণিপুৰ’ (আটছুম)ৰ কাৰ্যসূচীক কেন্দ্ৰ কৰি মণিপুৰত অশান্তিৰ সৃষ্টি হয়। পিছদিনা থৌবাল জিলাৰ নংপক ছেকমাই থানাৰ সমীপত মহিলা দুগৰাকীক আক্ৰমণ কৰাৰ অভিযোগ উঠিছে। ঘটনাস্থলীৰ ওচৰতে কাংপাকপি জিলাৰ সীমান্ত।

ইতিমধ্যে উচ্চতম ন্যায়ালয়ে এই বিষয়ত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদৰ নেতৃত্বত এখন বিচাৰপীঠে শুকুৰবাৰৰ ভিতৰত কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰৰ পৰা এই ঘটনাৰ প্ৰতিবেদন বিচাৰিছে।

ইপিনে, বিজেপি শাসিত মণিপুৰৰ এই ভিডিঅ’ ৰাজহুৱা হোৱাৰ পিছতে সক্ৰিয় হৈ পৰে আৰক্ষী। ৰাজ্যৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে কয় যে শুকুৰবাৰে পুৱালৈকে চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।

ইতিমধ্যে ৪ মে’ত হোৱা ভয়ংকৰ অভিজ্ঞতাৰ বিষয়ে এগৰাকী নিৰ্যাতিতাই বৰ্ণনা কৰিছে। তেওঁ দাবী কৰে যে সেইদিনা দুস্কৃতিকাৰীয়ে তেওঁলোকক হত্যাৰ ভাবুকি দি ৰাজহুৱা স্থানত কাপোৰ খুলিবলৈ বাধ্য কৰাইছিল। ১৮ মে’ত কাংপাকোপি জিলাৰ বি ফিনেম গাঁৱৰ মুৰব্বীৰ সহযোগত একেখন জিলাৰ ছাইকুল আৰক্ষী থানাত এজাহাৰ দাখিল কৰে নিৰ্যাতিতাই। ‘জিৰ’ এফআইআৰ’ দাখিল কৰা হয়।

উল্লেখ্য যে ‘সাধাৰণ এফ আই আৰ’ ঘটনা সংঘটিত হোৱা থানা এলেকাত এফ আই আৰ দাখিল কৰিবলগীয়া হয়। কিন্তু যিকোনো থানাত ‘জিৰ’ এফ আই আৰ’ দাখিল কৰিব পাৰি। অপৰাধ সংঘটিত হোৱা ঘটনা যি থানাৰ এলেকাতে নঘটক কিয়। তাৰ পিছত সেই থানাখনে সংশ্লিষ্ট থানালৈ অভিযোগ প্ৰেৰণ কৰে। অৰ্থাৎ এনে অপৰাধৰ ক্ষেত্ৰত ভুক্তভোগী বা তেওঁৰ পৰিয়ালৰ লোকে ঘটনা স্থলীৰ থানালৈ যাব নালাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd