• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্মৰণীয়-বৰণীয়: জীৱনত সফলতা পাবলৈ এই ৫ টা ত্যাগ গুৰুত্বপূৰ্ণ; জানি লওক চাণক্যৰ পৰামৰ্শ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 30, 2023 7:26 am
448
VIEWS
Share on FacebookShare on Twitter

জীৱনৰ সকলো বাধা দূৰ কৰি কেনেকৈ সফলতা লাভ কৰিব পাৰি তাৰ ওপৰত চাণক্যই অতি ব্যৱহাৰিকভাৱে পৰামৰ্শ আগবঢ়াইছে। প্ৰাচীন ভাৰতবৰ্ষৰ এই ঋষিৰ পৰামৰ্শই আজিও আমাৰ জীৱন-ধাৰণৰ পথ প্ৰদৰ্শক হৈ আছে। চাণক্যই তেওঁৰ ন ঈতি বিষয়ক গ্ৰন্থ চাণক্য নীতিত কেইবাটাও পৰামৰ্শ আগবঢ়াইছে। তাতেই তেওঁ সফলতাৰ সঠিক পথ বিচাৰি পাইছে।

চাণক্যই কৈছে যে জীৱনত আমাৰ বাটত বহুতো বাধা আছে। যদি আপুনি জীৱনত সফলতা লাভ কৰা নাই বুলি গম পায়, তেন্তে আপুনি কাম কৰাৰ ধৰণ সলনি কৰিব লাগিব। চাণক্যই জীৱনত পাঁচটা বস্তু ত্যাগ কৰিবলৈ কৈছে। তেতিয়া নিশ্চয় সফলতা লাভ কৰিব। এই পাঁচটা বস্তু কি জানি লওক।

ভয়

যদি আপোনাৰ সন্মুখত এটা ডাঙৰ লক্ষ্য থাকে তেন্তে প্ৰথমতে বিফল হোৱাৰ সম্ভাৱনাও বেছি। আপোনাৰ মনত থকা ভয়টোৱেই এই বিফলতাৰ কাৰণ। চাণক্য নীতি অনুসৰি ভয় আমাৰ মনৰ কল্পনাৰ বাহিৰে আন একো নহয়। যদি আপুনি নিজৰ লক্ষ্যত উপনীত হ’ব বিচাৰে তেন্তে কঠোৰ পদক্ষেপ ল’বলৈ ভয় নকৰিব। এটা সঠিক পৰিকল্পনা কৰি লক্ষ্যৰ দিশে আগবাঢ়ক।

লোকৰ কথা

কোনো কামেই ডাঙৰ বা সৰু নহয়। চাণক্যই কৈছে যে যিটো কামত আপুনি আগ্ৰহী আৰু যিটো কাম কৰিবলৈ আপোনাৰ সামৰ্থ্য আছে, সেই কামত আপোনাৰ মনপ্ৰাণ উজাৰি দিয়ক। কোনে কি কৈছে তাত কাণ নিদিব। লোকৰ কথা শুনিলে লাভ নহয়, বৰং ক্ষতিহে হয়।

নেতিবাচক চিন্তা

সাধাৰণ পৰিয়ালৰ পুত্ৰ চন্দ্ৰগুপ্তক তেওঁৰ কূটনৈতিক বুদ্ধিমত্তাৰে মগধৰ সিংহাসনত প্ৰতিষ্ঠা কৰিছিল চাণক্যই। এই ঘটনাই আমাক দেখুৱাইছে যে যদি আপুনি নিজকে বিশ্বাস কৰে তেন্তে আপুনি সমগ্ৰ পৃথিৱীখন জয় কৰিব পাৰে। গতিকে সফল হ’বলৈ মনৰ পৰা সকলো নেতিবাচক চিন্তা আঁতৰাই নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক।

ভৱিষ্যতৰ কথা ভাবি চিন্তা

চাণক্যৰ পৰামৰ্শ মতে এজন সফল ব্যক্তিয়ে নিজৰ বৰ্তমান জীৱনত সঠিক পদক্ষেপ লৈ আগবাঢ়ি যায়। গতিকে ভৱিষ্যতৰ বিষয়ে অসাৰভাৱে চিন্তা কৰাৰ পৰিৱৰ্তে অতীতৰ পৰা শিক্ষা লওক আৰু বৰ্তমানৰ বাবে সঠিক পদক্ষেপ গ্ৰহণ কৰক। তেতিয়াহে ভৱিষ্যত সুন্দৰ হ’ব।

অহংকাৰ

অহংকাৰে আমাক জীৱনৰ পথত আগবাঢ়ি যোৱাত বাধা দিয়ে। সফলতা লাভ কৰাটো যিমান কঠিন, সেই সাফল ধৰি ৰখাটো আৰু বেছি কঠিন। কাৰণ আমি এবাৰ সফলতা পালে আমাৰ মনত গৰ্ব আৰু অহংকাৰে বাস কৰে। আৰু অহংকাৰৰ পৰাই মানুহৰ পতন আৰম্ভ হয়। সেয়ে সফলতা ধৰি ৰাখিবলৈ নিজৰ গৰ্ব ত্যাগ কৰিব লাগিব।

Recent News

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd