• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

ডুবাইৰ পৰা তেল আভিভলৈ গৈ থকা ফ্লায়ডুবাইৰ বিমানখনত সহ-পাইলটে আক্ৰমণ কৰাৰ পাছতো অদম্য সাহসেৰে যাত্ৰীসকলৰ প্ৰাণ ৰক্ষা কৰা কেপ্তেইন মচ্ছৰক প্ৰশংসাৰে উপচাই দিছে বিশ্বৰ শীৰ্ষ নেতাসকলে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 1, 2026 9:15 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আকাশমাৰ্গত সহ-পাইলটৰ অতৰ্কিত আক্ৰমণৰ সন্মুখীন হৈও অদম্য সাহসেৰে শ শ যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা ফ্লায়ডুবাইৰ ভাৰতীয় মূলৰ পাইলট কেপ্তেইন স্মিত মচ্ছৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘হিৰ’’ আখ্যা দিছে। ডুবাইৰ পৰা ইজৰাইলৰ তেল আভিভলৈ গৈ থকা ফ্লায়ডুবাইৰ ১০৭৩ নম্বৰ বিমানখনত বুধবাৰে সহ-পাইলটগৰাকীয়ে কেপ্তেইন মচ্ছৰক ছুৰীকাঘাত কৰি বিমানখন দুৰ্ঘটনাত পতিত কৰাৰ চেষ্টা চলোৱাৰ সময়তে তেওঁ নিজৰ জীৱন তুচ্ছ কৰি যাত্ৰীসকলক ৰক্ষা কৰিবলৈ সক্ষম হয়। গুৰুতৰভাৱে আহত হোৱাৰ পাছতো তেওঁ প্ৰদৰ্শন কৰা বীৰত্বৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱেও পাইলটগৰাকীক ভূয়সী প্ৰশংসা কৰিছে।

 

Apply Now

প্ৰাপ্ত বাতৰি অনুসৰি, আকাশমাৰ্গত থকা অৱস্থাতে সহ-পাইলটগৰাকীয়ে কেপ্তেইন মচ্ছৰক আক্ৰমণ কৰাৰ ফলত বিমানখনে হঠাতে যথেষ্ট উচ্চতা হেৰুৱাই পেলাইছিল। এই জৰুৰী পৰিস্থিতিত বিমানখনে অপহৰণৰ সংকেত হিচাপে ‘স্কোৱাক ৭৫০০’ প্ৰেৰণ কৰে। লগে লগে ইজৰাইল কৰ্তৃপক্ষই দুখন বায়ুসেনাৰ যুঁজাৰু বিমান সাজু কৰাৰ লগতে জৰুৰী মূল্যায়ন আৰম্ভ কৰে। ইফালে, গুৰুতৰভাৱে আহত কেপ্তেইন মচ্ছৰে আক্ৰমণকাৰীক প্ৰতিহত কৰি ককপিটৰ দুৱাৰ খুলি দিবলৈ সক্ষম হয়, যাৰ ফলত যাত্ৰী আৰু ক্ৰু সদস্যসকলে ভিতৰত প্ৰৱেশ কৰি আক্ৰমণকাৰীজনক কাবু কৰাৰ সুযোগ পায়। পৰৱৰ্তী সময়ত বিমানখন চৌদি আৰৱৰ টাবুক বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰোৱা হয়।

 

সামাজিক মাধ্যম এক্সযোগে প্ৰধানমন্ত্ৰী মোদীয়ে পাইলটগৰাকীৰ দ্ৰুত আৰোগ্য আৰু সুস্বাস্থ্য কামনা কৰি কয় যে চৰম বিপদৰ সময়তো তেওঁ আনৰ জীৱন ৰক্ষাৰ বাবে যি সাহস আৰু দৃঢ়তা প্ৰদৰ্শন কৰিলে, তাৰ বাবে সমগ্ৰ ভাৰত গৌৰৱান্বিত। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱেও এক্সত তেওঁক প্ৰকৃত বীৰ আখ্যা দি কয় যে পাইলটগৰাকীৰ সেই মুহূৰ্তৰ সিদ্ধান্তৰ বাবেই এক বৃহৎ দুৰ্যোগৰ পৰা হাত সাৰিব পৰা গ’ল। আনহাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পেও কেপ্তেইন মচ্ছৰক প্ৰশংসা কৰি প্ৰকাশ কৰে যে নেতানিয়াহুৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ জানিব পাৰিছে যে বিমান চলাবলৈ নজনা এজন প্লাম্বাৰেও বিমানখন চৌদি আৰৱত অৱতৰণ কৰোৱাৰ ক্ষেত্ৰত এক নাটকীয় ভূমিকা পালন কৰিছিল।

 

উল্লেখযোগ্য যে কেপ্তেইন স্মিত মচ্ছৰ বাণিজ্যিক বিমান পৰিবহণ খণ্ডৰ এগৰাকী অতি অভিজ্ঞ পাইলট। বৰ্তমান সংযুক্ত আৰৱ আমিৰশ্বাহীৰ ফ্লায়ডুবাইৰ ডাইৰেক্ট-এণ্ট্ৰি কেপ্তেইন হিচাপে কৰ্মৰত মচ্ছৰৰ ১৩ বছৰতকৈও অধিক সময়ৰ অভিজ্ঞতা থকাৰ লগতে ৯,৭৫০ ঘণ্টাৰো অধিক সময় উৰণৰ অভিলেখ আছে। তেওঁ মূলতঃ বোয়িং ৭৩৭ বিমান চলোৱাত পাৰ্গত। ফ্লায়ডুবাইত যোগদান কৰাৰ পূৰ্বে তেওঁ ভাৰতীয় বিমান প্ৰতিষ্ঠান এটাত এঘাৰ বছৰ ধৰি লাইন ট্ৰেইনিং কেপ্তেইন হিচাপে সেৱা আগবঢ়াইছিল।

 

এই ভয়ংকৰ ঘটনাটোৰ পাছত চৌদি আৰৱত আৱদ্ধ হৈ থকা যাত্ৰীসকলক ফ্লায়ডুবাইৰ এখন বিকল্প বিমানেৰে ইজৰাইললৈ লৈ যোৱা হয়। সংবাদ মাধ্যম চিএনএনৰ প্ৰতিবেদন অনুসৰি, বিমান প্ৰতিষ্ঠানটোৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়া মতে বুধবাৰৰ এই ঘটনাৰ বিস্তৃত তদন্ত বৰ্তমান অব্যাহত আছে আৰু তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ফ্লায়ডুবায়ে সাময়িকভাৱে ইজৰাইললৈ যাতায়াত কৰা সকলো বিমানৰ চলাচল স্থগিত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am
চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

October 1, 2026 6:32 am
সংগীৰ লগত একেলগে বহি খোৱাৰ অভ্যাসেই কমাব পাৰে মধুমেহ! শেহতীয়া গৱেষণাত পোহৰলৈ আহিল আচৰিত তথ্য

সংগীৰ লগত একেলগে বহি খোৱাৰ অভ্যাসেই কমাব পাৰে মধুমেহ! শেহতীয়া গৱেষণাত পোহৰলৈ আহিল আচৰিত তথ্য

October 1, 2026 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd