• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৫ আগষ্টৰ পূৰ্বে বোমা বিস্ফোৰণৰ দাবীক অস্বীকাৰ আলফা(স্বা)ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2023 9:30 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাধীনতা দিৱসৰ পূৰ্বে অসমৰ কমেও ৭টা স্থানত বোমা বিস্ফোৰণ সংঘটিত কৰাৰ পৰিকল্পনাৰ দাবীক অস্বীকাৰ কৰিছে আলফা(স্বা)ই।

উল্লেখ্য যে, তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসে আলফা(স্বা)ই ১৫ আগষ্টৰ পূৰ্বে অসমৰ ৭টা স্থানত বোমা বিস্ফোৰণৰ পৰিকল্পনাৰ কৰাৰ খবৰ লাভ কৰা বুলি সদৰী কৰাৰ পিছতেই এই দাবী আলফা(স্বা)ৰ।

Apply Now

বিভাস দাসৰ এই দাবী খণ্ডন কৰি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃত্তিযোগে আলফাই কয় – “যোৱা ইংৰাজী ১ আগষ্ট ২০২৩ তাৰিখে তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসে উল্লেখ কৰিছে যে, আগন্তুক ১৫ আগষ্টত আমাৰ সংগঠনে ৭টাকৈ স্থানত বোমা বিস্ফোৰণ ঘটোৱাৰ পৰিকল্পনা কৰা বুলি৷ বিভাস দাসৰ উক্ত মন্তব্যক আমি সম্পূৰ্ণৰূপে নস্যাৎ কৰিছোঁ৷ কিয়নো অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ জেৰাই গাঁৱৰ যিগৰাকী শশাংক ৰাজখোৱা নামৰ ব্যক্তিৰ তথ্য সদৰি কৰিছে সেইগৰাকী শশাংক ৰাজখোৱা প্ৰকৃততে চাবুৱা আৰক্ষী থানাৰ পৰিদৰ্শকৰ এগৰাকী চোৰাংচোৱাহে, যিয়ে আমাৰ সংগঠন সংক্ৰান্তীয় প্ৰতিটো বিষয়ত চাবুৱা থানাৰ পৰিদৰ্শকক সহযোগ কৰি অহাৰ উপৰিও আৰক্ষীৰ একাধিক অভিযানত অংশগ্ৰহণ কৰাৰ কথা আমি অৱগত হৈছোঁ৷ গতিকে শশাংক ৰাজখোৱাৰ তথ্যৰ ওপৰত ভৰ দি বিভাস দাসে দিয়া ভাষ্য সম্পূৰ্ণ উদ্দেশ্যপ্ৰণোদিত৷ একেই উদ্দেশ্যেৰে অৰ্থাৎ বিভাগৰ পৰা প্ৰশংসা, বঁটা আৰু পদোন্নতিৰ বাবে দাইচাজান সেনা শিবিৰৰ চিপাহী সীমান্ত চেতিয়া, সঞ্জীৱ বৰুৱা, কৃষ্ণ মৰাণেও যোৱা ২৬ এপ্ৰিলত মাকুম বাইপাছত বোমা সংস্থাপন কৰি আলফা [স্বাধীন]ক বদনাম কৰিবলৈ নিকৃষ্ট ষড়যন্ত্ৰ কৰিছিল৷ উক্ত গোপন ষড়যন্ত্ৰ ফাদিল হোৱাত বিভাস দাসে আটাইকেইগৰাকী সেনা-জোৱানৰ লগতে যুগান্ত মৰাণ নামৰ ছালফা এজনক ধৰি আনি জেৰা চালাই৷ উক্ত জেৰাত তেওঁলোকে সত্য স্বীকাৰ কৰাৰ পিছত তিনিওজন সেনা-জোৱানক স-সন্মানে এৰি দিছিল৷

গতিকে ওপৰত উল্লিখিত বিষয়ত বিভাস দাসৰ নিকৃষ্ট ষড়যন্ত্ৰ যে নাথাকিব সেয়া নুই কৰিব নোৱাৰি৷ সেয়েহে, “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে বিভাস দাসৰ কথাত পতিয়ন নাযাবলৈ থলগিৰি মুক্তিকামী জনগণক আহ্বান জনালোঁ৷”

উল্লেখ্য যে অসমৰ আৰক্ষীয়ে শেহতীয়াকৈ স্বাধীনতা দিৱসৰ পূর্বে আলফা(স্বা)ত নতুন কেডাৰ নিয়োগ কৰাৰ প্রচেষ্টা বিফল কৰে। এই কথা পোহৰলৈ আহে অসমৰ তিনিচুকীয়া জিলাত উলফা-আইৰ এজন প্ৰাক্তন কেডাৰক গ্ৰেপ্তাৰ কৰাৰ পিছত। আটকাধীন কেডাৰজন অসমৰ তিনিচুকীয়া জিলাৰ পেঙেৰী অঞ্চলৰ সুৰজিৎ গগৈ বুলি জানিব পৰা গৈছে। 

জানিব পৰা মতে, সুৰজিৎ গগৈক সংগঠনটোৱে তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা নতুন সদস্য নিযুক্তিৰ দায়িত্ব অৰ্পণ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আই আই টি গুৱাহাটীৰ ডিজাইন বিভাগৰ বাটকটীয়া অধ্যাপক সুধাকৰ নাদকৰ্ণীৰ ৮৮ বছৰ বয়সত দেহাৱসান

আই আই টি গুৱাহাটীৰ ডিজাইন বিভাগৰ বাটকটীয়া অধ্যাপক সুধাকৰ নাদকৰ্ণীৰ ৮৮ বছৰ বয়সত দেহাৱসান

October 20, 2026 2:34 pm
দেশত অস্থিৰতা বিচৰা অপশক্তিৰ সৈতে হাত মিলাইছে একাংশ উচ্চাকাংক্ষী নেতাই: বিজয়া দশমীত মোহন ভাগৱতৰ বিস্ফোৰক অভিযোগ

দেশত অস্থিৰতা বিচৰা অপশক্তিৰ সৈতে হাত মিলাইছে একাংশ উচ্চাকাংক্ষী নেতাই: বিজয়া দশমীত মোহন ভাগৱতৰ বিস্ফোৰক অভিযোগ

October 20, 2026 2:04 pm
২৮ জন বিদেশীৰ বিৰুদ্ধে আমেৰিকাৰ ন্যায় বিভাগৰ কঠোৰ ব্যৱস্থা: নিৰ্বাচনী জালিয়াতিত নাম সাঙোৰ খালে দুই ভাৰতীয়ৰ

২৮ জন বিদেশীৰ বিৰুদ্ধে আমেৰিকাৰ ন্যায় বিভাগৰ কঠোৰ ব্যৱস্থা: নিৰ্বাচনী জালিয়াতিত নাম সাঙোৰ খালে দুই ভাৰতীয়ৰ

October 20, 2026 12:27 pm
মানকাচৰ সীমান্তত ১৩ জন বাংলাদেশী নাগৰিক আটক…

মানকাচৰ সীমান্তত ১৩ জন বাংলাদেশী নাগৰিক আটক…

October 20, 2026 10:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই আই টি গুৱাহাটীৰ ডিজাইন বিভাগৰ বাটকটীয়া অধ্যাপক সুধাকৰ নাদকৰ্ণীৰ ৮৮ বছৰ বয়সত দেহাৱসান

আই আই টি গুৱাহাটীৰ ডিজাইন বিভাগৰ বাটকটীয়া অধ্যাপক সুধাকৰ নাদকৰ্ণীৰ ৮৮ বছৰ বয়সত দেহাৱসান

October 20, 2026 2:34 pm
দেশত অস্থিৰতা বিচৰা অপশক্তিৰ সৈতে হাত মিলাইছে একাংশ উচ্চাকাংক্ষী নেতাই: বিজয়া দশমীত মোহন ভাগৱতৰ বিস্ফোৰক অভিযোগ

দেশত অস্থিৰতা বিচৰা অপশক্তিৰ সৈতে হাত মিলাইছে একাংশ উচ্চাকাংক্ষী নেতাই: বিজয়া দশমীত মোহন ভাগৱতৰ বিস্ফোৰক অভিযোগ

October 20, 2026 2:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd