হিংসা বিধ্বস্ত মণিপুৰৰ পৰিস্থিতিৰ বুজ ল’বলৈ শনিবাৰে গৈছে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ সংসদ সদস্যসকল। লোকসভাৰ সৰ্ববৃহৎ বিৰোধী দল কংগ্ৰেছৰ নেতা অধীৰ চৌধুৰীৰ নেতৃত্বত এই প্ৰতিনিধি দলটোত আছে তৃণমূলৰ সুস্মিতা দেৱ, ডি এম কেৰ কানিমোঝি, চি পি এমৰ এ এ ৰহিম, জে ডি ইউৰ লালন সিং, আৰ জে ডিৰ মনোজ ঝা, জাভেদ আলী খান, শিৱসেনা (বালাচাহেব) অৰবিন্দ সাৱন্ত, আৰ এল ডিৰ জয়ন্ত চৌধুৰী, ভি চি কেৰ থাল থিৰুমালভানেৰ দৰে বিৰোধী মিত্ৰজোঁটৰ সাংসদসকল।
ইয়াৰ পূৰ্বে বিৰোধী দলৰ সাংসদসকলক শনিবাৰে ইম্ফলৰ পৰা চুৰাচান্দপুৰ শৰণাৰ্থী শিবিৰলৈ যাব বুলি জনোৱা হৈছিল। কিন্তু প্ৰশ্ন হৈছে এই উত্তপ্ত পৰিস্থিতিত ৰাজ্য চৰকাৰে সেইটো অনুমতি দিবনে? কাৰণ, তুলনামূলকভাৱে শান্ত পৰিস্থিতিতো ৰাহুল গান্ধীক পথেৰে তালৈ যাবলৈ বাধা দিয়া হৈছিল।
লগতে পঢ়ক: SCERT-ৰ ১০৫ কোটি টকীয়া কেলেংকাৰিৰ গোচৰত ১৪৩৩ পৃষ্ঠাৰ চাৰ্জ শ্বীট দাখিল
বিজেপি শাসিত মণিপুৰ চৰকাৰে অৱশ্যে কাকো বাধা দিয়া নাই বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে কয়, ‘’বিৰোধী মিত্ৰজোঁটৰ প্ৰতিনিধি আহি ৰাজ্যৰ পৰিস্থিতি চাই যাওক। গণতন্ত্ৰত কাকো বাধা দিব নোৱাৰি। ৰাজ্যৰ কোনো আপত্তি নাই।” কিন্তু পথেৰে যোৱাৰ পৰিৱৰ্তে হেলিকপ্টাৰত উঠি চুৰাচান্দপুৰলৈ ৰাওনা হৈছে বিৰোধী মিত্ৰজোঁটৰ দলটো।
২১ জনীয়া সংসদীয় প্ৰতিনিধি দলৰ সদস্য সুস্মিতা দেবে শনিবাৰে কয় যে আমি মণিপুৰৰ প্ৰকৃত পৰিস্থিতি চাব বিচাৰো। বিদায়ী তৃণমূলৰ সাংসদ তথা অসমৰ নেত্ৰী সুস্মিতা দেবে যোৱা ১৯ জুলাইত তৃণমূল সংসদীয় প্ৰতিনিধি দলৰ সদস্য হিচাপে মণিপুৰ ভ্ৰমণ কৰিছিল।
লগতে পঢ়ক: একেলগে লটাৰী কাটি কোটিপতি হ’ল কেৰালাৰ ১১ গৰাকী মহিলা; ২৫০ টকাত পালে ১০ কোটি!
উল্লেখ্য যে সেই সময়ছোৱাতেই থৌবাল আৰু কংগাপোকপি জিলাৰ সীমান্তত দুগৰাকী জনজাতীয় মহিলাক উলংগ কৰি খোজ কঢ়োৱা ভিডিঅ’ তথা দলবদ্ধ ধৰ্ষণৰ অভিযোগ পোহৰলৈ আহিছিল।





