• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জুমন বৰা আৰু যুগল গগৈ সংগঠনৰ সদস্য নহয় – আলফা(স্বা)

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 31, 2023 6:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ইংৰাজী ২৯ জুলাই ২০২৩ তাৰিখে তিনিচুকীয়া আৰু চৰাইদেউৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যোৰহাটৰ জুমন বৰা আৰু যুগল গগৈ “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)সংগঠনৰ সদস্য নহয় এক বিবৃতিযোগে স্পষ্ট কৰি  দিছে আলফা(স্বা)-এ।

বিবৃতিটোত সংগঠনটোৰ প্ৰচাৰ বিভাগৰ বিষয়া ৰুমেল অসমে জনোৱা মতে, “যোৰহাট চিনামৰাৰ জুমন বৰা নামৰ যুৱক গৰাকীয়ে এসময়ত আমাৰ সংগঠনৰ শুভাকাংশী হোৱাৰ প্ৰয়াস কৰিছিল যদিও “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ ফালৰ পৰা তেওঁক প্ৰত্যাখান কৰা হৈছিল৷ কিয়নো ২০২০ বৰ্ষৰ শেষৰফালে শিৱসাগৰ তেতিয়াৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা আৰু একাংশ তথা-কথিত সাংবাদিকৰ সৈতে লগ হৈ আমাৰ সংগঠনৰ সদস্য ‘নিবাৰণ অসম’ক ধনৰ প্ৰলোভন দি যিদৰে পতিত কৰোৱালে তাৰ উৎকৃষ্ট প্ৰমাণ আমাৰ হাতত মজুত আছে৷ যি প্ৰমাণ তেতিয়া অসমৰ বিভিন্ন সংবাদ মাধ্যমটো সম্প্ৰচাৰিত হৈছিল৷ তাৰোপৰিও আলফা(স্বাধীন)ৰ নামত বিভিন্ন সময়ত দুষ্কাৰ্য্য কৰাৰ বাতৰি আমি সংবাদ মাধ্যমৰ জৰিয়তেহে অৱগত হৈছোঁ৷ গতিকে তেনে এজন যুৱক আমাৰ সংগঠনৰ বিশ্বাসযোগ্য কেতিয়াও হ’ব নোৱাৰে৷” 

Apply Now

“এতিয়া অসম আৰক্ষীয়ে পৰিকল্পিতভাৱে সেইজন যুৱকক আমাৰ সংগঠনৰ সদস্য বুলি ক’লে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ লগতে অসমৰ মুক্তিকামী জনগণেও বিশ্বাস নকৰে৷  গতিকে জুমন বৰাৰ তথ্যৰ ভিত্তিত অসম আৰক্ষীয়ে উল্লেখ কৰা স্থানত বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা তথ্য আমি ‘সংযুক্ত মুক্তি বাহিনী অসম(স্বাধীন) – এ  প্ৰত্যাখ্যান কৰিছোঁ৷ কিয়নো এনেধৰণৰ কাৰ্য্য সেনা আৰক্ষীয়ে ইয়াৰ পূৰ্বেও কৰি গৈছে৷” – লগতে এইদৰে উল্লেখ কৰা হৈছে উক্ত বিবৃতিটোত।

উল্লেখ্য যে যোৱা ২৬ এপ্ৰিল তাৰিখে মাকুম বাইপাছৰ উৰণীয়া সেতুৰ তলত উদ্ধাৰ হোৱা আই ই ডিটো দাইচাজান সেনা চাউনীৰ তৰফৰ পৰা মাকুমত সংস্থাপন কৰা হৈছিল বুলি দাবী কৰিছে আলফা(স্বা)-এ।

খবৰ অনুসৰি উক্ত আই ই ডিটোৰ সন্দৰ্ভত তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসে দাইচাজান কেম্পৰ চিপাহী [INT] সীমান্ত চেতিয়া, যুগান্ত মৰাণ [SULFA] আদি কৰি একাধিক লোকক তেখেতৰ কাৰ্য্যালায়লৈ মাতি নি জেৰা চলাইছিল৷

এই অভিযোগ উত্থাপন কৰি আলফা(স্বা)- এ বিবৃতিটোত কৈছে ,“….আমি ন-দি ক’ব পাৰোঁ যে, ১৫ আগষ্টৰ আগত মুখ্যমন্ত্ৰীগৰাকীক বিপথে পৰিচালিত কৰি গৃহ বিভাগৰ লগতে সাধাৰণ ৰাইজৰ বাঃ বাঃ লবলৈ কৰা এখন পৰিকল্পিত নাটক৷”

লগতে বিবৃতিটোত উল্লেখ আছে,“ আনফালে, সোণাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুগল গগৈৰ কোনোবা আত্মীয় হয়তো সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সংগঠনত থাকিব পাৰে, সেই সূত্ৰে আত্মীয়জনৰ সৈতে তেখেতৰ যোগাযোগ হ’ব পাৰে, কিন্তু সংগঠনৰ ধন সংগ্ৰহৰ বাবে যুগল গগৈক নিয়োজিত কৰা হোৱা নাই৷ অসম আৰক্ষী আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনা প্ৰয়োজন যে “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ কোনো সদস্যৰ সৈতে কথা পাতিলেই সংগঠনৰ সদস্য হৈ নাযায়৷”

“অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিকৃষ্ট ষড়যন্ত্ৰ যদি বুজি পোৱা নাই অথবা দুয়োটা বিষয়ত সত্য-সত্যতা জানিব পৰা নাই তেন্তে অসম আৰক্ষীয়ে গুলীবিদ্ধ কৰা দুয়োগৰাকী অভিযুক্তক মুখ্যমন্ত্ৰী গৰাকীৰ তত্ত্বাৱধানত সাংবাদিকৰ সৈতে মুখামুখি কৰোৱাই দুয়োগৰাকীৰ মুখেৰে প্ৰকৃত সত্য আপোনাৰ লগতে অসমৰ থলগিৰি ৰাইজে জানিব পৰাকৈ ব্যৱস্থা কৰিবলৈ সজোৰে আহ্বান জনালোঁ৷ আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে ইয়াক প্ৰমাণ কৰিবই লাগিব৷ ইয়াৰ বিপৰীতে যদি কেৱল অসম আৰক্ষীৰ অধীক্ষক জি পি সিঙৰ কথামতেই এনেদৰে তথা-কথিত এনকাউণ্টাৰত সহযোগিতা আগবঢ়াই থাকে তেন্তে অসম অসম হৈ নাথকিব৷ ভৱিষ্যতে অসমত ভয়ঙ্কৰ পৰিস্থিতি উদ্ভৱ হ’ব, প্ৰতি নিয়ত জুই জ্বলিব আৰু তেনে পৰিস্থিতিৰ দায়িত্ব মূৰপাতি লব লাগিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে৷ গতিকে এনে কাংক্ষিত সংঘাতৰ পৰা আঁতৰি থাকিবলৈ আমি ওপৰত উল্লেখ কৰা ধৰণে দুয়োজন অভিযুক্তক সংবাদিকৰ সন্মুখত বহুৱাই তেওঁলোকৰ মুখেৰে সত্যতা ৰাজহুৱা কৰোৱাবলৈ পুনৰবাৰ আহ্বান জনালোঁ৷” – শেষত এইদৰেই আহ্বান জনাইছে বিদ্ৰোহী সংগঠনটোৱে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd