ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰধান মোহন ভাগৱতে মঙলবাৰে দেশবাসীক সকীয়াই দি কয় যে ভাৰততো ‘শাসন পৰিৱৰ্তন’ৰ বাবে বিভিন্ন প্ৰচেষ্টা চলোৱা হৈছে। নাগপুৰত আয়োজিত আৰ এছ এছৰ বাৰ্ষিক বিজয়া দশমী অনুষ্ঠানত ভাষণ দি ভাগৱতে অভিযোগ কৰে যে দেশক দুৰ্বল কৰিব বিচৰা অপশক্তিসমূহে কিছুমান উচ্চাকাংক্ষী ৰাজনৈতিক নেতাৰ পৰা সমৰ্থন লাভ কৰিছে। ফ্ৰান্স, আলবেনিয়া, নেপাল আৰু বাংলাদেশৰ অস্থিৰতাৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবেই এনে প্ৰচেষ্টা চলোৱা হয় আৰু ই কেতিয়াও দেশৰ মূল সমস্যাসমূহ সমাধান নকৰে।
সংঘ প্ৰধানগৰাকীয়ে উল্লেখ কৰে যে পশ্চিমীয়া দেশসমূহৰ পৰা অস্থিৰতাৰ এক ঢৌ বৈ আহিছে। শাসন পৰিৱৰ্তনক প্ৰায়ে সমস্যাৰ সমাধান হিচাপে উপস্থাপন কৰা হয় যদিও ইয়াৰ জৰিয়তে মূল পৰিস্থিতিৰ কোনো সলনি নহয় বুলি মন্তব্য কৰি তেওঁ কয়, “তেওঁলোকে কয় যে শাসন পৰিৱৰ্তনে পৰিস্থিতি সলনি কৰিব, কিন্তু সেয়া পূৰ্বেও কেতিয়াও হোৱা নাছিল আৰু আজিও হোৱা নাই।” ভাৰতৰ ক্ৰমবৰ্ধমান প্ৰভাৱক লৈ বিশ্বৰ কিছুমান মহাশক্তি শংকিত হৈ পৰিছে আৰু ভাৰতক শক্তিশালী হোৱাত বাধা দিব বিচাৰিছে বুলিও তেওঁ দাবী কৰে। অৱশ্যে সুদৃঢ় নেতৃত্ব, সঠিক নীতি আৰু সমাজৰ সম্মিলিত শক্তিৰ বলত ভাৰতে এনে ষড়যন্ত্ৰসমূহ সফলতাৰে প্ৰতিহত কৰিবলৈ সক্ষম হৈছে বুলি ভাগৱতে স্পষ্ট কৰি দিয়ে।
গণতান্ত্ৰিক সমাজ এখনত সমস্যাৰ বিৰুদ্ধে প্ৰতিবাদ হোৱাটো এক স্বাভাৱিক প্ৰক্ৰিয়া বুলি স্বীকাৰ কৰি ভাগৱতে কয় যে প্ৰতিবাদৰ মূল লক্ষ্য সমাজত বিভাজন বা শত্ৰুতা সৃষ্টি কৰাৰ সলনি সমস্যাৰ সমাধান উলিওৱাহে হ’ব লাগে। প্ৰতিখন উন্নয়নশীল দেশেই প্ৰত্যাহ্বানৰ সন্মুখীন হয় বুলি উল্লেখ কৰি তেওঁ কয় যে আন্দোলনসমূহ কেৱল চৰকাৰ সলনি কৰাৰ বাবে নহয়, বৰঞ্চ সমাধানৰ উদ্দেশ্যে হ’ব লাগে যাতে সমাজত কোনো বিদ্বেষৰ সৃষ্টি নহয়। দেশত অস্থিৰতা বিচৰা শক্তিসমূহে সামাজিক বিভাজন আৰু জনসাধাৰণৰ অসন্তুষ্টিক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে আৰু কিছুমান ৰাজনৈতিক নেতাই ব্যক্তিগত উচ্চাকাংক্ষাৰ বাবেই তেওঁলোকৰ সৈতে হাত মিলাইছে বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে।
উল্লেখযোগ্য যে নিৰ্বাচন আয়োগৰ দ্বাৰা ভোটাৰ তালিকাৰ বিশেষ সংশোধনী আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশত চলি থকা প্ৰতিবাদক লৈ সৃষ্টি হোৱা ৰাজনৈতিক বিতৰ্কৰ মাজতে আৰ এছ এছ প্ৰধানগৰাকীয়ে এই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে এই প্ৰতিবাদক প্ৰকৃততে ‘শাসন পৰিৱৰ্তনৰ যুঁজ’ বুলি অভিহিত কৰাৰ পাছতে বিতৰ্কই তীব্ৰ ৰূপ ধাৰণ কৰিছিল। ইয়াৰ পাছতে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱেও বাংলাদেশ আৰু ফ্ৰান্সৰ অস্থিৰতাৰ সৈতে তুলনা কৰি কিছুমান ভাৰত বিৰোধী গোট আৰু ৰাজনীতিবিদে ৰাজপথত হিংসা বিয়পোৱাৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ তুলিছিল।
শাসকীয় বিজেপিয়ে এই মন্তব্যসমূহক ভিত্তি হিচাপে লৈ বিৰোধী নেতা আৰু আন্দোলনকাৰীসকলৰ বিৰুদ্ধে ৰাজপথৰ প্ৰতিবাদেৰে চৰকাৰ অস্থিৰ কৰাৰ অভিযোগ তুলিছে। আনহাতে, বিৰোধী পক্ষই বিদেশৰ হিংসাত্মক ঘটনাৰ সৈতে কৰা এই তুলনাক নাকচ কৰি কয় যে তেওঁলোকৰ দাবী কেৱল নিৰ্বাচনী স্বচ্ছতা আৰু গণতান্ত্ৰিক অধিকাৰৰ সৈতেহে জড়িত। স্মৰ্তব্য যে ২০২৪ চনত বাংলাদেশত ছাত্ৰ আন্দোলনৰ ফলত শ্বেইখ হাছিনা চৰকাৰৰ পতন ঘটিছিল আৰু ২০২৫ চনৰ ছেপ্টেম্বৰত নেপালত যুৱ প্ৰজন্মৰ হিংসাত্মক প্ৰতিবাদৰ পাছত প্ৰধানমন্ত্ৰী কে পি শৰ্মা ওলিয়ে পদত্যাগ কৰিবলগীয়া হৈছিল। বৰ্তমান ভাৰতৰ ৰাজনৈতিক মহলত চলি থকা প্ৰতিবাদৰ মূল উদ্দেশ্যক লৈ শাসক-বিৰোধীৰ মাজত তীব্ৰ বাকযুদ্ধ অব্যাহত আছে।





