• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তুমুল হুলস্থুলৰ মাজতে লোকসভাত গৃহীত দিল্লী সেৱা বিধেয়ক; বিৰোধীৰ সদন ত্যাগ, নিলম্বিত আপ সাংসদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 4, 2023 7:51 am
207
VIEWS
Share on FacebookShare on Twitter

বিৰোধীৰ তীব্ৰ বিৰোধিতাৰ মাজতে বৃহস্পতিবাৰে লোকসভাত গৃহীত হয় দিল্লী ৰাজধানী অঞ্চল চৰকাৰ (সংশোধনী) বিধেয়ক, ২০২৩। বিধেয়কখনক লৈ দিনজোৰা বিতৰ্কৰ অন্তত লোকসভাত ধ্বনি ভোটেৰে বিধেয়কখন গৃহীত হয়। এই বিধেয়ক গৃহীত হোৱাৰ লগে লগে বিৰোধী সাংসদসকলে সদন ত্যাগ কৰে।

ইয়াৰ পিছতে বিধেয়কখন বিবেচনাৰ বাবে ৰাজ্যসভালৈ প্ৰেৰণ কৰা হ’ব। ৰাজ্যসভাত বিৰোধী দলৰ সংখ্যাগৰিষ্ঠ সাংসদ থকাৰ পাছতো বিধেয়কখন সহজে গৃহীত হোৱাৰ সম্ভাৱনা আছে৷ বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ই বিধেয়কখনৰ বিৰোধিতা কৰিলেও নবীন পাটনায়কৰ বিজু জনতা দল আৰু জগনমোহন ৰেড্ডীৰ ৱাই এছ আৰ কংগ্ৰেছ পাৰ্টিয়ে বিধেয়কখনক সমৰ্থন কৰাৰ সিদ্ধান্ত লয়।

এই বিধেয়কখন আইনত পৰিণত হ’লে দিল্লীত আমোলা নিযুক্তি আৰু বদলিৰ ক্ষমতা হেৰুৱাব দিল্লীৰ নির্বাচিত চৰকাৰে৷ এই ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকিব।

লগতে পঢ়ক: স্বামী কুকি, পত্নী মেইটি; উত্তপ্ত মণিপুৰত দম্পতীয়ে অনাথ শিশুক দিছে প্ৰেম-ভালপোৱাৰ পাঠ

এই বিধেয়ক সন্দৰ্ভত আলোচনাৰ সময়ত অমিত শ্বাহে কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত উল্লেখ কৰা হৈছে যে দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ সৈতে জড়িত যিকোনো বিষয়ত সংসদৰ আইন প্ৰণয়নৰ অধিকাৰ আছে। ইয়াৰ উপৰিও সংবিধানত কেন্দ্ৰক দিল্লীৰ বাবে আইন প্ৰণয়ন কৰিবলৈও অনুমতি দিয়া হৈছে।

তেওঁ লগতে কয় যে আম আদমী পাৰ্টিৰ সৈতে মিত্ৰতাৰ বাবে ‘ইণ্ডিয়া’ৰ মিত্ৰ দলসমূহে দিল্লী সেৱা বিধেয়কৰ বিৰোধিতা কৰিছে। তেওঁ আৰু অভিযোগ কৰে যে আপৰ একমাত্ৰ লক্ষ্য হৈছে ভিজিলেন্স বিভাগৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ অক্ষুণ্ণ ৰখা, যাতে বাংলো নিৰ্মাণৰ দৰে দুৰ্নীতি লুকুৱাই ৰাখিব পাৰে।

দিল্লী সেৱা বিধেয়কৰ আলোচনাত আম আদমি পাৰ্টিৰ একমাত্ৰ লোকসভা সাংসদ সুশীলকুমাৰ ৰিংকুক লোকসভাত নিলম্বন কৰা হয়। তেওঁৰ বিৰুদ্ধে অধ্যক্ষৰ চকীত কাগজ নিক্ষেপ কৰাৰ অভিযোগ উঠিছে। সমগ্ৰ অধিৱেশনৰ বাবে নিলম্বন কৰা হৈছে আপ সাংসদগৰাকীক। ইয়াৰ পূৰ্বে আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক ৰাজ্যসভাত অনুচিত আচৰণৰ বাবে নিলম্বন কৰা হৈছিল।

লগতে পঢ়ক: পঢ়াত মানসিক চাপ! কোটাত পুনৰ উদ্ধাৰ NEET প্ৰত্যাশী ছাত্ৰৰ মৃতদেহ

বৃহস্পতিবাৰে দিল্লী ৰাজধানী অঞ্চল চৰকাৰ (সংশোধনী) বিধেয়ক ২০২৩ৰ লগতে ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা বিধেয়ক ২০২৩ৰ নামো লোকসভাত তালিকাভুক্ত কৰে। এই বিষয়ত সংসদীয় সমিতিৰ বৈঠক অনুষ্ঠিত হয়। বিধেয়কখনৰ বিৰোধিতা কৰি বিৰোধীয়ে বৈঠকৰ পৰা ওলাই আহে। এই বিধেয়কখনকলৈয়ো সংসদৰ দুয়োটা সদনতে উত্তেজনা বৃদ্ধি কৰিব পাৰে বুলি আশংকা কৰা হৈছে।

Recent News

১০ উপ-সভাপতি, ৪ সাধাৰণ সম্পাদকক লৈ ৰাজ্যিক বিজেপিৰ নতুন বিষয়ববীয়াৰ নাম ঘোষণা

১০ উপ-সভাপতি, ৪ সাধাৰণ সম্পাদকক লৈ ৰাজ্যিক বিজেপিৰ নতুন বিষয়ববীয়াৰ নাম ঘোষণা

দিছপুৰ চুপাৰ মাৰ্কেটৰ লজৰ সমীপত মৃতদেহ উদ্ধাৰ, তদন্তত নামিছে আৰক্ষী

দিছপুৰ চুপাৰ মাৰ্কেটৰ লজৰ সমীপত মৃতদেহ উদ্ধাৰ, তদন্তত নামিছে আৰক্ষী

সংকট নামি অহিছে অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত! ছমাহ ধৰি দৰমহা লাভ কৰা নাই ঠিকাভিত্তিক শ্ৰমিকে

সংকট নামি অহিছে অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত! ছমাহ ধৰি দৰমহা লাভ কৰা নাই ঠিকাভিত্তিক শ্ৰমিকে

বৈষম্য দূৰ নকৰাকৈ কোনো দেশেই নিজকে প্ৰকৃত গণতন্ত্ৰ বুলি দাবী কৰিব নোৱাৰে: মুখ্য ন্যায়াধীশ বি আৰ গাভাই

বৈষম্য দূৰ নকৰাকৈ কোনো দেশেই নিজকে প্ৰকৃত গণতন্ত্ৰ বুলি দাবী কৰিব নোৱাৰে: মুখ্য ন্যায়াধীশ বি আৰ গাভাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd