• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

ৰাষ্ট্ৰপতিক সাক্ষাৎ INDIA ৰ: মণিপুৰ সন্দৰ্ভত সংসদত প্ৰধানমন্ত্ৰীৰ বক্তব্য দাবীৰে স্মাৰক পত্ৰ দাখিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2023 5:58 pm
Manipur
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় তিনিমাহ ধৰি অশান্ত হৈ আছে মণিপুৰ। সংঘটিত হৈছে নানা অমানুষিক হিংসাত্মক কাণ্ড, প্ৰাণঘাটি হৈছে শতাধিক লোকৰ। ৰাজ্যখনৰ এই অগ্নিগৰ্ভৰ পৰিস্থিতি ৰাষ্ট্ৰীয় উদ্বেগ হৈ পৰিছে। কিন্তু তাৰ পিছতো নিৰুদ্বেগ প্ৰধানমন্ত্ৰী মোদীৰ লগতে কেন্দ্ৰীয় চৰকাৰ।

মণিপুৰৰ এই ভয়াৱহ সমস্যা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীক সংসদত মৌনতা ভংগ কৰিবলৈ দাবী তুলি আহিছে বিৰোধীয়ে। মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত সংসদত প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্যৰ দাবীৰে আজি বিৰোধী মিত্ৰজোঁট INDIA-ই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ দাখিল কৰে।

লগতে ৰাজ্যখনত শান্তি ঘূৰাই অনাৰ স্বাৰ্থত প্ৰধানমন্ত্ৰীক সংঘৰ্ষজৰ্জৰ মণিপুৰ ভ্ৰমণ কৰিবলৈও দাবী জনায় INDIA- ই। ৰাষ্ট্ৰপতিলৈ দাখিল কৰা স্মাৰক পত্ৰখনত বিৰোধী মিত্ৰজোঁটৰ ৩১ গৰাকী নেতাই লগতে হাৰিয়ানাৰ নুহত অব্যাহত থকা সাম্প্ৰদায়িক সংঘাতৰ বিষয়েও উত্থাপন কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা মাত্ৰ ১০০ কিলোমিটাৰ দূৰত্বত সংঘটিত হোৱা এই ঘটনাক লৈও কেন্দ্ৰীয় চৰকাৰ চিন্তিত নহয় বুলি বিৰোধীয়ে অভিযোগ কৰে। ৰাষ্ট্ৰপতি মুৰ্মুক সাক্ষাৎ কৰাৰ পিছতে INDIA- ৰ অন্যতম প্ৰধান অংগ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই সংবাদ মাধ্যমক সম্বোধন কৰে।

শেহতীয়াকৈ মণিপুৰ ভ্ৰমণ কৰা INDIA- ৰ অন্তৰ্ভুক্ত সাংসদসকলো প্ৰতিনিধি দলটোত আছিল বুলি উল্লেখ কৰি খৰ্গেই এই সাংসকসকলে ৰাজ্যখনৰ পৰিস্থিতিৰ বিষয়ে ৰাষ্ট্ৰপতিক অৱগত কৰে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

বিৰোধী প্ৰতিনিধি দলটোৱে স্মাৰকপত্ৰখনত ৰাষ্ট্ৰপতি মুৰ্মুক মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীক জৰুৰীভাৱে সংসদত ভাষণ দিবলৈ হেঁচা প্ৰয়োগ কৰাৰ বাবে আহ্বান জনায় আৰু তাৰ পিছত এই বিষয়ত বিস্তৃত আলোচনা হ’ব বুলি উল্লেখ কৰে।

INDIA- ৰ প্ৰতিনিধি দলটোৱে লগতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক পৃথক পৃথক সম্প্ৰদায়ৰ দুগৰাকী মণিপুৰী মহিলাক ৰাজ্যসভালৈ মনোনীত কৰিবলৈও পৰামৰ্শ আগবঢ়ায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

September 16, 2025 4:10 pm
শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

September 16, 2025 3:45 pm
জনজাতিকৰণৰ দাবী : ২২ ছেপ্তেম্বৰত সমদলেৰে ৰাজপথ কঁপাব ৫০,০০০ মটকে

জনজাতিকৰণৰ দাবী : ২২ ছেপ্তেম্বৰত সমদলেৰে ৰাজপথ কঁপাব ৫০,০০০ মটকে

September 16, 2025 3:45 pm
এপষ্টেইনৰ ঘটনাত ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১ লাখ কোটি টকাৰ গোচৰ ড’নাল্ড ট্ৰাম্পৰ

এপষ্টেইনৰ ঘটনাত ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১ লাখ কোটি টকাৰ গোচৰ ড’নাল্ড ট্ৰাম্পৰ

September 16, 2025 3:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

September 16, 2025 4:10 pm
শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

September 16, 2025 3:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd