• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মণিপুৰত হিংসা আৰু বৰ্বৰতাৰ বিৰুদ্ধে দেশজোৰা প্ৰতিবাদ আম আদমি পাৰ্টীৰ

প্ৰধানমন্ত্ৰী আগবাঢ়ি আহি সমস্যা সমাধান কৰি মণিপুৰৰ পৰিস্থিতি চম্ভালিব লাগে: অৰবিন্দ কেজৰিৱাল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 25, 2023 6:59 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশৰ লগতে অসমৰ সমষ্টিয়ে সমষ্টিয়ে আজি মণিপুৰত চলি থকা হিংসা আৰু কেন্দ্ৰীয় চৰকাৰৰ নিষ্ক্ৰিয়তাৰ প্ৰতিবাদত শিখা সমদল উলিওৱা হয়। ৰাজ্যিক সমিতিয়ে গণেশগুৰিত এই সমদল উলিওৱাৰ বিপৰীতে জিলা আৰু সমষ্টি সমিতিসমূহে নিজ নিজ এলেকাত এই প্ৰতিবাদ সাব্যস্ত কৰে।

আশী দিনতকৈও অধিক দিন হিংসাত জৰ্জৰিত ৰাজ্যখনৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ মণিপুৰ চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাত পৰিস্থিতি বেয়াৰ পৰা বেয়ালৈ গতি কৰিছে। বিজেপি চৰকাৰ দুখনৰ নিষ্ক্ৰিয়তাৰ বাবে বিজেপিৰ বিৰুদ্ধে পক্ষপাতিত্বৰ সন্দেহ ঘনীভূত হৈছে। মণিপুৰৰ এই জটিল সন্ধিক্ষণত প্ৰধানমন্ত্ৰী মোডীৰ হস্তক্ষেপ দাবী কৰে আম আদমি পাৰ্টীয়ে। 

Apply Now

বিগত তিনিমাহ ধৰি মণিপুৰত হিংসা আৰু নৃশংসতাই আগুৰি ধৰিছে, যাৰ ফলত সংসদৰ পৰা ৰাজপথলৈ সৰ্বত্ৰে ক্ষোভৰ প্ৰতিফলন হৈছে। এই ক্ৰমবৰ্ধমান সংকটৰ বিৰুদ্ধে মঙলবাৰে আম আদমি পাৰ্টীয়ে শীঘ্ৰে প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপৰ দাবীত দেশজোৰা প্ৰতিবাদৰ নেতৃত্ব দিব। প্ৰধানমন্ত্ৰীক ব্যক্তিগতভাৱে বিষয়টোত হস্তক্ষেপ কৰিবলৈ আৰু মণিপুৰত শান্তি ঘূৰাই অনাৰ বাবে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিবলৈ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আহ্বান জনায়।

আপ দিল্লীৰ ৰাজ্যিক আহ্বায়ক গোপাল ৰায়ে মণিপুৰৰ ঘটনাৰাজিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে বিগত তিনিমাহ ধৰি মণিপুৰ হিংসা আৰু অমানৱীয় ঘটনাই ভয়াৱহভাৱে জৰ্জৰিত হৈ আছে। তেওঁ কয়, “আশ্চৰ্যজনকভাৱে মানুহক আক্ৰমণ কৰা হৈছে আৰু তেওঁলোকৰ ঘৰ-দুৱাৰ জ্বলাই দিয়া হৈছে। নাৰীৰ ওপৰত হোৱা হিংসাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। পৰিতাপৰ বিষয় যে মণিপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে যেন অধিক উচটনিহে দিছে।”

গোপাল ৰায়ে পুনৰ অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰক নিষ্ক্ৰিয় পৰ্যবেক্ষক হৈ আছে আৰু মণিপুৰৰ পৰিস্থিতিৰ সমাধানৰ বাবে কোনো অৰ্থপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা নাই। অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ বাবে মণিপুৰৰ পৰা আন ৰাজ্যলৈ হাজাৰ হাজাৰ লোকৰ গণ পলায়নৰ কথা তেওঁ উল্লেখ কৰে। তেওঁ কয় যে নাৰীৰ বিৰুদ্ধে চলি থকা বৰ্বৰ কাণ্ড সংঘটিত কৰা সকলৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। চকুৰ আগত হিংসাৰ জুই দপদপকৈ জ্বলি থকা দেখিও ৰাজ্য আৰু কেন্দ্ৰ উভয় চৰকাৰে মৌন হৈ আছে। এনে উদাসীনতা আৰু নিষ্ক্ৰিয়তাক সহ্য কৰিব নোৱাৰি।

এই ভয়াৱহ অন্যায়ৰ বিৰোধিতা কৰি আপে আজি সমগ্ৰ দেশতে শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰিব। মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ জৰুৰী হস্তক্ষেপৰ প্ৰয়োজন, আৰু এই বিষয়ত প্ৰধানমন্ত্ৰীৰ মৌনতাই সমগ্ৰ দেশৰ বাবে উদ্বেগৰ বিষয়। মণিপুৰক বৰ্তমানৰ দুৰ্দশাৰ পৰা বচাবলৈ সমগ্ৰ দেশ একত্ৰিত হ’ব লাগিব। এই বিষয়টো এতিয়া একমাত্ৰ ৰাজনৈতিক দলৰ বিষয় হৈ থকা নাই। সেয়ে দলটোৱে সকলো নাগৰিককে তেওঁলোকৰ শান্তিপূৰ্ণ বিক্ষোভত যোগদান কৰিবলৈ আহ্বান জনায়। দিল্লীৰ যন্তৰ মন্তৰত আপে এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে।

পৰিস্থিতিৰ গুৰুত্ব বুজি  প্ৰধানমন্ত্ৰীক সংসদত দেশবাসীক সম্বোধন কৰিবলৈ কেজৰিৱালে মোডীক আহ্বান  জনায়। “মণিপুৰ জ্বলি থকাৰ সময়ত প্ৰধানমন্ত্ৰী লুকাই থাকিব নোৱাৰে; সংকটৰ সময়ত জনসাধাৰণে নিজৰ নেতাৰ ওচৰলৈ যোৱাটো স্বাভাৱিকতে।” তেওঁ প্ৰধানমন্ত্ৰীক সমস্যাটো সমাধান কৰিবলৈ তথা মণিপুৰত শান্তি ঘূৰাই অনিবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

July 25, 2026 5:39 pm
দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

July 25, 2026 5:00 pm
কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

July 25, 2026 5:39 pm
দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

July 25, 2026 5:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd